1. উদ্য়ানশস্য়

কেনেদৰে কৰিব মিঠা আলুৰ খেতি?

KJ Staff
KJ Staff

আমাৰ সকলোৰে পৰিচিত খাদ্য মিঠা আলু। খাবলৈ মিঠা হয় বাবেই এই আলুবিধক মিঠা আলু বুলি কয়। সাধাৰণতে মিঠাআলু সিজাই অথবা পুৰি খোৱা হয়।

মাটি আৰু জলবায়ুৰ প্ৰয়োজনীয়তা

মিঠা আলু বহু প্ৰকাৰৰ মাটিত খেতি কৰিব পাৰি৷ মাটিডোখৰত পানী জমা হব নালাগে৷ আলতীয়া মাটিৰ বাহিৰে সাৰুৱা পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী৷ গৰম সেমেকা আৰু ২২ ডিগ্ৰী চেলচিয়াচ উষ্ঞতাৰ বতৰ এই খেতিৰ বাবে প্ৰয়োজন৷ এই খেতিয়ে খৰাং বতৰ সহ্য কৰিব পাৰে৷ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা মিঠা আলুৰ খেতিৰ বাবে বছৰি ১৭৫-১৫০ চে:মিটাৰ বৰষুণ হোৱা আৰু সমপৰিমানে সিঁচৰিত হোৱা অৱস্হাহে অনুকুল হয়৷

জাত

  1. পুচা ৰেড(গড় উত্পাদন :২৪টন/হেক্টৰত)

  2. কালমেঘ(গড় উত্পাদন :৩০টন/হেক্টৰত)

  3. ডেৰগাঁও হোৱাইট(গড় উত্পাদন :২২টন/হেক্টৰত)

  4. ডেৰগাঁও ৰেড(গড় উত্পাদন :২০টন/হেক্টৰত)

মাটি প্ৰস্তুতি

মাটি ডোখৰ ভালদৰে হাল বাই সমান কৰি ২৫-৩০ চে:মিটাৰ দকৈ লোৰ খান্দি লব লাগে৷ লোৰবোৰৰ ব্যৱধান ৬০-৭৫ চে:মিটাৰ হব লাগে আৰু মিঠা আলুৰ গছবোৰ/টুকুৰাবোৰ (পুলিবোৰ) ওখকৈ তৈয়াৰ কৰা ভেটিত ৰোব লাগে ৷

ৰোৱাৰ সময়

বৰষুণৰ ওপৰত নিৰ্ভৰশীল মিঠা আলুৰ খেতি মে-জুন মাহৰ ভিতৰত ৰোব লাগে আৰু দ্বিতীয় খেতি চেপ্তেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত ৰোব পাৰি৷ (ৰোৱাৰ ১০৫ দিনৰ ভিতৰত চপাব পৰা)৷ জলসিঞ্চন থকা মাটিত অক্টোবৰ-নবেম্বৰ মাহৰ ভিতৰত ৰুব পৰা যায়৷

ৰোপন সামগ্ৰী ৰোৱাৰ প্ৰণালী

মিঠা আলুৰ পূৰঠ লতাবোৰক টুকুৰা টুকুৰকৈ কাটি (Vine Cutting) ৰোপন সামগ্ৰী হিচাবে ব্যৱহাৰ কৰা হয়৷ এই লতাবোৰ দুই তিনিটা গাঠি ৰাখি ২০-২৫ চে:মিটাৰ দীঘলকৈ কাটি টুকুৰা কৰা হয় আৰু টুকুৰাবোৰ ওখ ভেটি তৈয়াৰ কৰি ২০-৩০ চে:মিটাৰ ব্যৱধানত ভেটিত ৰোপন কৰা হয়৷ ৰোপন কৰিবৰ সময়ত লতাৰ টুকুৰাবোৰৰ দুয়োটা মুৰ উলিয়াই ৰাখি মাজডোখৰহে মাটিত ৰোপন কৰিব লাগে৷ এক হেক্টৰ মাটিত ৰোবৰ বাবে প্ৰায় ৫০,০০০-৬২,০০০ টামান টুকুৰাৰ প্ৰয়োজন হয়৷ ৰোৱাৰ সময়ত মন কৰিব লাগে যাতে মাটি ডোখৰত জীপ থাকে ৷ মিঠা আলু শস্যই যিহেতুকে পানী জমা হোৱা মাটি সহ্য কৰিব নোৱাৰে গতিকে লতা ৰোৱাৰ পাছত বাৰিষা অতিৰিক্ত পানী ওলায় যাব পৰাকৈ পথাৰৰ মাজে মাজে নলাৰ ব্যৱস্হা কৰিব লাগে৷

