1. স্বাস্হ্য আৰু জীৱন

অসমৰ বনৌষধিঃ চালকুঁৱৰী, অৰ্জুন, দুপৰ টেঙা আৰু মান কচু

KJ Staff
KJ Staff
Herbs of Assam: Aloevera, Arjuna, Kalanchoe pinnata and Man Kachu
Herbs of Assam: Aloevera, Arjuna, Kalanchoe pinnata and Man Kachu

অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে।

চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।

চালকুঁৱৰী

চালকুঁৱৰী (বৈজ্ঞানিক নাম Aloe barbadensis miller)

চালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।

ঔষধি গুণঃ

  1. চালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মূত্ৰদোষ, শুক্ৰ দোষ, কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়।

  2. টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ চালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়।

  3. অৰ্শ, জুয়ে পোৰা, মোচোকা খোৱা আদিতো চালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়।

  4. উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো চালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।

  5. বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা,শালমইনা,সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা(Sun Burn) আদিত চালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়।

অৰ্জুন গছ

অৰ্জুন গছ(Terminalia arjuna), মেলাহি ডাল, দীঘলীয়া পাতেৰে এজোপা ডাঙৰ গছ।

ঔষধি গুণঃ

(১) অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যহ্মা ৰোগত সুফল পোৱা যায়। (২) হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। (৩) অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে।

দুপৰ টেঙা / পাতেগজা

দুপৰ টেঙা (Kalanchoe pinnata) পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে পাতে গজা(Bryophyllum) বুলিও কোৱা হয়।

ঔষধি গুণঃ

(১) বৃক্কৰ দোষত কঁকালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়। (২) মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে। (৩) কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে। (৪) পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্চ (strangury) ৰোগত দুপৰ টেঙা সুপথ্য। (৫)মুত্ৰাঘাত (Retention of urine) ৰোগত দুপৰ টেঙৰ পাত ৫/৬খন খুন্দি তাৰ ৰস খালে প্ৰসাৱ নিয়মীয়া হয়।

মান কচু

মান কচু (Alocasia indica ) পাতবোৰ আন কচুতকৈ বহল। ঠাৰিবোৰ শকত।

ঔষধি গুণঃ

(১)মানকচুৰ শিপা পুৰি তাৰ ছাই মৌজোলৰ লগত মিহলি কৰি জিভাৰ ঘা হোৱা ঠাইত সানিলে জিভাৰ ঘা ভাল হয়।

(২) যকৃত, সন্নিপাত, গ্ৰহণী ৰোগত মান কচু সুপথ্য।

(৩) মান কচুৰ পাতত অলপ মিঠাতেল লৈ তাক ধান খেৰৰ জুইত সেক দি জিভাত ঘঁহিলে জিভাৰ অৰুচি গুচে।

উৎস-Wikiwand

লগতে পঢ়ক-বনৌষধি মাটিকাদুৰিৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে কিছু কথা-

English Summary: Herbs of Assam: Aloevera, Arjuna, Kalanchoe pinnata and Man Kachu

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.