1. অন্যান্য

ৰ’দ-বৰষুণ নলগোৱাকৈ, ঘৰ্মাক্ত পৰিশ্ৰম নকৰাকৈ কেনেকৈ কৰিব খেতি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
unseasoned Farming in Polihouse & Green house
unseasoned Farming in Polihouse & Green house

সাধাৰণতে আমাৰ যুৱক-যুৱতীসকলে খেতি নকৰাৰ মূলতে থকা এটা প্ৰধান কাৰণ হ’ল-  ঘৰ্মাক্ত পৰিশ্ৰম আৰু শংকা। কিন্তু এই দুইটা পৰা আপোনাক ৰেহাই দিব আজি আমি আলোচনা কৰিবলৈ লোৱা এই কৃষি পদ্ধতিটোৱে। এই পদ্ধতিৰে উন্নত দেশত যুৱক-যুৱতীসকলে হাইড্ৰপনিক পদ্ধতিৰে খেতি, পলিহাউচ ফাৰ্মিং, গ্ৰীন হাউচ ফাৰ্মিং আদি পদ্ধতিৰে খেতি কৰে। এই পদ্ধতিসমূহেৰে খেতি কৰোতে তেওঁলোকৰ গাত বোকা নালাগে, বৰষুণত তিতিব নালাগে, ৰদত ঘাম উলিয়াই পৰিশ্ৰম কৰিব নালাগে। লগতে প্ৰাকৃতিক দুৰ্যোগ, কীট-পতংগ আদিয়েও আপোনাৰ কৃষিক অনিষ্ট কৰিব নোৱাৰে।

আপোনালোক বা আমি বিদেশ বা বহি:ৰাজ্যত দেখা এই কৃষি পদ্বতিৰে আমি অসমত কৰিব নোৱাৰো নেকি! অসমত সম্ভৱ নহয় নেকি! নিশ্চয় সম্ভৱ। আপুনি মই নজনাকৈ অসমৰ বহুকেইজন কৃষকে এনেদৰে কৰি আছে। তাৰ ভিতৰত ধেমাজিৰ শ্ৰীপানী পালেঙীৰ কৃষক দেৱজিত চাংমাই অন্যতম আমি লগ পোৱা কৃষকসকলৰ ভিতৰত। তেওঁ গ্ৰীনহাউচত, পলিহাউচত ৰদ বৰষুণ নলগোৱাকৈ, গাৰ তেজ পানী নকৰাকৈ খুব সুন্দৰভাৱে কম ঠাইতে কিছুমান খেতি কৰি আছে। বৰ্তমান তেওঁ পলিহাইচত বেঙেনা, ভোট জলকীয়া, বিলাহী আদিৰ খেতি কৰি আছে। আমি সকলোৱে জানো ভোট জলকীয়া, বেঙেনা, বিলাহী আদি অসমত বাৰিষা কালত নহয়। বাৰিষাকালত প্ৰয়োজন হোৱা এই শাক-পাচলিৰ বেছি শতাংশই অসমৰ বাহিৰৰ পৰা আহে। আৰু সেই সময়ত এই অবতৰীয়া শাক-পাচলিসমূহৰ দাম বৃদ্ধি হয়। কৃষক দেৱজিত চাংমায়ে এই দিশটোত গুৰুত্ব আৰোপ কৰি পলি হাইচত খেতি কৰিছে। কম ঠাইত কৰিছে কিন্তু বেছি উপাৰ্জন কৰিব। আজি যদি বিলাহী ৪০ টকা কেজিকৈ কৃষকে পাই আছে পাইছে কিন্তু কৃষক দেৱজিত চাংমায়ে অবতৰত উলিয়াই ৮০ টকা পাব।

আমি সকলোৱে জানো, পলিহাউচ বা গ্ৰীণহাউচত প্ৰাকৃতিক দুৰ্যোগ একো অনিষ্ট কৰিব নোৱাৰে। গতিকে কোনো শংকা নাই। ফল লাভ কৰিবই। মুকলি পথাৰত থকা বৰষুণ, ৰ’দ,  পানী, কীট-পতংগৰ সমস্যাবোৰ পলিহাউচ বা গ্ৰীণ হাইচত নাথাকে। এইবোৰ সমস্যাত পলিহাউচত কৃষকজনৰ নিজৰ অনুকুলে থাকে। নিজেই সমাধান কৰিব পাৰে।  আমাৰ ক’বলগীয়া কথাটো হ’ল- যিসকল যুৱক-যুৱতীয়ে ৰ’দ-বৰষুণলৈ, ঘৰ্মাক্ত পৰিশ্ৰমলৈ ভয় কৰি খেতি নকৰে তেওঁলোকে পলিহাউচ, গ্ৰীণ হাউচৰ ভিতৰত খেতি কৰিব পাৰে। আমি পুনৰ কৈছো- বিদেশৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলে এনেদৰে খেতি কৰে। আমাৰ শিক্ষিত যুৱক-যুৱতীসকলেও ঘাম বা কঠোৰ শাৰিৰীক পৰিশ্ৰমলৈ ভয় নকৰি দেৱজিত চাংমাইৰ দৰে বা বিদেশৰ যুৱক-যুৱতীসকলৰ দৰে পলিহাউচ, গ্ৰীণ হাউচৰ খেতিক জীৱিকা হিচাপে ল’ব পাৰে।

লগতে পঢ়ক- 

Drought tolerant : খৰাং পথাৰত কৰক এই ২ বিধ উন্নতজাতৰ ধানৰ খেতি

সময় সলনি হৈছে। দিনক দিনে কৃষিভূমি কমি আহিছে। জনসংখ্যা বাঢ়ি আহিছে। তেনে পৰিস্থিতিত গ্ৰীন হাউচ-পলিচ হাউচৰ খেতিয়েই পৰৱৰ্তী সময়ত অধিক প্ৰাসংগিক হৈ পৰিব। খেতি বুলিলে এতিয়া পথাৰত গৰু হাল লৈ, তল পোন মাৰি কঠোৰ পৰিশ্ৰম কৰাই নহয়। সম্প্ৰতি অন্য ক্ষেত্ৰৰ দৰে কৃষিক্ষেত্ৰলৈয়ো ব্যাপক পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনৰ লগত মিলি যাবলৈ কৃষিক্ষেত্ৰলৈ যি যি পৰিৱৰ্তন আহিছে এইবোৰত মনোনিবেশ কৰিলে কৃষিক্ষেত্ৰখনতো জীৱিকাৰ নতুন পথ বিচাৰি পাব বহুলোকে।

লগতে পঢ়ক- 

Assam kids Farmer : জন্মদিনত কেক কটাৰ সলনি গছ পুলি ৰোৱা কণমানিটো

English Summary: Unseasoned Farming in Polihouse & Green house

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.