Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 May, 2022 2:54 PM IST
cinnamon

আমাৰ দেশত মছলা হিচাবে দালচেনি অতি পৰিচিত আৰু অপৰিহাৰ্য। দালচেনি এবিধ প্রাচীন মছলা হয়। দালচেনি ৰ প্রতিটি অঙ্গ যেনে বাকলি, পাত, কুঁড়ি, ফুল, ফল ৰ ব্যৱহাৰ হয়। দালচেনি “গৰম মছলাৰ” এটি প্ৰধান উপাদান হিচাবে ব্যৱহাৰ হৈ আছে। ইয়াৰ উপৰিও দালচেনি বিভিন্ন ঔষধি গুণসম্পন্ন হয়।

মাছ মাংসৰ ব্যঞ্জন প্ৰস্তুত কৰোতে ইয়াৰ সোৱাদ বঢ়াবলৈ আপোনালোকে দালচেনি  ব্যৱহাৰ কৰে। দালচেনি হ'ল একপ্ৰকাৰৰ উষ্ণ তথা উত্তেজক মছলাযুক্ত খাদ্য সামগ্ৰী যাক প্ৰাকৃতিকভাৱে ইয়াৰ গছৰ ছালৰ পৰা পোৱা যায়। শ্ৰীলংকা তথা দক্ষিণ ভাৰতত দালচেনি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয়। সুগন্ধিত আৰু সোৱাদযুক্ত দালচেনিক খাদ্যগুণযুক্ত মছলাসমূহৰ ভিতৰত এক উত্তম স্থান দিয়া হৈছে। খাবলৈ চাহ বা কফি তৈয়াৰ কৰাৰ সময়ত তাত দালচেনি মিহলাই দিলে সোৱাদ দুগুণে বাঢ়ে আৰু জ্বৰ কাহ আদিত ইয়াক সেৱন কৰিলে আৰাম পোৱা যায়। মেক্সিকোত দালচেনি চকলেট তৈয়াৰ কৰা প্ৰণালীত ব্যৱহাৰ কৰা হয়। জানো আহকচোন দালচেনিৰ কেইটামান স্বাস্থ্যসম্বন্ধীয় উপকাৰী দিশৰ বিষয়ে-

  1. মধুমেহ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে দালচেনি লাভজনক। মধুমেহ ৰোগীসকলৰ বাবে তৈয়াৰ কৰা ভোজনত এক চামুচ দালচেনি পাউদাৰ মিহলাই দিলে তেওঁলোকৰ শৰীৰত ৰক্তশৰ্কৰাৰ পৰিমাণ ১৮ৰ পৰা ২৪% লৈ কমি যায়।

  2. দালচেনি উষ্ণ হোৱাৰ বাবে শীতকালত ইয়াৰ অধিক প্ৰয়োগৰ দ্বাৰা জ্বৰ-কাহ আৰু জাৰৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰি।

  1. দালচেনিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে । ইয়াৰ লগতে ই দাঁতৰ সমস্যাবিলাকৰ ক্ষেত্ৰতো উপযোগী।

  2. দালচেনি তেলৰ কেইটামান টোপাল কাণত দিলে কাণেৰে কম শুনা ব্যক্তিসকলৰ সমস্যা দূৰ হয়।

  3. ২ চামুচ মৌজোল আৰু দালচেনিৰ পাউদাৰ সমপৰিমাণে লৈ গৰম পানীত মিহলাই সেৱন কৰিলে কিছুসময়ৰ পাছতে শৰীৰৰ বৰ্ধিত কলেষ্টৰল কম হৈ পৰে। এই মিশ্ৰণ দিনটোত ২ৰ পৰা ৩ বাৰ সেৱন কৰা উচিত। শৰীৰৰ বৰ্ধিত মেদ কমোৱাৰ ক্ষেত্ৰতো এই নিয়ম প্ৰয়োগ কৰিব পাৰি।

  4. দালচেনি হৈছে মেংগানিজৰ সম্ভাৰ। ই স্মৃতিশক্তি বৃদ্ধি কৰে । সেয়ে শিশু,মহিলা আৰু মানসিক শ্ৰম কৰা ব্যক্তিসকলে ব্ৰেডত অলপ মাখন বা মৌজোল লগাই ইয়াৰ সৈতে আধা চামুচ দালচেনিৰ পাউদাৰ মিহলাই পুৱা-গধুলি খোৱা উচিত।

