Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 April, 2022 3:35 PM IST
নাৰিকল খেতি

জাত –

অধিক উৎপানক্ষম অসমৰ থলুৱা জাত (Assam Tall), টিxডি হাইব্ৰিড (TxD Hybrid), বেঙ্গল চিলেকটেড (Bengal Selected) আৰু বেঙ্গল হাজাৰী (Bengal Hazari)৷

মাতৃ গছজোপাৰ বাছনি –

যি জোপা মাতৃগছে প্ৰতিবছৰে প্ৰায় ১০০ টা নাৰিকল উৎপাদন কৰিব পাৰে আৰু সেইজোপাৰ বয়স প্ৰায় ২০-২৫ বছৰ হয় তেনে গছৰহে নাৰিকল পুলিৰ বাবে বাছনি কৰিব লাগে৷

মাতৃ গছজোপাৰ মুকুটটো যথেষ্ঠ বহল আৰু পাতবোৰে যথেষ্ঠ ঠাই আবৰি ৰখা বিধৰ হব লাগে৷ চেপ্তেম্বৰ-ডিচেম্বৰ মাহত চপোৱা নাৰিকলহে পুলিৰ বাবে নিৰ্বাচন কৰিব লাগে৷

মাটি -

সাধাৰণতে বালিচঁহীয়া মাটিহে নাৰিকল খেতিৰ বাবে বাচিব লাগে৷ যদি মাটিডোখৰ লিকটীয়া হয় তেতিয়া ২ পাচি বালি নাৰিকলৰ গাতটোত প্ৰয়োগ কৰি লব লাগে৷

নাৰিকলৰ বীজ সিঁচা –

বীজৰ বাবে নাৰিকল সিঁচাৰ সময় হ’ল ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে৷ বীজ পুতিবৰ বাবে ৩০ ছে: মি: ওখ আৰু ১ মিটাৰ বহল ভেঁটি কৰি লব লাগে৷ নাৰিকলটো পোতাৰ আগেয়ে দুটা শিৰৰ মাজত থকা বহল পিঠিটো ওপৰফালে ৰাখি পথালিকৈ পুতিব লাগে৷

নাৰিকল পুলি বাছনি:

এবছৰীয়া পুলিহে ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷ বীজ সিঁচাৰ পিছত ভাল পৰিচর্য্যা কৰা পুলিবাৰীৰ পৰা ৫ টা বা তাতোধিক পাত থকা নিৰোগী, গুৰি শকত, এবছৰীয়া পুলি ৰোৱাৰ বাবে ব্যৱস্থা কৰিব লাগে৷ পুলিটোৰ তলৰ এটা বা দুটা পাত ফাটিবলৈ ধৰা পুলি হলে বেচি ভাল৷

পুলি ৰোৱাৰ ব্যৱধান  -

৭.৫ মি: x ৭.৫ মি:

গাঁতটোৰ ব্যাসার্দ্ধ :

১ মি: x ১ মি: x ১ মি:

পুলি ৰোৱাৰ সময় :

ওখ মাটিৰ বাবে মাৰ্চ-এপ্ৰিল৷

দ চানেকীয়া মাটিৰ বাবে ছেপ্তেম্বৰ–অক্টোবৰ৷

গাঁত পূৰণ :

শুকান মাটি, ২০ কেজি পচন সাৰ বা শুকান গোবৰ আৰু ১০ গ্ৰাম ৫ শতাংশ এলড্ৰেক্সৰ এটা মিশ্ৰণ গাঁতটোত ভালদৰে ২/৩ অংশ পূৰ হোৱাকৈ প্ৰয়োগ কৰিব লাগে৷

