Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 May, 2022 11:37 AM IST
Turmeric Cultivation in Assam a Profitable Business for farmers

আমাৰ নিত্য প্ৰয়োজনীয় মচলাবোৰৰ ভিতৰত হালধি এবিধ অপৰিহাৰ্য মচলা হিচাপে ব্যৱহৃত হৈ আহিছে। ইয়াৰ উপৰি নানান প্ৰসাধন সামগ্ৰী আৰু ঔষধ প্ৰস্তুতকৰণতো হালধি ব্যৱহৰ কৰা হয়। বিভিন্ন ধৰ্মীয় উত্সৱো হালধি অবিহনে সম্পূৰ্ণ নহয়। হালধিৰ মাটিৰ তলত বাঢ়ি যোৱা (মৃদগত) কাণ্ডভাগক ৰাইজম বুলি কোৱা হয়। এই ৰাইজমত ১.৮ৰ পৰা ৫.৪ শতাংশ কুৰকুমিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে।

ভাৰতবৰ্ষত ১,০৪,৫০০ হেক্টৰ মাটিত হালধি খেতি কৰা হয় আৰু মুঠ উত্পাদন হয় প্ৰায় ৩,২৩,৮০০ টন। অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, উৰিষ্যা, কেৰেলা আৰু বিহাৰত ইয়াৰ  খেতি যথেষ্ট পৰিমাণে হয়। অসমত হালধি খেতি মুঠ ১.০১ হেজাৰ হেক্টৰ মাটিত কৰা হয় আৰু উত্পন্ন হোৱা হালধিৰ পৰিমাণ ৭০০০ টন। অসমত ব্যৱসায়িক ভিত্তিত হালধি খেতি কৰা দেখা নাযায়। খেতিয়কসকলে নিজৰ প্ৰয়োজনীয় হালধিখিনিহে ঘৰতে উত্পন্ন কৰি লয়। আমাৰ কৃষকসকলে যদি উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ লয় তেতিয়া হালধিৰ দ্বাৰা যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰিব।

হালধি খেতি বিভিন্ন প্ৰকাৰৰ মাটিত কৰিব পাৰি যদিও বালিচহীয়া মাটি বাছনি কৰিব লাগে যাতে পানী জমা হৈ নাথাকে। হালধি ৰুবলৈ ব্যৱহাৰ কৰা মাটিডোখৰত যথেষ্ট পৰিমাণে জৈৱসাৰ থকাটো অতি আৱশ্যকীয়। ইয়াৰ খেতি সমতল তথা পাহাৰীয়া মাটিত কৰিব পাৰি। হালধিক বছৰি দৰকাৰ হোৱা বৰষুণ আৰু উষ্ণতাৰ পৰিমাণ ক্ৰমে ১৫০ ছেঃ মিঃৰ পৰা ২২৫ ছেঃ মিঃ আৰু ২০-৩০ চেলছিয়াছ।

হালধিৰ বহুতো উন্নত জাত আছে আৰু এইসমূহ শস্যকালৰ ওপৰত নিৰ্ভৰ কৰি তিনিভাগত ভগোৱা হৈছে, যেনে- হ্ৰস্বকালীন (৭ মাহ), মধ্যকালীন (৮ মাহ) আৰু দীৰ্ঘকালীন (৯ মাহ) জাত। আমাৰ অসমত সঘনে ব্যৱহাৰ হোৱা জাত কেইবিধমান হ’ল- শ্বিলং জাত, টলক্ল’ন, চি এল-২৪, পি টি চি-৩৮, পি টি চি-১৩ আৰু ডি কে-১৪৫। ইয়াৰ উপৰি বিভিন্ন ৰাজ্যৰ বাবে অনুমোদিত জাতসমূহ হ’ল- ৰশ্মি, ৰ’মা, শোভা, সুদৰ্শনা, সুগন্ধম, সুগুণা, সুৱৰ্ণ আৰু বি এছ আৰ-১।

হালধি খেতিত ৰোৱা সামগ্ৰী হ’ল ৰাইজম। মাতৃ ৰাইজম নতুবা ঠেঙুলি ৰাইজম যিকোনো এটাই ব্যৱহাৰ কৰিব পাৰি। ৰাইজমবোৰ নিৰোগী আৰু সবল হোৱা উচিত। জয়’থেন এম ৪৫ নামৰ ভেঁকুৰনাশক ঔষধবিধৰ ৩ গ্ৰাম ১ লিটাৰ পানীত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লৈ ৰাইজমবোৰ এনে মিশ্ৰণত আধা ঘণ্টামান ডুবাই ৰাখিলে ৰাইজমবোৰৰ শোধন হয়। এনেদৰে শোধন কৰিলে হালধিৰ ৰাইজম পচা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। শোধন কৰাৰ পাছত ৰাইজমবোৰ ভালদৰে ছাঁত শুকুৱাই লৈ আগতে তৈয়াৰ কৰি ৰখা ভেটিত ৰুব লাগে। এক হেক্টৰ মাটি ৰুবৰ কাৰণে ২৫ কুইণ্টল পৰিমাণৰ ৰাইজমৰ প্ৰয়োজন। ৰোৱাৰ সময় হ’ল এপ্ৰিল মাহ।

লগতে পঢ়ক-উন্নত প্ৰজাতিৰ হালধি খেতি আৰু ইয়াৰ কৃষি প্ৰণালী-

English Summary: Turmeric Cultivation in Assam a Profitable Business for farmers
Published on: 27 May 2022, 11:37 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now