দালচেনিৰ ভেষজ গুণ সমূহ-

দালচেনি ৰ বাকলি উত্তেজক, ক্ষুধাবর্ধক, গা বমি কৰা, পেটৰ অসুখ, হার্টৰ দুর্বলতা, অর্শ, আমবাত, কফ, বায়ু ও বমি উপশম কৰোতে সাহায্য কৰে।

দালচেনিৰ খাদ্য আৰু অন্যান্য ব্যৱহাৰ

 দালচেনি বিভিন্ন খোৱাৰ মছলাৰ ওপৰিও মিঠাই আৰু মদ সুগন্ধি কৰোতে, ঔষধ, শিল্পত, চাবোন ও দাঁতৰ মাজন তৈযাৰত, চকলেট কাৰখানাত ব্যবহৃত হৈ আছে। পাতৰ তেল সুগন্ধি তেল হিচাপে ব্যৱহাৰ হৈ আছে।

দালচেনিৰ জাত

দালচেনিৰ স্থানীয় উন্নত জাত বা নিত্যাছি, নভাছি নামৰ উন্নত সঁচ লগাব লাগে।

 দালচেনি কাৰনে প্রয়োজনীয় জলবায়ু ও মাটি

আমাৰ অসমৰ জলবায়ু আৰু মাটি খুবেই উপযোগী হয় দালচেনি খেতিৰ বাবে।

দালচেনিৰ পুলি বনোৱা পদ্ধতি

দালচেনিৰ পুলি সাধাৰণতে বীজৰ পৰা হয় আৰু কাটিং বা গুটিকলম কৰিও পুলি বনাব পাৰি।

দালচেনিৰ বজাৰ

ভাৰতত আৰু বিদেশত দালচেনিৰ প্ৰচুৰ চাহিদা আছে। অকল ভাৰততে প্ৰতি বছৰে লাখ লাখ কেজি দালচেনি ভিয়েটনাম পৰা আহি আছে যাৰ মূল্য কেইবা শ কোটি টকা। দালচেনি অসম তথা উত্তৰ পূৰ্বাঞ্চলত মাটিত অতি সহজে হব পাৰে যদিও আমাৰ কৃষকসকলে ইয়াক ব্যৱসায়িক ভিত্তিত কৰা নাই।

আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে যদি এই দালচেনিৰ খেতি চাহ খেতিৰ লগত মিহলাই কৰে এই উৎপাদনে দেশৰ মুল্যবান বিদেশী মুদ্ৰা বৃদ্ধি লগতে নিজৰ ও উপাৰ্জনৰ বৃদ্ধি কৰিব পাৰে।

যদি চাহ গছৰ মাজে মাজে এই দালচেনি কৰা যায় প্ৰতি হেক্টৰ ট(৭.৫ বিঘা)মাটিত পৈণত দালচেনি গছৰ পৰা 300 কেজি শুকান দালচেনি ৰ বাকলি পাব পাৰি যাৰ বজাৰ মূল্য কমেও ১ লাখ টকা। গতিকে ক্ষুদ্ৰ চাহ খেতিয়কে এই টকা খিনি অতিৰিক্ত অতি সহজে ঘটিব পাৰে।

দালচেনি ৰ পাতৰ তেলৰ মূল্য ও কম নহয় প্ৰায় ২০০০-৩০০০ টকা প্ৰতি লিটাৰত।।গতিকে দালচেনি পাতৰ তেল নিস্কাশন কৰিলেও অতিৰিক্ত ধন ঘটিব পাৰে।। দালচেনি তেল সুগন্ধি তেল আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা যায়।।

দালচেনি ৰ বিপনন

যিহেতু দালচেনি ৰ প্ৰচুৰ চাহিদা আছে আৰু অধিকাংশ দালচেনি বিদেশ ৰ পৰা আমদানি হৈ আছে গতিকে অ‌লপ চেষ্টা কৰিলে অতি সহজে দালচেনি ৰ বিপনন কৰিব পৰা যাব।

(Credit goes to Swabalamban Facebook Page-সংগৃহীত)

লগতে পঢ়ক-মখানাৰ খেতি কৰি ক’ম দিনতে লাখপতি হব পাৰে আপুনি-

English Summary: cinnamon farming a Profitable business for assam
Published on: 19 May 2022, 02:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now