1. এগ্ৰিপেডিয়া

চাহ বাগানত হেল’পেলটিছ নিয়ন্ত্ৰণৰ উপায়; জানিবলৈ সৰ্বিশেষ পঢ়ক...

KJ Staff
KJ Staff

মাৰ্চ আৰু এপ্ৰিল মাহ তথা বসন্ত কাল অহাৰ লগে লগে অসমৰ চাহ খেতিয়ক সকলৰ উৎপাদনৰ সময় আৰম্ভ হয় । এই সময়ৰ পৰাই খেতিয়ক সকলে চাহ পাত চিঙা আৰম্ভ কৰে । গ্ৰীষ্মকালটো হৈছে চাহ উৎপাদনৰ বাবে উপযুক্ত সময় ।

কিন্তু বাৰিষা অহাৰ লগে লগে চাহ খেতিয়ক সকলৰ এটা ডাঙৰ সমস্যা হৈছে হেল’পেলটিছৰ আক্ৰমণ । এই পোক বিধৰ বাবে প্ৰত্যেক বছৰে চাহ খেতিয়ক সকলে লোকচানৰ সন্মুখিন হ'বলগীয়া হয় ।

এই পোক বিধে গছৰ কোমলীয়া পাতৰ ৰস শুহি খায় আৰু ইয়াৰ লগে লগে পাতবোৰ চাহ উৎপাদনৰ অনুপযোগী হৈ পৰে । সাধাৰণতে শীতকালত এইবিধ পোকৰ আক্রমণ কমি যায় আৰু মাৰ্চ মাহৰ পৰা আক্ৰমণ আৰম্ভ হয় ।

হেলপেলটিছ নিয়ন্ত্ৰণৰ বাবে কি কৰিব?

একেবাৰে ছাঁ বা গছ নথকা চাহ বাগানত এইবিধ পোকৰ আক্রমণ বেছি হোৱা দেখা যায় । শীতকালত যেতিয়া বাগানখনত প্রুণিং কৰা হয় তেতিয়া চাৰিসীমাৰ পৰা আৰম্ভ কৰি মাজৰ অংশলৈ কৰিব লাগে আৰু ১০-১২ জোপা গছ পিছত প্রুণিং কৰিব লাগে । এনেদৰে পিছত প্রুণিং কৰা গছবোৰত কীটনাশক স্প্রে কৰি প্রুণিং কৰিলে সহজে পোকবিধ নিয়ন্ত্রণ কৰিব পাৰি ৷

হেল'পেলটিছৰ আক্রমণ হ'লে বাগানখনৰ চাৰিসীমাত থকা ২-৩ শাৰী গছ প্রথমে স্প্রে কৰিব লাগে ৷ ইয়াৰ ফলত বাগানৰ ভিতৰত থকা হেল'পেলটিছৰবোৰ কাষৰ বাগানলৈ উৰি যাব নোৱাৰা হয় ৷ ইয়াৰ পিছত ভিতৰৰ গছবোৰ স্প্রে কৰিব লাগেস ।

হেল'পেলটিছৰ আক্ৰমণ সাধাৰণতে ৰাতিপুৱা, সন্ধিয়া তথা ৰাতিৰভাগত হয় ৷ সেয়েহে স্প্রে সদায় ৰাতিপুৱা বা আবেলি সময়ত কৰিব লাগে ।

পাত চিঙাৰ সময়ত আক্রান্ত পাতবোৰ হাতৰে গুচাই দি’ব লাগে । আক্রমণ অধিক হ'লে গছবোৰ পাতলীয়াকৈ স্কিপ কৰি দিব লাগে ।

কম পৰিমাণে আক্রমণ হ'লে নিম গছৰ পৰা তৈয়াৰী দৰব যেনে ইকটিন, নিমবিয়নৰ ১ লিটাৰ দৰব ১৫০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে ।

নিশ্চিত আৰু অধিক তথ্যৰ বাবে কৃষি বিশেষজ্ঞৰ সৈতে আলোচনা কৰক ।

লগতে পঢ়কঃ Organic Farming Benefits:জৈৱিক কৃষিয়ে পৰিৱেশক কেনেদৰে লাভান্বিত কৰে জানেনে ?

English Summary: method of control helopaltis in tea gardens

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.