1. উদ্য়ানশস্য়

উন্নত প্ৰজাতিৰ হালধি খেতি আৰু ইয়াৰ কৃষি প্ৰণালী-

KJ Staff
KJ Staff
উন্নত প্ৰজাতিৰ হালধি খেতি
উন্নত প্ৰজাতিৰ হালধি খেতি

জাত

শ্বিলং টাইপ, টলক্ল’ন, চি এল ২৪, পি টি এচ ৩৮, পি চি টি ১৩, ভি কে ১৪৫

জাতসমুহৰ বৰ্ণনা

শ্বিলং টাইপ: গছবোৰ ১৪০-১৮০ চে: মিটাৰ ওখ হয়, প্ৰত্যেক হালধি জোপাৰ পৰা ২-৩টা পোখা মেলে, প্ৰত্যেক পোখাতে ৬-৯টা উজ্জল সেউজীয়া ৰঙৰ পাত মেলে, পোখাবোৰ যথেষ্ট মজবুত, ৰঙচুৱা; মাতৃ শিয়াবোৰ সৰু আৰু গোটেই গছ জোপাৰ ২৪ শতাংশ এই পোখাবোৰেই আবৰি ধৰে৷ কৃষিকাল ২৫৫ দিনৰ ভিতৰত, কেঁচা হালধিৰ পৰা ১৬ শতাংশহে শুকান হালধি পাব পাৰি৷ কলেট্ৰ’টিকাম জাতীয় বেক্টেৰীয়াৰ পৰা হব পৰা পাতৰ দাগৰ পৰা এই জাত হালধি অতিকৈ সহনশীল ৷

ট’লক্ল’ন:  গছবোৰ ১৬০-১৯০ চে: মিটাৰ ওখ হয়, প্ৰত্যেক জোপা হালধি পৰা ২-৩টা পোখা মেলে, প্ৰত্যেক পোখাৰ পৰা ৫-৮ টা পাত ওলায় আৰু হালধিবোৰ শকত, ৰঙচুৱাৰ পৰা হালধীয়া ৰঙৰ, কৃষিকাল ২১০-২৮০ দিনৰ ভিতৰত শেষ হয়, কেঁচা হালধিৰ পৰা ১৭ শতাংশ মানহে শুকান হালধি পাব পাৰি৷ টাফৰিণাৰ পৰা হব পৰা পাতত দাগ পৰা বেমাৰৰ বাবে এই জাতটো শেষৰফালে বৰ অসহনশীল৷

চি এল ২৪: হস্ৰম্যাদী জাত, গড়ে ২৬.৩৫ শতাংশ শুকান হালধি পাব পাৰি, গড়ে ১১.৬০ টন প্ৰতি হেক্টৰত শুকান হালধি উত্পাদন হয়৷ ৮.৫৫ শতাংশ কাৰকুমিন পোৱা যায়৷ সতেজ বা কেঁচা হালধিৰ উত্পাদন গড়ে ৫৪ টন প্ৰতি হেক্টৰত পাব পাৰি৷ প্ৰায় বিলাক পোক পৰুৱা আৰু বেমাৰৰ প্ৰতি এই জাতটো বেচ সহনশীল৷

পি টি চি ৩৮: হস্ৰম্যাদী জাত আৰু ২৪ শতাংশ কিউৰিং দিব পৰা, গড়ে ১২.১৫ টন প্ৰতি হেক্টৰত কিউৰিং হালধি পোৱা যায় আৰু ৫.৭৫ শতাংশ কাৰকুমিন পোৱা যায় ৷ সতেজ বা কেঁচা হালধিৰ উত্পাদন গড়ে ৫৪ টন প্ৰতি হেক্টৰত পাব পাৰি৷ প্ৰায় বিলাক পোক পৰুৱা আৰু বেমাৰৰ প্ৰতি এই জাঁতটো বেচ সহনশীল৷

পি চি টি ১৩: হস্ৰম্যাদী জাত আৰু ১৭.১৫ শতাংশ কিউৰিং দিব পৰা, কেঁচা হালধিৰ উত্পাদন গড়ে ৬৬ টন প্ৰতি হেক্টৰত আৰু ৪৮ টন কাৰকুমিন প্ৰতি হেক্টৰত পোৱা যায়৷ এই জাতটোও প্ৰায়বোৰ পোক পৰুৱা আৰু বেমাৰৰ প্ৰতি বেচ সহনশীল৷

মাটি নিৰ্বাচন

পানী বন্ধ নোহোৱা বালিচঁহীয়া বা পলসুৱা মাটি এই খেতিৰ বাবে প্ৰয়োজন৷

বীজৰ বা বীজৰ বাবে ৰখা হালধিৰ পৰিমান:

২৫ কুইন্টল প্ৰতি হেক্টৰত ৷

ৰোৱাৰ সময়:

এপ্ৰিল মাহৰ ভিতৰত হালধি ৰোব লাগে ৷

ব্যৱধান:

