1. উদ্য়ানশস্য়

Mushroom Farming with Rice straw: ধানখেৰৰ কাঠফুলাৰ খেতি কেনেকৈ কৰিব?

KJ Staff
KJ Staff

এবিধ উষ্ণতাৰ প্ৰতি আসক্তি থকা কাঠফুলা৷ এই জাতৰ কাঠফুলাৰ বনাবলৈ ২৮০ ৰ পৰা ৩৫০ ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮০ৰ পৰা ৮৫ শতাংশ আদ্ৰতাৰ জলবায়ু সবাতকৈ উত্তম৷ জুন, জুলাই আৰু আগষ্ট মাহত এইবিধ কাঠফুলাৰ খেতি ভাল হয়৷ এই তিনিতা মাহ অয়েষ্টাৰ (Pleurotus sp.) কাঠফুলাৰ খেতিৰ বাবে উপযোগী নহয়৷ সেয়েহে দুয়োটা জাতৰ কাঠফুলা গোটেই বছৰটোৰ উৎপানৰ  বাবে কৰিব পাৰি৷

ধানখেৰৰ কাঠফুলাৰ সুবিধা সমুহ

  • এই বিধ কাঠফুলা আন সকলোবোৰ কাঠফুলাতকৈ সোনকালে উৎপাদন হয়৷

  • সাগৰীয়া শামুক জাতৰ কাঠফুলাতকৈ বেছি সোৱাদ৷

  • খেতি কৰাৰ পদ্ধতি খুউব সহজ৷

  • অতি সহজ আচবাব যেনে, চিমেন্টৰ ডাঙৰ পাত্ৰ, বাল্টি, বাঁহৰ ফ্ৰেম, খেৰ, ৰহৰ অইল, কাঠফুলাৰ বীজ ইত্যাদিৰ প্ৰয়োজন৷

ধানখেৰৰ কাঠফুলাৰ অসুবিধাসমুহ

  • এই বিধ কাঠফুলা চপোৱাৰ পিছত ৰাখি থলে সোৱাদ কমি যায়৷ পালেঙৰ পৰা চপোৱাৰ দিনৰ পৰাই ইয়াক খোৱাৰ দৰকাৰ৷

  • ইয়াক ২৪ ঘন্টাতকৈ বেছি সময় সাঁচি ৰাখিলে ই পানীয় ধৰণৰ হয় আৰু ইয়াৰ পৰা বেয়া গোন্ধ ওলাই৷ ৰেফ্ৰিজাৰেটৰত ৰাখিলে এদিনৰ বাবে ৰাখিব পাৰি৷

  • ইয়াৰ খেতি কৰিবলৈ বেছি খেৰৰ প্ৰয়োজন হয় ৷ ১০০ কিলোগ্ৰাম খেৰৰ পৰা মাত্ৰ ১৩ কিলোগ্ৰাম মান কাঠফুলাহে পোৱা যায়৷

বতৰ (Weather)

বছৰত মে, জুন, জুলাই আৰু আগষ্ট এই চাৰি মাহত এই জাতৰ খেতি কৰিব পাৰি ৷ আগষ্ট মাহত সৰ্বাধিক উৎপাদন পোৱা যায় ৷

কেচাঁমাল (Raw materials)

ধানখেৰৰ কাঠফুলা খেতিৰ বাবে ধানখেৰেই ভাল৷ বৰষুণত তিতি থকা ধানখেৰ বা নিম্নমানৰ খেৰ ব্যৱহাৰ কৰিলে খাদ্য অনুপযোগী আন জাতৰ কাঠফুলা (যেনে – Coprinus sp.) গজি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

খেৰ মুঠা বন্ধা

খেৰবোৰৰ ৮০ ছেন্টিমিটাৰ দীঘল X ১২ ছেন্টিমিটাৰ ব্যাসৰ মুঠা বান্ধিব লাগে৷ প্ৰ্ৰত্যেকটো মুঠাৰ ওজন ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম হোৱাৰ দৰকাৰ৷ এখন পালেং তৈয়াৰ কৰিবলৈ এনেকুৱা ২৪ টা খেৰৰ মুঠাৰ প্ৰয়োজন৷ ২০ কিলোগ্ৰাম শুকান খেৰ এখন পালেঙৰ বাবে ব্যৱহাৰ কৰা হয় ৷

