1. উদ্য়ানশস্য়

অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি

KJ Staff
KJ Staff
Oyster Mushroom Cultivation
Oyster Mushroom Cultivation

এক কিলোগ্ৰাম ভাল, শুকান ধানখেৰ লওক আৰু ২-৩ ইঞ্চি  জোখত সৰু সৰু কৈ কাটি লওক৷

এটা নিশা কটা খেৰখিনি ঠাণ্ডা পানীত ডুবাই ৰাখক আৰু পানীৰ পৰা খেৰখিনি উলিয়াই আনক৷

খেৰ শোধন

সিক্ত খেৰখিনি গৰম পানীত ৩০ মিনিটৰ পৰা ১ ঘন্টা সিজাওক ৷ গৰম পানীৰ পৰা খেৰ খিনি তুলি আনি পৰিস্কাৰ মজিয়া নাইবা বাৰীত ঠাণ্ডা হবলৈ মেলি দিয়ক ৷ খেৰত থকা অতিৰিক্ত পানী হাতেৰে চেপি আঁতৰাই পেলাওক৷

৯০-১০০ গ্ৰাম বীজ (স্পন) লওক সম পৰিমাণত চাৰি ভাগ কৰি লওক৷

৪০ X ৬০ ছেন্টিমিটাৰ জোখৰ এটা পলিথিনৰ মোনা লওক ৷ মোনাটোত ১৫-২০ টা ফুটা কৰি লৈ বন্ধ তলিভাগ ৰচিৰে বান্ধি লওক৷ তাৰ পিছত তলিবন্ধা মোনা লুটিয়াই লওক৷

শোধন কৰা খেৰখিনিত ০.১ শতাংশ গাঢ়তাৰ বেভিষ্টিন (১গ্ৰাম ১লিটাৰ পানীত মিহলাই লওক) পাতলকৈ স্প্ৰে কৰি লৈ সমানে ৫ ভাগ কৰি লওক৷ তাৰ এভাগ পলিথিনৰ মোনাটোত ভৰাই হাতৰ তলুৱাৰে টানকৈ হেচা দিয়ক ৷ তাৰ ওপৰত বীজৰ এভাগ সিঁচি দিয়ক ৷ এতিয়া খেৰৰ দ্বিতীয় তৰপটো  ভৰাই হাতেৰে হেচি বীজ ছটিয়াওক। এনেকৈ খেৰৰ ৪ টা তৰপৰ ওপৰত ৪ ভাগ বীজ ছটিয়াব লাগে৷

পঞ্চমভাগ খেৰেৰে বীজৰ ওপৰৰ তৰপটো বাকি মোনাটোৰ মুখখন টানকৈ ৰচিৰে বান্ধি লওক ৷ এতিয়া মোনাটো অন্ধকাৰ কোঠাত ১২-১৫ দিন ৰাখক ৷ এই  কালছোৱাত (উমনি কাল) বীজৰ পৰা বৰ্দ্ধিত কাঠফুলাৰ বগা সূত্ৰপুঞ্জই খেৰৰ টুকুৰাবোৰ গাঠি পেলায়।

মোনাটো খুলি কাঠফুলাৰ টোপোলাটো মুক্ত কৰি লৈ কাঠফুলাৰ গৃহত ৰাখক ৷ টোপোলাবোৰ ওলোমাই বা ৰেকত বহাই ৰাখিব৷

মুক্ত টোপোলাবোৰৰ পৃষ্ঠভাগ শুকাই নাযাবলৈ দ্বিতীয় দিনৰ পৰা প্ৰতি দিনে ২/৩ বাৰ পানী স্প্ৰে কৰিব লাগে ৷ কাঠফুলা গৃহৰ ভিতৰখন সেমেকা কৰি ৰাখিবলৈ মজিয়াত পানী ঢালিব লাগে৷

টোপোলা খোলাৰ ৭/৮ দিনৰ পিছত কাঠফুলাৰ কলিৰ থোপা গজিবলৈ ধৰে৷ তাৰ দুদিনৰ পিছতেই কাঠফুলা পৈণত হয় ৷ কাঠফুলাৰ পাহিবোৰ উভালি চপাই আনিব লাগে৷ দৈনন্দিন পানী স্প্ৰে কৰি থাকিলে ৭/৮ দিনৰ অন্তৰত দ্বিতীয় বা তৃতীয়বাৰলৈ কাঠফুলা চপাব পাৰি৷

সতেজ কাঠফুলা ৰেফ্ৰিজাৰেটৰত ৰাখি ৪/৫ দিনমানলৈ খাব পাৰি ৷ তাৰোপৰি ৰ’দত শুকুৱাই বায়ুনিৰুদ্ধ পেকেটত ৰাখিলে ৬ মাহলৈকে ব্যৱহাৰ কৰিব পাৰি ৷

কাঠফুলাৰ সমস্যা

সেউজৰঙী ভেঁকুৰ বীজ সিঁচাৰ আগেয়ে শোধিত খেৰত বেভিষ্টিন বা নহৰুৰ ৰস ৩ মি:লি: প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰক৷

মাখি আৰু অন্যান্য পোক

নুভান বা মালাথিয়ন (১মি:লি: এক লিটাৰ পানীত) কাঠফুলাৰ গৃহৰ বেৰৰ বাহিৰ ভিতৰ দুয়োফালে স্প্ৰে কৰক৷ তাৰোপৰি নিমযুক্ত ঔষধ (ৰক্ষক, নিমাগণ, নিমাজল, নিমবিচিদিন, ৩মি:লি: ১ লি: পানীত টোপোলাৰ ওপৰত স্প্ৰে কৰিব পাৰে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-কেনেদৰে কৰিব মিঠা আলুৰ খেতি?

English Summary: Know About Oyster Mushroom Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.