1. এগ্ৰিপেডিয়া

জান-জুৰি, বিল আদিত কেনেদৰে বিয়পি পৰিল পানী মেটেকা?

KJ Staff
KJ Staff
Water Hyacinth
Water Hyacinth

পানী মেটেকা এবিধ পানীত গজা সুন্দৰ বেঙুনীয়া ফুলৰ গছ৷ এই গছত লগা ফুলৰ প্ৰতি আকৰ্ষিত হৈ এইবিধ গছক স্থানীয় বাসস্থান দক্ষিণ আমেৰিকাৰ পৰা নানান ঠাইলৈ কঢ়িয়াই নি সৰু পুখুৰী, জান, জুৰি আদিত মেলি দিছিল৷ কিছু সময়ৰ গতিত এইবিধ গছে জান, জুৰিৰ পৰা বিল আৰু ডাঙৰ নদ নদীত সিচঁৰিত হৈ পৰিল আৰু বংশ বৃদ্ধি কৰি পানী মেটেকা চৌদিশে বিয়পি পৰিল৷ বৰ্ত্তমান ভাৰতবৰ্ষত প্ৰায় ২,০০,০০০ হেক্টৰ মাটি পানী মেটেকাই আবৰি আছে৷ পানী মেটেকা বৰ টান উদ্ভিদ আৰু  সতকাই বিনাশ নহয়, আন সকলো পানীত থকা গছ বন মাৰি ইহঁতে অতি সহজেই পানীত বংশ বিস্তাৰ কৰিব পাৰে৷ বৰষুণৰ বতৰত ইহঁতে সুন্দৰকৈ বাঢ়ি আহে আৰু একে লেঠাৰিয়ে খৰ মাৰি থাকিলেও ইহঁত বাচি থাকিব পাৰে৷ পানী মেটেকা আজি গোটেই বিশ্বতেই বিয়পি পৰিছে৷

এই বিধ জলজ উদ্ভিদৰ নিয়ন্ত্ৰণৰ কথা চিন্তা কৰাৰ লগে লগে ইয়াৰ দ্বাৰা পোৱা উপকাৰ সমূহৰ বিষয়ে কিছু উল্লেখ কৰাটো দৰকাৰ৷ পানী মেটেকাৰ ৰাসায়ণিক বিশ্লেষণত পটাচ, নাইট্ৰজেন, ফচফৰাচ আদিৰ উপস্হিতি পোৱা গৈছে৷ গতিকে ই কৃষি উৎপাদনত জৈৱসাৰ হিচাপে অৰিহনা যোগাইছে৷ পানী মেটেকাৰ লহপহকৈ বাঢ়ি অহা গছৰ পৰা জৈৱিক গেছ, উৎপাদন কৰিব পাৰি ও জীৱ জন্তুৰ আহাৰ হিচাপে ব্যৱহাৰ হয়৷

অন্যহাতে অপকাৰৰ ফালৰ পৰা চাবলৈ হ’লে অসমৰ বহুতো হাজাৰ হাজাৰ বিঘা ধান খেতিৰ উপযুক্ত মাটি পানী মেটেকাই পতিত কৰি ৰাখিছে৷ বাৰিষা কালত নৈৰ ওপৰত দলং, সাকো আদি ক্ষতি সাধন কৰি ৰাজ্যখনৰ অৰ্থনীতিটো প্ৰভাৱ পেলাই আহিছে৷ জলসিঞ্চনৰ নলী বিলাকেদি পানী বৈ যোৱাত বাধা দিয়ে, বিল, পুখুৰী আদিত বৰোধান খেতি পথাৰত পানী মেটেকাই আবৰি ধৰি খেতিৰ অনুপযোগী কৰি তুলিছে৷ বিল, পুখুৰী আদিত মাছ পুহিবলৈ অনুপযোগী কৰি তুলিছে৷ খাল বিলৰ আবদ্ধ হৈ থকা পানী মেটেকাত মেলেৰীয়া, এনকেফেলিটিচ আদি ৰোগ সমূহৰ বীজানুৱে বংশ বিস্তাৰ কৰিবলৈ সুবিধা হয়৷ পানী মেটেকাৰ পৰা হোৱা এনে অপকাৰ সমূহৰ কাৰণে ইহঁতক বিনাশ কৰিবলৈ নানান চেষ্টা চলি আহিছে৷ হাতেৰে তুলি এইবিধ জলজ উদ্ভিদক আতৰোৱাটো অতি কষ্টকৰ৷ আনহাতে ৰাসায়নিক দ্ৰব্য সমূহৰ কাৰণে খৰচো যথেষ্ট কৰিব লগা হয়৷

