1. উদ্য়ানশস্য়

এইধৰণে ৰঙালাওৰ খেতি কৰি আপুনিও কৰিব পাৰে লাখ টকা উপাৰ্জন

KJ Staff
KJ Staff
Pumpkin
Pumpkin

সচঁ

আর্কা সূর্য্যমুখী, আর্কা চন্দন আৰু উচ্চমান দণ্ডৰ থলুৱা সচঁ।

সচঁৰ বর্ণনা

১) আর্কা সূর্য্যমুখী :

প্রত্যেক জোপা গছত ৮-১০ টাকৈ ফলধৰে, ফলবোৰ ঘূৰণীয়া সৰু সৰু ১০ কি:গ্রাম ওজনৰ, গাৰ বৰণ গাঢ় কমলাৰঙৰ, মঙহাল, ১০০ দিন মানৰ ভিতৰত পুৰঠ হয় । হেক্টৰে প্রতি ৩৩৫ কুইন্টলমান উত্পাদন হয় । মাখি পোকৰ আক্রমণ প্রতিহত কৰিব পৰা ক্ষমতা থকা ।

২) আর্কা চন্দন :

২ টাৰ পৰা ৩ টা মান প্রতিজোপা গছত ফলধৰা , প্রত্যেকটো ৰঙা লাওৰ ওজন প্রায় ২-৩ কি: গ্রাম , ৰঙালাওটোৰ দুয়োটা মূৰ ভিতৰলৈ সোমোৱা , গাৰ বৰণ সামান্যভাবে হালধীয়া আৰু গাত দাগ থকা , মঙহাল , আৰু মিঠা স্বাদৰ , ১২০ দিনৰ ভিতৰত পুৰঠ হোৱা ।

মাটি

সাধাৰণতে বালিচঁহীয়া , ওখ পানী নোহোৱা মাটিয়েই ৰঙালাও খেতিৰ বাবে উপযোগী । যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি ।

বীজৰ পৰিমাণ

৬-৮ কি: গ্রাম / হেক্টৰত

সিঁচাৰ সময় :

গ্রীষ্ম কালি চপাবৰ বাবে = জানুৱাৰী - এপ্রিল 
বসন্তকালি চপাবৰ বাবে = চেপ্তেম্বৰ - অক্তোবৰ

ব্যৱধান

১) গ্রীষ্ম কালিৰ বাবে = ২.৫ -৩.০ মিটাৰ * ০.৯ -১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ )

২) বসন্ত কালিৰ বাবে = ২.৫ - ৩.০ মিটাৰ * ১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ)

সাৰ প্রয়োগ

হেক্টৰে প্রতি ২০ - ২৫ টন পচন সাৰ, ৭৫ কি: গ্রাম নাইট্রজেন, ৮০ কি: গ্রাম ফছফৰাচ, ৮০ কি:গ্রাম পটাছ সাৰ, ৩০ কি: গ্রাম কেলচিয়াম অক্সাইদ বীজ দিয়াৰ প্রায় ৮-১০ দিনমানৰ আগেয়ে মাটিত প্রয়োগ কৰি লব ।

জলসিঞ্চন

শুকান বতৰত ৮-১০ দিনৰ ব্যৱধানত গছ বোৰত পানী দিয়াৰ ব্যৱস্থা কৰিব ।

শস্যচপোৱা

গছত ৰঙালাওবোৰে হালধীয়াৰ পৰা কমলাৰঙৰ হলেই চিঙি পেলাব লাগে ।

উৎপাদন

৬৫ - ৭৫ কুইন্টল (সৰু জাত) হেক্টৰত

১২০-২০০ কুইন্টল (ডাঙৰ জাত) হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট (সংগৃহীত)

লগতে পঢ়ক-কম খৰচতে অতি লাভজনক সেউজগৃহ কেনেদৰে নিৰ্মাণ কৰিব ?

English Summary: know About Pumpkin Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.