1. উদ্য়ানশস্য়

কম মাটিত অধিক পুলি ৰোপণৰ কল খেতি

KJ Staff
KJ Staff
Banana Cultivation
Banana Cultivation

কলৰ খেতি কম মাটিত অধিক পুলি ৰোপণেৰে উৎপাদন বঢ়াব পৰা যায় ৷ চাপৰ আৰু ওখ দুইবিধ জাতেই অধিক পুলি ৰোপণৰ বাবে উপযোগী৷ কলখেতি কম মাটিত অধিক পুলি ৰোপণেৰে কৃতকাৰ্য্যতাৰে কৰিব পৰাৰ মূলতে সুচৰুৰূপে অপতৃণ নিয়ন্ত্ৰণৰ লগতে সাৰ, পানী, ঔষধ আদিৰ সদব্যৱহাৰ কম মাটিতে অধিক পুলিৰে কলখেতি কৰিব পৰা কৃষি প্ৰণালী উল্লেখ কৰা হ'ল৷

জাত নিৰ্বাচন

(ক) চাপৰ জাত জাহাজী৷

(খ) মধ্যমীয়া, ওখ জাত-বৰ জাহাজী, মালভোগ৷

পুলি নিৰ্বাচন

তৰোৱাল আকৃতিৰ পাতৰ পোখা পুলি ৪-৬ মহীয়া বয়সৰ ২ কিলোগ্ৰাম ওজনৰ নিৰ্বাচন কৰিব লাগে৷

পুলি প্ৰস্তুত কৰণ আৰু শোধন

নিৰ্বাচিত পুলিৰ আলুৰ পৰা একফুট ওপৰত কাটি পৰিষ্কাৰ কৰি বোকাৰে প্ৰলেপ দি ফুৰাডন নামৰ দানা জাতীয় ঔষধ বিধ প্ৰতি পুলিত প্ৰলেপ দিয়া অংশত ২০ গ্ৰামকৈ চতিয়াই শোধন কৰা উচিত ৷

মাটি নিৰ্বাচন

পানী জমা নোহোৱা আৰু পানী ওলাই যোৱাৰ সুবন্দবস্ত থকা ওখ, জৈৱিক সাৰ থকা সাৰুৱা মাটি নিৰ্বাচন কৰিব লাগে।

পুলি ৰোপণ আৰু ৰোপণৰ  ব্যৱধান

১) ৪৫ চে:মি: দ, বহল আৰু দীঘল গাঁত ওপৰৰ মাটিৰ লগত ১২ কি:গ্ৰা: অৰ্থাৎ দুপাচি শুকান গোবৰ মিহলাই পূৰ্ণ কৰিব লাগে৷

২) মাৰ্চ মাহৰ পৰা মে মাহলৈকে পুলি ৰোৱাৰ উপযুক্ত সময়৷

৩) পুলিৰ ব্যৱধান ১.০ মি: শাৰীৰ ১.২ মি: আৰু ভেটিৰ দূৰত্ব ২.০ মি: কৈ চাপৰ জাহাজী আৰু মালভোগ কলত (প্ৰতি হেক্টৰত ৬২৫০ টা পুলি) আৰু বৰজাহাজীৰ বাবে পুলিৰ ব্যৱধান ১.২ মি: আৰু শাৰীৰ ব্যৱধান ১.৮ মি: (প্ৰতি হেক্টৰত ৪৬২৯ টা পুলি) ৰাখিব লাগে৷

সাৰ প্ৰয়োগ

প্ৰতি জোপা গছত ২১০ গ্ৰা: ইউৰীয়া সাৰ আৰু ৫৫০ গ্ৰা: মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে৷

একক চুপাৰ ফচফেট প্ৰতি জোপা গছত সমুদায় ২০৬ গ্ৰাম ৰোৱাৰ ৩ মাহৰ পাচতে প্ৰয়োগ কৰা প্ৰয়োজন ৷ সাৰ গছৰ গুৰিৰ পৰা ৬০-৯০ চে:মি: গুলাকৃতিৰ  ১৫ চে:মি: দ আৰু বহল নলাত সমভাবে চতিয়াই দিয়া উচিত৷

পানী যোগান

গছৰ বৃদ্ধিৰ প্ৰথমচোৱাত ডিল আৰু ফল ধাৰণৰ সময়ত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে ৷

অপতৃণ নিয়ন্ত্ৰণ

পুলিৰোৱাৰ ৯ মাহলৈকে বাৰীখনৰ অপতৃণ  নিয়ন্ত্ৰণ কৰা উচিত ৷ বাৰীখনত মাহজাতীয় শস্য সিঁচি মাটিত মিহলাই দি অপতৃণ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

পৰিচৰ্য্যা

১) ডিল ওলোৱাৰ আগলৈকে পোখা পুলি কটা আৰু ডিল ওলোৱাৰ পাচত এটা বা দুটাকৈ পোখা পুলি প্ৰতি গছত ৰাখিব লাগে৷

২) বাৰিষাৰ সময়ত গছৰ গুৰিত মাটি চপাব লাগে৷

৩) শুকান আৰু মৰি যোৱা পাত পৰিষ্কাৰ কৰিব লাগে৷

৪) গছত ঢোকা দিব লাগে৷

৫) শীতৰ সময়ত পলিথিন মোনৰে কলৰ থোকৰ আবৰণ দিব লাগে৷

পোক নিয়ন্ত্ৰণ

পাত আৰু ফল আচোঁৰা পোক গা-গছ বিন্ধা কৰা পোকে এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈকে আৰু মোৱা পোকে আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈকে বেচি উপদ্ৰব কৰে ৷ শতকৰা ০.০৫ ভাগ শক্তিৰ ‘মনকটফচ’ স্প্ৰে কৰি মোৱা পোক নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

বেমাৰ নিয়ন্ত্ৰণ

পাতত দাগ পৰা বেমাৰ প্ৰতিৰোধৰ বাবে শতকৰা ০.১ ভাগ শক্তিৰ ‘বেভিচটিন’ নামৰ ঔষধ স্প্ৰে কৰিব লাগে৷ মুজুৰা পৰা বেমাৰ দেখা পালে প্ৰথম অৱস্হাতে গছ উভালি ধ্বংস কৰাৰ লগতে মোৱা পোক নিয়ন্ত্ৰণৰ ব্যৱস্হা লোৱা উচিত৷

ফল চপোৱা আৰু উৎপাদন

গছৰ ওপৰৰ পাত মৰি যোৱা আৰু কলৰ সীৰ বোৰ নাইকিয়া হোৱাৰ পাচতে প্ৰথম আশীৰ পৰা ২২.৫ চে:মি: ওপৰত আৰু তলৰ আশীৰ ৫ ছে:মি: তলতে কল গছ চপাব লাগে৷ জাত অনুযায়ী উৎপাদন চাপৰ জাহাজী ১০৪ টন, মালভোগ ৫৫ টন আৰু বৰ জাহাজী ৭.০ টন প্ৰতি হেক্টৰ মাটিত আধিক পুলি ৰোপণৰে পাব পৰা যায়৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-পটল খেতি আৰু ইয়াৰ ৰোগ ব্যৱস্হাপনা প্ৰণালী-

English Summary: Banana Cultivation, Guide for Farmers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.