সময়ৰ গতিত জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিৰ দ্বাৰা অপতৃৰ্ণ পানী মেটেকা নিয়ন্ত্ৰণৰ কৌশল আহি পৰিল৷ সাধাৰণতে অপতৃৰ্ণ সমূহ হয় বাবেই নতুন পৰিবেশত এই নতুন গছ সমূহ লহপহকৈ বাঢ়ি আহে যিহেতু ইহঁতৰ প্ৰাকৃতিক শত্ৰু নতুন পৰিবেশত নাথাকে৷ গতিকে জৈৱনিয়ন্ত্ৰণ পদ্ধতিৰ দ্বাৰা এনে অপতৃৰ্ণ সমূহ নিয়ন্ত্ৰণ কৰাৰ কৌশলটো অতি কম খৰছতে সম্পন্ন হয় আৰু এই নতুন পদ্ধতিটোৰ অপতৃৰ্ণৰ দীৰ্ঘদিন ধৰি নিয়ন্ত্ৰণ কৰি ৰখাৰ উপৰিও পৰিবেশ প্ৰদূষণৰ আশঙ্কা দূৰ কৰে আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে৷ পানী মেটেকাৰ জৈৱিক নিয়ন্ত্ৰণৰ বিষয় লৈ ভাৰতবৰ্ষত প্ৰভাৱ আহি পৰিল ১৯৮২ চনত৷

দক্ষিণ আমেৰিকাৰ পৰা ভাৰতবৰ্ষলৈ পানী মেটেকা জৈৱ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে গুবৰুৱা জাতীয় নিয়চেটীনা আইকৰনী আৰু নিয়চেটীনা ব্ৰুকি নামৰ দুবিধ পতঙ্গ ভাৰতবৰ্ষলৈ পঠাইছিল৷ এই বৰ্হিদেশীয় পতঙ্গ বিধৰ ওপৰত প্ৰথমে বাংগালোৰত অৱস্থিত জৈৱ নিয়ন্ত্ৰণ কেন্দ্ৰত কিছু কাম আৰম্ভ কৰিছিল৷ বিশেষকৈ বাংগালোৰৰ জৈৱ নিয়ন্ত্ৰণ বিভাগে এইটো নিশ্চিত কৰি দিয়ে যে, নিয়চেটীনাই অন্য কোনো শস্যাদি অনিষ্ট নকৰে৷ সময়ৰ গতিত জৈৱ নিয়ন্ত্ৰণ পদ্ধতিৰ দ্বাৰা পানী মেটেকাৰ নিয়ন্ত্ৰণৰ কিছু কাম ভাৰতবৰ্ষত অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো ইয়াৰ প্ৰভাৱ আহি পৰিল৷ সৌভাগ্য ক্ৰমে জৈৱ নিয়ন্ত্ৰণৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ এখন আঁচনি “ Biological Control of Crop Pests & Weeds”

১৯৮৭ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতঙ্গতত্ব বিভাগত অনুমোদন জনায় ৷ ১৯৮৮ চনত বাংগালোৰত থকা জৈৱনিয়ন্ত্ৰণ বিভাগে পানী মেটেকা খোৱা নিয়চেটীনা আইকৰণী আৰু নিয়চেটীনা ব্ৰুকি  অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ নিয়ন্ত্ৰণ বিভাগলৈ পঠাইছিল অসমৰ পৰিবেশত কিছু গৱেষণা কৰাৰ উদ্দেশ্যে৷

উল্লেখিত বৰ্হিদেশীয় পতঙ্গবিধৰ দ্বাৰা পানী মেটেকাৰ জৈৱিক নিয়ন্ত্ৰণৰ প্ৰভাৱৰ বিষয়ে জনোৱাৰ আগতে এইবিধ নতুনকৈ অসমলৈ অনোৱা পতঙ্গৰ এটি চমু বিৱৰণ দি খেতিয়ক ৰাইজৰ চিনাক্তকৰণ কৰি দিয়াটো অতি প্ৰয়োজন হৈ পৰিছে ৷ নিয়চেটীনা আইকৰণী আৰু নিয়চেটীনা ব্ৰুকী দুয়োবিধ দেখাত প্ৰায় একেই ৷ নিয়চেটীনা ব্ৰুকী নামৰ প্ৰজাতিটো আইকৰণীতকৈ সামান্য ডাঙৰ হয় আৰু ইয়াৰ পক্ষবৰ্মৰ পাৰেদি কাঁচি আকাৰৰ এটা পেটী আছে ৷ কিন্তু এনে পেটী আইকৰণী প্ৰজাতিৰ নাথাকে৷ দুয়োটা নিয়চেটীনা প্ৰজাতিৰ গাৰ বৰণ চাই আৰু বাদামী ৰঙৰ মিশ্ৰণ৷