সাৰ প্ৰয়োগ

মিঠা আলুৰ শস্যই পৰ্য্যাপ্ত পৰিমানে মাটিৰ পৰা সাৰ সংগ্ৰহ কৰে, গতিকে অধিক উৎপাদন পাবলৈ হ’লে নিয়মিত সুষম সাৰ মাটিত প্ৰয়োগ কৰিব লাগে৷ গোবৰ নাইবা পচন সাৰ হেক্টৰে প্ৰতি ১০ টন বা প্ৰতি বিঘাত ১.৫ টন মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব লাগে ৷ প্ৰতি হেক্টৰ মাটিৰ বাবে নাইট্ৰোজেন ৭৫ কি:গ্ৰাম, ফছফৰাছ ৫০ কি:গ্ৰাম আৰু পটাছ ৭৫ কি:গ্ৰাম নাইবা প্ৰতিবিঘাত নাইট্ৰোজেন ১০ কি:গ্ৰাম, ফছফৰাছ ৬.৫ কি:গ্ৰাম আৰু পটাছ ১০ কি:গ্ৰামৰ প্ৰয়োজন হয়৷

পৰিচৰ্য্যা

ৰোৱাৰ ৪-৫ সপ্তাহৰ পিছত শস্য ডৰাৰ পৰা বনবাত নিৰাই দিব লাগে আৰু গছৰ গুৰিত মাটি চপাই দিব লাগে ৷ এই সময়তে ৰাসায়নিক সাৰৰ বাকী থকা অংশও প্ৰয়োগ কৰিব পাৰে ৷ গছবোৰ মাজে সময়ে লৰায় থাকিলে গছৰ শিপাত অনাৱশ্যকভাৱে বাঢ়িবলৈ লোৱা আলুবোৰ বঢ়াত সহায়ক হয়৷ ৰোৱাৰ ৩০ আৰু ৪৫ দিনৰ পিছত গছত চি চি চিৰ ১০০০ পি পি এম দ্ৰৱ্ স্প্ৰে কৰিলে গছৰ উৎপাদন ২৫ শতাংশলৈ আৰু বঢ়াব পাৰি৷

মিশ্ৰিত শস্য

বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত সেউজ সাৰ(Green manure)ৰ বীজ সিঁচি থব পাৰে৷ এনে কৰিলে আলু চপোৱাৰ পিছত সেউজ সাৰৰ গছবোৰ কাটি মাটিৰ লগত মিহলাই দিলে মাটিৰ উৰ্বৰতা বাঢ়িব আৰু পিচৰ বাৰ মিঠা আলুৰ খেতিৰ বাবে সহায়ক হব ৷ এনে কৰিলে পিচৰ বাৰ খেতি কৰিলে তাত পচনসাৰ বা পামজাত সাৰৰ প্ৰয়োগ কমকৈ বা প্ৰয়োগ নকৰিলেও হব৷

শস্য ৰক্ষা

মিঠা আলুৰ অনিষ্টকাৰী পোকৰ ভিতৰত ফুটা কৰাই(Weevil) প্ৰধান৷ এই পোকে আলুবোৰ ফুটা কৰি মাজলৈকে সোমায় যায় আৰু আলু আৰু পাত খাই নষ্ট কৰে ৷ ৰোপন সামগ্ৰী বোৰ (লতাৰ টুকুৰা) ৰোৱাৰ আগেয়ে ১ মি: লিটাৰ চুমিথিয়ণ ঔষধ ১ লিটাৰ পানীৰ মিশ্ৰণত ১০ মিনিট মান দুবাই ৰাখিব লাগে ৷

পোকে শস্যত বেছিকৈ আক্ৰমণ কৰিলে ২ মি:লিটাৰ মালাথিয়ন নাইবা ০.৫ মি:লিটাৰ ডাইমেক্ৰণ ঔষধ ১ লিটাৰ পানীত মিহলাই ২৫ দিনৰ ব্যৱধানত ৩-৪ বাৰ মান ৰোৱাৰ এমাহৰ পিচত স্প্ৰে কৰিব লাগে ৷

মাটি প্ৰস্তুত কৰোতে মালাথিয়ণ ৫ শতাংশ শক্তিৰ পাউদাৰ মাটিত প্ৰয়োগ কৰিলেও ভৱিষ্যতে ৰঙা পৰুৱা বা উঁই পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷

শস্য চপোৱা

জাতৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি শস্য ৰোৱাৰ ৩.৫-৪ মাহৰ ভিতৰত শস্য চপাব পৰা হয়৷ গছৰ পাতবোৰ যেতিয়া হালধীয়া পৰিবলৈ আৰম্ভ কৰে তেতিয়া শস্য ডৰা চপাবৰ ব্যৱস্হা কৰিব লাগে৷

উৎপাদন: হেক্টৰে প্ৰতি ২০-৩০ টন

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-জান-জুৰি, বিল আদিত কেনেদৰে বিয়পি পৰিল পানী মেটেকা?

English Summary: Know About Sweet Potato Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.