নেমু খেতি
জাত: আসাম লেমন (থলুৱা)/কাজী নেমু
মাটি নিৰ্বাচন : বালিচহীয়া আৰু খাৰুৱা মাটি নেমু খেতিৰ বাবে আৱশ্যক ৷ পানী জমা হোৱা মাটি নেমুখেতিৰ বাবে অনুপযোগী৷
ৰোপন সামগী
-
ডাল কাটি কৰা
-
পাতযুক্ত কলিসহ সৰু ডালৰ টুকুৰা
-
ডাল ধৰা
ডাল কাটি কৰা
মাতৃ গছৰ এটা পৰিপক্ক ডালৰ পৰা ডাল কাটিব লাগে ৷ ডালবিলাকৰ দৈৰ্ঘ্য ১৮-২০ চে: মিটাৰ আৰু এডাল কাঠ পেঞ্চিলৰ সমান ডাঠ হব লাগে৷ ডালটো কাটোঁতে চাব লাগে যাতে এটা গাঁঠিৰ ওপৰত কটাটো ১ চে: মিটাৰ ওপৰত হয় আৰু তলৰ কটাটো আনটো গাঁঠিৰ তলৰ হেলনীয়াকৈ হয়৷
ডালটো কটাৰ পাচত এটা ডালৰ পৰা আনটো ডাল ৩০ x ৩০ চে: মিটাৰ ব্যৱধানত আৰু হঁাওলায় ৩০ চে: মি: x ১ মিটাৰ x ১০মিটাৰ ব্যসাৰ্দ্ধৰ পুলিবাৰীত ৰোব লাগে৷ পুলিবাৰীখনত পুলিবোৰ ৰোৱাৰ আগেয়ে ভালদৰে চহাই পচন সাৰ আৰু গোবৰ মিহলি কৰি প্ৰস্তুত কৰি লব লাগে ৷
পাতযুক্ত কলিসহ সৰু ডালৰ টুকুৰা : স্বাস্হ্যবান ডালৰ পৰাহে এনে পদ্ধতিত ডাল ধৰিব লাগে ৷ এনেকৈ ধৰা ডালত মাত্ৰ এটা সৰু ডালৰ টুকুৰাৰ লগত পাতৰ কলি থাকে৷ ডাল কাটি অনাৰ পাচত পুলিবাৰীত ১৫ x ২৫ চে: মিটাৰ ব্যৱধানত ডালবোৰৰ ২/৩ অংশ মাটিত সোমোৱাই যোৱাকৈ হাঁওলায় পুতিব লাগে ৷ ডালবোৰ মাটিত ৰোৱাৰ লগে লগে ‘ইনড'ল বুউটাৰিক এচিদ্’ (IBA) বা ‘চিৰাডিক্স বি’(Seradix B) নামৰ হৰম’নৰ ৫০০ পি: পি: এম: শক্তিৰ মিশ্ৰণ তৈয়াৰ কৰি প্ৰয়োগ কৰি লব লাগে যাতে সোনকালে শিপা ওলায় ৷ শিপা ওলোৱাৰ পাচত ১ বছৰৰ ভিতৰত পুলিবোৰ মূল পথাৰত ৰোব লাগে৷
ৰায়ব ডাল ধৰা : এই পদ্ধতিত উন্নত সচঁৰ মাতৃ গছৰ এবছৰীয়া ডাল নিৰ্বাচন কৰি ডাল ধৰা অংশত ৩ চে: মি: দৈৰ্ঘ্যত ডালটোৰ বাকলি অংশ চাৰিওফালে এৰোৱাই লব লাগে ৷ এতিয়া মাটি (১) : গোবৰ (১) : আৰু বালিৰ (১) অনুপাতত এটা মণ্ড তৈয়াৰ কৰি তাৰে অলপ লৈ ডালৰ বাকলি এৰুৱা অংশত ঢাক খোৱাকৈ চাৰিওফালে টোপালা আকৃতিত লিপি দিব লাগে ৷ পিচত পাতল পলিথিনৰ কাগজেৰে লিপি দিয়া অংশটোৰ চাৰিওফালে মেৰিয়াই দুয়োটা মূৰত ৰছীৰে বান্ধি দিব লাগে ৷ চকু ৰাখিব লাগে যাতে দুয়োটামূৰৰ বান্ধোন দুটা ভালদৰে গাঠিব লাগে৷
এই দুয়োটা পদ্ধতিত ডাল ধৰাটো মাৰ্চ- এপ্ৰিল মাহৰ ভিতৰত সম্পন্ন কৰিব লাগে ৷ ডাল কাটি কৰা পদ্ধতিতো পলিথিনৰ বেগত ৰোৱাৰ ব্যৱস্হা কৰিব পাৰিলে ভাল ফল পোৱা যায়৷
ৰোৱাৰ সময় : বৰষুণ হোৱাৰ আগে আগে মূল পথাৰত ০.৫ x ০.৫ মিটাৰ ব্যাসাৰ্দ্ধৰ গাঁত কৰি তাত জাবৰ, গোবৰ আৰু পচনসাৰ দি পূৰায় থব লাগে৷ মনত ৰাখিব লাগে যাতে এটা গাঁতৰ পৰা আনটো গাঁতৰ ব্যৱধান ৩মি: x ৩ মি: হয় ৷ মে’ মাহৰ পৰা আগষ্ট মাহলৈকে এনেবোৰ গাঁতত পুলিবোৰ ৰোব লাগে৷
সাৰ প্ৰয়োগ : প্ৰতিজোপা গছত প্ৰতি বছৰে :
গছৰ বয়স |
পচনসাৰ (কিলোগ্ৰাম) |
নাইট্রোজেন |
ফচ্ফৰাচ্ |
পটাচ |
১ম বছৰ |
৫ *(১০) |
১৫০ (১০০) |
১০০ (১০০) |
১৪৫ (১০০) |
২য় বছৰ |
১০ (১০) |
৩০০ (১০০) |
২০০ (১০০) |
২৯০ (১০০) |
৩য় বছৰ |
১৫ (১০) |
৪৫০ (১০০) |
৩০০ (১০০) |
৪৩৫ (১০০) |
৪ৰ্থ বছৰৰ বাবে |
২০ (২০) |
৬০০ (১০০) |
৪০০ (১০০) |
৫৮৫ (১০০) |
পাহাৰীয়া অঞ্চলৰ বাবে
ওপৰোক্ত সাৰখিনি সমানে দুভাগ কৰি এভাগ সাৰ ফেব্ৰুৱাৰী – মাৰ্চ মাহত আৰু আনটো চেপ্তেম্বৰ – অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে৷ চাব লাগে যাতে সাৰখিনি একেবাৰে গছৰ গুৰিত প্ৰয়োগ কৰা নহয় ৷
অনুসাৰ: নতুনকৈ পাত ওলোৱাৰ সময়ত ২ শতাংশৰ এটা ব্যৱসায়িক অনুসাৰৰ মিশ্ৰণ ষ্প্ৰে কৰিব লাগে ৷
উদ্যান পৰিচর্য্যা: মাহেকে পষেকে বাৰীখনৰ পৰা বন বাতবোৰ নিৰাই থাকিলে ভাল ৷
শস্য চপোৱা : গছ পুলি ৰোৱাৰ দ্বিতীয় বছৰৰ পৰা গছত ফল ধৰিবলৈ আৰম্ভ কৰে ৷ গতিকে ফলবোৰ পূৰঠ হলেই চপোৱাৰ ব্যৱস্হা কৰিব লাগে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)
লগতে পঢ়ক-কম মাটিত অধিক পুলি ৰোপণৰ কল খেতি