খেৰ কটা

খেৰৰ মুঠাবোৰৰ মূৰৰ ফালে কাঠফুলা ওলাবৰ বাবে মুঠাবোৰ দুয়োমূৰে সমানকৈ কাটি দিয়াৰ দৰকাৰ ৷

খেৰৰ মুঠা পানীত তিওৱা পদ্ধতি

এক মিটাৰ ওখ আৰু এক মিটাৰ ব্যাসৰ চিমেন্টৰ পাত্ৰ বা তেলৰ ড্ৰামত প্ৰথমে খেৰৰ মুঠাবোৰ ভৰাই ল’ব লাগে ৷ তাৰ পিছত মুঠাবোৰৰ ওপৰলৈ পানী ভৰাব লাগে ৷ মুঠাবোৰ ভাঁহি নাথাকিবৰ বাবে ইয়াৰ ওপৰত ডাঙৰ শিল বা ইটা ৰখা দৰকাৰ এনে মুঠাবোৰৰ ২৪ ৰ পৰা ৪৮ ঘন্টা পানীত দুবাই থব লাগে ৷

মুঠা দ’ম কৰা 

মুঠাবোৰ পনীৰ পৰা উঠাই অতিৰিক্ত পানীভাগ নিগৰি যোৱাৰ বাবে পৰিষ্কাৰ চাং এখনৰ ওপৰত ৰাখিব লাগে ৷

বাঁহৰ ফ্ৰেম 

৯০ ছেন্টিমিটাৰ X ৯০ ছেন্টিমিটাৰ X ১৫ ছেন্টিমিটাৰ ওখ বাঁহৰ ফ্ৰেম এটা সজাই ল’ব লাগে৷ বাঁহৰ ফ্ৰেম সজাই লোৱাৰ কাৰণ হ’ল – (১) কাঠফুলাৰ পালেং আৰু মজিয়াৰ মাজত পোনপটিয়া সংযোগ বন্ধ কৰা আৰু (২) খেৰৰ মুঠাত থকা অতিৰিক্ত পানী ভাগ ওলাই যোৱাত সুবিধা হয় ৷

কাঠফুলা উৎপাদন কৰা ঘৰ

কাঠফুলা উৎপাদন কৰিবলৈ লোৱাৰ ঘৰটোৰ প্ৰস্হ ৩ মিটাৰ, দুয়োফালে উচ্চতা ২.৫ মিটাৰ আৰু দীঘ ৬ মিটাৰ হোৱাৰ দৰকাৰ ৷ ছালখন খেৰৰ তৈয়াৰী হ’ব লাগে ৷ পকী মজিয়াত ৫ চেন্টিমিটাৰ মানৰ বালিৰ তৰপ দিব লাগে ৷ বেৰ চাৰিখন খেৰ আৰু বাঁহৰে তৈয়াৰী কৰি ল’ব লাগে ৷ বেৰ চাৰিখনত প্লাষ্টিক ওলমাই থব লাগে, এনে কৰিলে ধৰখনৰ উষ্ণতাৰ লগতে আৰ্দ্ৰতাও বৃদ্ধি হয় ৷

কাঠফুলাৰ বীজ

বিশুদ্ধ কাঠফুলাৰ বীজ ইটা বৰণীয়া হয় এখন পালেংৰ বাবে ৩০০ গ্ৰাম বীজেই যথেষ্ট ৷ ৩০০ গ্ৰাম বীজক ৭৫ গ্ৰাম, ৭৫ গ্ৰাম আৰু ১৫০ গ্ৰাম এই তিনিভাগত ভগাই ল’ব লাগে ৷ প্ৰতিটো ভাগৰ বীজবোৰক এক চেন্টিমিটাৰ জোখৰ টুকুৰা টুকুৰাকৈ ভাঙি লোৱাৰ দৰকাৰ ৷