শাৰীৰ পৰা শাৰীলৈ ব্যৱধান ৪৫ চে: মিটাৰ আৰু গছৰ পৰা গছলৈ ২৫ চে:মিটাৰ ৷
হালধিবোৰ লোৰ খান্দি ১০ চে: মিটাৰ মান দ'ত ৰোব লাগে ৷

সাৰ প্ৰয়োগ:

পচন সাৰ ২০ টন, নাইট্ৰোজেন ৩০, ফছফৰাছ ৫০, পটাছ ৬০ কিলোগ্ৰামকৈ প্ৰতিটো সাৰ প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে৷ ইয়াৰে পটাছৰ আধা অংশ আৰু বাকী থকা পচন সাৰ আৰু ফছফৰাছৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে৷ আধা অংশ নাইট্ৰোজেন আৰু বাকী থকা পটাছ সাৰ তিনিমাহৰ পিচত যেতিয়া প্ৰথমবাৰ মাটি চপোৱা হয় তেতিয়া প্ৰয়োগ কৰিব লাগে৷ থাকি যোৱা আধা অংশ নাইট্ৰোজেন যেতিয়া ৪ মাহৰ পিছত দ্বিতীয় বাৰৰ বাবে মাটি চপোৱা হয় তেতিয়া প্ৰয়োগ কৰিব লাগে৷ পাহাৰীয়া অঞ্চলৰ বাবে নাইট্ৰোজেন ৯০, ফছফৰাছ ৫০ আৰু পটাছ ৬০ কিলোগ্ৰামকৈ প্ৰতি প্ৰতি হেক্টৰৰ বাবে অনুমোদিত ৷

পৰিচর্য্যা:

আচ্ছাদন : প্ৰথম আচ্ছাদন ৰোৱাৰ পিছতে যি কোনো সুবিধাজনক আচ্ছাদনৰ সামগ্ৰীৰে আৰু দ্বিতীয় বাৰ ৰোৱাৰ ৪০ দিনৰ পিছত দিব লাগে৷

জলসিঞ্চণ: খৰাং বতৰত ১৫ দিনৰ ব্যৱধানত জলসিঞ্চণৰ ব্যৱস্হা কৰিব লাগে ৷

অপতৃণ নিয়ন্ত্ৰণ: প্ৰথমবাৰ বনবাত নিৰোৱাৰ উপযুক্ত সময় হ’ল ৰোৱাৰ পৰা ৪০ দিন মান পিছত মানে দ্বিতীয় বাৰ আচ্ছাদন দিয়াৰ আগে আগে ৷

মাটি চপোৱা : বনবাত নিৰোৱাৰ লগে লগে গছৰ গুৰিত মাটিও চপাই দিব লাগে ৷

শস্য ৰক্ষা:

ডাইমেক্ৰণ ০.০৬ শতাংশ (৬ মি: লিটাৰ ঔষধ প্ৰতি লিটাৰ পানীত মিহলাই) প্ৰয়োগ কৰিলে মাটিত থকা চাঁহিপোক, পাতমেৰুৱা পোক আৰু মজাখোৱা পোকৰ পৰা হাত সাৰিব পাৰি ৷

পাতত দাগ পৰা বেমাৰৰ পৰা হাত সাৰিবলৈ বৰদ’ মিশ্ৰণ নতুবা জিনেব বা মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰত) ১৫ দিনৰ ব্যৱধানত বেমাৰ দেখা পোৱাৰ পৰা স্প্ৰে কৰিব লাগে ৷

শিপা বা হালধি পঁচা বেমাৰ:
(ক) এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে পথাৰৰ পৰা পানী ওলায় যাব পৰা ব্যৱস্হা কৰিব লাগে ৷
(খ) প্ৰতিষেধক ব্যৱস্হা হিচাপে পোখাবোৰ মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা মেটালেক্সিল আৰু মেনক’জেব ৭৫ ডব্লিও পি মিশ্ৰণ ০.৩ শতাংশ ৰোৱাৰ বা সংৰক্ষণ কৰাৰ আগেয়ে ব্যৱহাৰ কৰিব লাগে ৷
(গ) বেমাৰ হোৱা অংশত মেনক’জেব ৭৫ ডব্লিও পি ২ গ্ৰাম প্ৰতি লিটাৰ পানীত বা কেপটাফল জাতীয় ঔষধেৰে ধুই বা ঢালি দিব লাগে ৷

শস্য চপোৱা আৰু ইয়াৰ তত্ত্বাৱধান:

পাতবোৰ যেতিয়া লাহে লাহে হালধীয়া পৰিবলৈ ধৰে আৰু গছবোৰ ক্ৰমান্বয়ে শুকাবলৈ আৰম্ভ কৰে তেতিয়া হালধি চপাব পাৰি বা লাগে৷ তাৰ পিছত হালধিবোৰৰ আঙুলিবোৰ গা-গছৰ পৰা পৃথক কৰি ভালকৈ ধুই ৰ’দত এদিন শুকাবলৈ দিব লাগে৷

উৎস-অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-Watercress: প্ৰচুৰ ভিটামিন সমৃদ্ধ হালীম শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক

English Summary: Various Types Turmeric Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.