নিয়চেটীনা আইকৰণী আৰু নিয়চেটীনা ব্ৰুকী দুয়োবিধ গুবৰুৱা জাতীয় পতঙ্গই পানী মেটেকাৰ পাতৰ সেউজীয়া অংশ খাই পাতখনত ভালেসংখ্যক পাতখোৱা দাগৰ সৃষ্টি কৰে, এই দাগবোৰ প্ৰায় ২ মি:মি: মান ব্যাসৰ হয় আৰু পাতখনৰ ওপৰ পিঠিত এই বিধ পোকে নিশা পাতৰ সেউজীয়া অংশত খাই আৰু তলৰ পিঠিত সাধাৰণতে কম পৰিমাণে খায়, অভিজ্ঞ কীট পতঙ্গবিদ (Entomologist) এ পাতৰ খোৱা ভাগ (feeding marks) দেখিয়েই এইবিধ পতঙ্গৰ আক্ৰমণ সহজে চিনাক্ত কৰিব পাৰে৷ প্ৰায় এক সপ্তাহৰ ভিতৰত কণী ফুটি বগা নতুবা পাতল মূগা বৰণৰ পলু ওলাই আহে,তাৰ পিছত এই পলু বোৰ পত্ৰবৃস্ত আৰু ৰাইজোম অংশ লৈ সুৰুঙা কৰি কোষবোৰ খাই গছবোৰ অনিষ্ট কৰে আৰু অৱশেষত গছবোৰ শুকাই মৰি যায় ৷ এই পতঙ্গবিধে পলু আৰু লেটা অৱস্হাত প্ৰায় ২ মাহ সময় থাকে আৰু পূৰ্ণবয়স্ক এডাল্ট বিটুলটোৱে প্ৰায় ১৩৪-১৪২ দিন জীয়াই থাকিব পাৰে আৰু জীয়াই থকা দিন কেইটাত ৬৯০-৮৯০ টা মান কণী পাৰে৷

বাংগালোৰৰ অৱস্হিত জৈৱিক নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা ১৯৮৮ চনৰ ৩০০০টা নিয়চেটীনা আইকৰণী আৰু নিয়চেটীনা ব্ৰুকি নামৰ বৰ্হিদেশীয় পতঙ্গ অসম কৃষি বিশ্ববিদ্যালয়লৈ পঠাইছিল৷ এয়াই আছিল নিয়চেটীনাৰ অসমলৈ প্ৰথম আগমন৷ এই বিটুলখিনি অহাৰ লগে লগে বিশ্ববিদ্যালয়ৰ চৌহদত থকা পুখুৰী কেইটাত মেলি দিয়া হয়, ইয়াৰ পৰা বায়বিক বিস্তাৰণ হৈ যোৰহাটত অৱস্থিত মৰা টোকলাই নদীলৈ যায় আৰু তাত পানী মেটেকাখিনি নিয়ন্ত্ৰণ কৰে, সময়ৰ গতিত এই বৰ্হিদেশীয় পতঙ্গবিধৰ বায়বিক বিস্তাৰণৰ দূৰত্ব ক্ৰমে আগুৱাবলৈ ধৰে৷ বৰ্ত্তমান অসমৰ ৮ খন জিলা ক্ৰমান্নয়ে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, নগাওঁ, গোলাঘাট, কামৰূপ, শোনিতপুৰ ও লক্ষীমপুৰলৈকে এইবিধ পতঙ্গই বায়বিক বিস্তাৰণ হৈ বিয়পি পৰিছে৷ জৈৱিক নিয়ন্ত্ৰণৰ দ্বাৰা পানী মেটেকা নিয়ন্ত্ৰণ অসমৰ কৃতকাৰ্য্য হোৱাৰ কাৰণে বাংগালোৰ জৈৱ নিয়ন্ত্ৰণ কেন্দ্ৰই আকৌ ২০০০ বিটুল ১৯৯০ চনৰ ডিচেম্বৰ মাহত অসম কৃষি বিশ্ববিদ্যালয়লৈ পঠিয়াইছিল৷ এই বিটুলখিনি এলেংমৰাৰ লথাই বিলত মেলি দিয়া হয়৷ ইয়াতো প্ৰায় ডেৰ বছৰত পানী মেটেকা নিয়ন্ত্ৰণ হয়৷

শিৱসাগৰৰ দিচাং মৈথ অঞ্চলত প্ৰায় ৫০০০ বিঘা মাটি মেটেকামুক্ত হৈ পৰিছে ও খেতিয়ক সকলে সেই অঞ্চল সমূহত বৰোধানৰ খেতিত কৰিব পাৰিছে৷ নিয়চেটীনাৰ দুয়োটা প্ৰজাতিৰ ভিতৰত আইকৰণী শীতকালতো বংশ বিস্তাৰৰ কাৰণে শুভজনক আৰু ব্ৰুকি গ্ৰীষ্মকালৰ সময়চোৱাত শুভজনক৷ সেয়েহে এই দুয়োবিধ প্ৰজাতিকে অসমত মেলি দিয়া হয় যাতে শীত আৰু গ্ৰীষ্মকাল দুয়ো সময়তে ইহতি মেটেকা নিয়ন্ত্ৰণ কৰিব পাৰে গতিকে এনে এবিধ বৰ্হিদেশীয় পতঙ্গৰ দ্বাৰা পানী মেটেকা নিয়ন্ত্ৰণ কৰি খেতিৰ মাটি পুনৰ ধান খেতিৰ কাৰণে উপযোগী কৰি দিয়াটো অসমৰ কাৰণে এটা সুখবৰ৷

 উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-নাৰিকল খেতিৰ বাবে কেনেদৰে প্ৰস্তুত কৰিব আপোনাৰ বাৰীখন?

English Summary: Know About Water Hyacinth

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.