ছকৰ গুড়ি 

৫ গ্ৰাম ছকৰ গুড়ি ১ লিটাৰ পানীত মিহলাই কাঠফুলাৰ বীজ দিয়াৰ আগত খেৰৰ দমবোৰত স্প্ৰে কৰি ল’ব লাগে ৷ এনে কৰিলে খেৰৰ আম্লতা বৃদ্ধি হয় ৷

পালেং তৈয়াৰ কৰা পদ্ধতি

৬ টা খেৰৰ মুঠা বাঁহৰ ফ্ৰেমৰ ওপৰত একে শাৰীত থব লাগে ৷

অকনমান বীজ লৈ বীৰ টুকুৰাবোৰ খেৰৰ দমটোৰ ওপৰত ছটিয়াই দিব লাগে৷ ই কাঠফুলাৰ বৃদ্ধি খৰতকীয়া কৰাত সহায় কৰে ৷

প্ৰথম তৰপটোৰ ওপৰত মুঠাবোৰ বিপৰীত দিশৰ আন ৬ টা মুঠাৰে দ্বিতীয় তৰপ দিব লাগে৷

আগৰ দৰে ৭৫ গ্ৰাম বীজ দি তাৰ ওপৰত ৫০ গ্ৰাম ৰহৰ দাইলৰ গুৰি ছটিয়াই দিব লাগে৷

দ্বিতীয় তৰপটোৰ বিপৰীত দিশত ৬ টা মুঠাৰে তৃতীয় তৰপ দিয়াৰ দৰকাৰ৷

১২০ গ্ৰাম বীজ আৰু ১২০ গ্ৰাম ৰহৰ দাইলৰ গুৰি এই তৃতীয় তৰপটোৰ ওপৰত ছটিয়াব লাগে৷

তৃতীয় তৰপটোৰ মুঠাবোৰৰ বিপৰীত দিশত ৬ টা মুঠাৰে শেষৰ তৰপটো দি পালেংখন ভালদৰে হেঁচি দিব লাগে ৷

২ মি: X ২ মি: জোখৰ পলিথিন এখনেৰে পালেংখন ভালদৰে ঢাকি দি পলিথিনৰ কাষবোৰ ফ্ৰেমটোৰ তলত ভালদৰে সুমুৱাই দিব লাগে ৷

পলিথিনৰ ঢাকনখন ১০ দিনৰ পিছত গুছোৱাই দিব লাগে ৷ ১৩ ৰ পৰা ১৬ দিনৰ পিছত কাঠফুলা ওলোৱা আৰম্ভ হ’ব ৷ কাঠফুলাবোৰ কণীৰ আকৃতিৰ লয় আৰু এইটোৱেই কাঠফুলা চপোৱাৰ উত্তম সময় ৷ ছাটিৰ দৰে আকৃতি অহালৈ বাট চাব নালাগে ৷ এই অৱস্হাত কাঠফুলাবোৰ সোনকালে নষ্ট হৈ যায় ৷

প্ৰথম থোপা কাঠফুলা চপোৱাৰ পাচত পালেং বোৰত ৰাতিপুৱা আৰু সন্ধিয়া পানী ছটিয়াব লাগে ৷ দ্বিতীয় থোপা কাঠফুলা ১ সপ্তাসৰ পিছত ওলাই আহিব ৷

ধানখেৰৰ কাঠফুলা খেতিৰ সমস্যা-

অসংখ্য ক্ষুদ্ৰ মকৰাবোৰে কাঠফুলা সূতাৰ দৰে অংশবোৰ খায় ৷ কাঠফুলা চপোৱাৰ সময়ত মানুহৰ গাত বগাই আমনি কৰে ৷ ইথিয়ান ৫০ ই চি মিলি: প্ৰতি লিটাৰ পানীত মিহলাই বীজ দিয়াৰ আগতে স্প্ৰে কৰিব লাগে ৷ ২০ লিটাৰ ঔষধ মিশ্ৰিত পানী ২০ কি: গ্ৰা: ওজন খেৰৰ বাবে যথেষ্ট ৷

লেখক: ড০ ওৱাই ৰাথাইয়া 

লগতে পঢ়ক-লিচু খেতি কৰাৰ সহজ পদ্ধতি সম্পৰ্কে জানক-

English Summary: How to do Mushroom Farming with Rice straw

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.