ৰাসায়নিক সাৰ –

প্ৰতিজোপা ফল ধৰা গছৰ বাবে –

ইউৰীয়া- ১.৫০ কেজি

চুপাৰ ফছফেট- ২.৫০ কেজি

মিউৰেট অব পটাচ- ১.৭৫ কেজি

বৰাক্স(সুৱগা)- ২৫ গ্ৰাম

ৰাসায়নিক সাৰখিনি সমানে দুভাগ কৰি এভাগ এপ্ৰিল আৰু আনটো ভাগ অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে৷ সাৰখিনি গছজোপাৰ পৰা কিছু দূৰত্বত ১-১.৭৫ মিটাৰ ব্যাসাৰ্দ্ধৰ এটা নলা খান্দি প্ৰয়োগ কৰিব লাগে৷

গছজোপাৰ বা পুলিটোৰ বয়স অনুযায়ী সাৰৰ পৰিমান তলত উল্লেখ কৰাৰ দৰে বঢ়াব বা কমাব লাগে –

১ম বছৰ - সম্পূৰ্ণ পৰিমাণ সাৰৰ ১/৫ ভাগ

২য় বছৰ-সম্পূৰ্ণ পৰিমাণ সাৰৰ ২/৫ ভাগ

৩য় বছৰ-সম্পূৰ্ণ পৰিমাণ সাৰৰ ৩/৫ ভাগ

৪ৰ্থ বছৰ-সম্পূৰ্ণ পৰিমাণ সাৰৰ ৪/৫ ভাগ

৫ম বছৰৰ পৰা সম্পূৰ্ণ পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে ৷

শস্য ৰক্ষা –

উঁই পোক (White Ant) :

৭.৫ বৰ্গ মিটাৰ পুলিবাৰীৰ বাবে ২০০ গ্ৰাম এলড্ৰেক্স (Aldrex powder) ৫ শতাংশ শক্তি যুক্ত পাউদাৰ আৰু ১০০ গ্ৰাম এলড্ৰেক্স ৫ শতাংশ পুলি ৰোৱাৰ সময়ত গাঁতত প্ৰয়োগ কৰিব লাগে৷

গড় পোক (Rhinoceros Beetle) :

এই পোক নিয়ন্ত্ৰণ কৰিবলৈ ১০ শতাংশ শক্তিযুক্ত বি, এইচ, চি, পাউদাৰ বালিৰ লগত সমান পৰিমাণে মিহলাই নাৰিকল গছৰ মুকুট অংশত আৰু পাৰত খোৰোংবোৰত ছটিয়াই দিব লাগে৷

ঘুণে খোৱা পোক (Red palm weevil):

এই পোকৰ নিয়ন্ত্ৰণ কৰিবলৈ ৩০ শতাংশ শক্তিযুক্ত এন্দচালফান ১ মিলিলিটাৰ একলিটাৰ পানীত মিহলাই গা-গছৰ ফোপোলা অংশত ফুটা কৰি ভিতৰলৈ যোৱাকৈ ঢালি দিব লাগে আৰু তাৰ পাচত ফুটাটো মাটিৰে বন্ধ কৰি দিব লাগে৷

ফুল আৰু ফল খোৱা পোক (Betraceda and Teratheba) :

এই পোক নিয়ন্ত্ৰণ কৰিবলৈ ৩০ শতাংশ ৰ'গৰ ১ মিলি লিটাৰ এক লিটাৰ পানীত মিহলাই ষ্প্ৰে কৰিব লাগে৷ পোকবোৰে নাৰিকল গছত যাতে বাহ ল’ব নোৱাৰে তাৰ বাবে গছৰ মুকুট অংশত থকা বিশেষকৈ পাৰত খোৰোংবোৰত থকা গেলা-পচা অংশ বছৰেকত দুবাৰ-এবাৰ বাৰিষাৰ আগতে আৰু এবাৰ বাৰিষাৰ পিচত চাফা কৰিব লাগে৷

মুকুট পচা (Crown Rot) :

এনে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আক্ৰান্ত গছ জোপাৰ চাৰিওফালে মাটিত ২৫ গ্ৰাম বৰাক্স, ৰাসায়নিক সাৰ দিয়াৰ দৰে প্ৰয়োগ কৰিব লাগে৷ আক্ৰান্তৰ পৰিমাণ বেছি হ’লে এনে ঔষধ প্ৰথমবাৰ প্ৰয়োগৰ ৩ মাহৰ পাচত আকৌ প্রয়োগ কৰিব লাগে৷

গা-গছৰ ৰস ওলোৱা (Stem bleeding) :

এনে বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আক্ৰান্ত অংশ কাটি পেলায় দিব লাগে৷ এতিয়া কাটি চাফা কৰা অংশত বৰদ’ মিশ্ৰণৰ মলম প্ৰস্তুত কৰি ডাঠকৈ লেপি দিব লাগে৷ নতুবা গৰম আলকাতৰাৰ লেপন দিলেও ভাল৷
গেন'দাৰমা (Ganoderama) :

এই বেমাৰ প্ৰতিকাৰৰ বাবে –

গছৰ গুৰিত পানী জমা হবলৈ দিব নালাগে৷ নিৰ্দ্ধাৰিত পৰিমাণৰ সাৰ প্রয়োগ কৰিব লাগে৷ এই বেমাৰত এজোপা গছ আক্ৰান্ত হ’লে বেমাৰৰ বীজাণু যতে কাষৰ জোপালৈ বিয়পিব নোৱাৰে তাৰ বাবে আক্ৰান্ত গছজোপাৰ চাৰিওফালে ২-৩ মিটাৰ আঁতৰত ৪০ ছে: মি: বহল আৰু ৬০ বা ৭০ ছে: মি: দকৈ এটা নলা খান্দিব লাগে৷ জৈৱিক সাৰৰ লগতে গছে প্ৰতি ৫ কিলোগ্ৰাম নিমৰ খলিহৈ ব্যৱহাৰ কৰিব লাগে৷

এই বেমাৰৰ প্ৰাৰম্ভিক পর্য্যায়তে গছজোপা ০.৩ শতাংশ কেপ্টান বা ০.২ শতাংশ ভিটাভেক্স ১০ লিটাৰ পানীত তিনি মাহৰ ব্যৱধানত প্ৰয়োগ কৰিব লাগে৷ নাৰিকলৰ বাৰীখন বা গছজোপাৰ প্ৰতি যথেষ্ট মনোযোগ দি থাকিব লাগে৷ আক্ৰান্ত গছবোৰ পাৰিলে শিপাৰ সৈতে উঠাই পেলাব লাগে৷ দুশাৰী নাৰিকলৰ মাজৰ অংশত কল গছ ৰোব পাৰিলে ভাল৷

গছৰ চাৰিওফালে ১.৫-২ কেজি ছালফাৰ পাউদাৰ প্ৰয়োগ কৰিব লাগে৷ ১ গ্ৰাম কপাৰ চালফেট + ১.৫ গ্ৰাম ওৰাগাজিন মিশ্ৰণ ১০০ মি: লিটাৰ পানীত মিহলাই মাটিত (গছৰ গুৰিত) ঢালিব লাগে৷

কোঁহ পঁচা (Bud rot) :

আক্ৰান্ত অংশ চাফা কৰিব লাগে আৰু এক শতাংশ বৰদ’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে।

পাত জলা (Leaf blight) :

পুৰণা শুকান বা আক্ৰান্ত হোৱা পাতবোৰ আঁতৰাই দিব লাগে আৰু ১ শতাংশ বৰদ’ মিশ্ৰণ ষ্প্ৰে কৰিব লাগে৷

অপইতাকৈ গুটি সৰা (Immature nut shedding) :প্ৰতি বছৰে অনুমোদিত হাৰৰ সাৰ প্ৰয়োগ৷ কীট নাশক বা বেমাৰ নাশক ঔষধ ব্যৱহাৰ৷ খৰাং বতৰত জলসিঞ্চনৰ ব্যৱস্হা কৰা৷ ৬০ পি. পি. এম. পৰিমাণৰ টু-ফৰ-ডি এক সপ্তাহৰ ব্যৱধানত এমাহ স্ত্ৰী-ফুলত প্ৰয়োগ কৰিব।

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

English Summary: Know About Coconut Farming
Published on: 23 April 2022, 03:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now