Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 April, 2022 3:05 PM IST
Banana Plantation

অসমৰ খেতিয়ক সকলে লাভজনক উৎপাদনৰ বাবে কৰিব পৰা এটা খেতি কলৰ খেতি । কিয়নো স্বাস্থ্যৰ উপকাৰিতাৰ  বাবে বজাৰত কলৰ চাহিদা বৰ্তমান সময়ত বহুত বেছি । সেই অনুসৰি উত্তৰ-পূৱ অঞ্চলটো কলৰ খেতিৰ অতি উপযুক্ত ।

উল্লেখ্য যে, বাৰ্ষিক  ভাৰতত ১৪.২ নিযুত টন কলা উৎপাদন কৰা হয়, অৰ্থাৎ বিশ্বৰ আন দেশতকৈ অধিক । ভাৰতত, আমৰ পিছত কল হৈছে দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ ফল আৰু দেশৰ ভিতৰতে সৰ্বাধিক কল উৎপাদন কৰে মহাৰাষ্ট্ৰই

উন্নত কৃষি পদ্ধতিৰে কলৰ খেতিঃ

মাটি নিৰ্বাচনঃ ওখ, পানী জমা নোহোৱা আৰু যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ থকা মাটি কল খেতিৰ বাবে উপযোগী ৷

ৰোপন সামগ্ৰীঃ কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয় ৷  স্বাস্থ্যবান এটা পোখা বা পুলি ওঘালি তাৰ পৰা শিপাবোৰ ভালদৰে আঁতৰাই ল'ব লাগে, যাতে মুঢ়াটোৱে আঘাত নাপায় ৷ তাৰ পাচত ১ ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ বাছনি কৰা পুলিটোৰ ওজন ১.৫ –২.০ কেজিৰ ভিতৰত হ'লে ভাল ৷

পুলি ৰোৱাৰ পদ্ধতিঃ পুলিবোৰ সাধাৰণতে গাঁত কৰি ৰোব লাগে আৰু এই গাতবোৰ সাধাৰণতে ৪৫ x ৪৫ x ৪৫ চে: মি: হ'ব লাগে ৷

পুলি ৰোৱাৰ ব্যৱধান : চাপৰ জাতৰ কল পুলি  ১.৪ x ১.৪ মিটাৰ, মধ্য ওখ জাতৰ ২.১ x ২.১ মিটাৰ, ওখ জাতৰ  ২.৪ x ২.৪ মিটাৰ হ'ব লাগে । পুলি ৰোৱাৰ উপযুক্ত সময় হৈছে মাৰ্চ - এপ্ৰিল ৷

সাৰ প্ৰয়োগ : ১২ কেজি পচন সাৰ প্ৰতিজোপা গছৰ বাবে প্ৰয়োগ কৰিব লাগে । তদুপৰি প্ৰতিজোপা কলগছৰ বাবে ১১০ গ্ৰাম ইউৰীয়া, ৩৩ গ্ৰাম ফছফেট, ৩৩০ প্ৰাম পটাচ প্ৰয়োগ কৰিব লাগে ।

জাহাজী কলৰ ক্ষেত্ৰত পটাচৰ মাত্ৰা ৫৫০ গ্ৰাম প্ৰতিজোপা গছত প্ৰয়োগ কৰিব পাৰে ৷ বৰ জাহাজীৰ ক্ষেত্ৰত ২০০ গ্ৰাম নাইট্ৰোজেন প্ৰতিজোপা গছত তিনিটা ভাগ কৰি ৩ মাহ, ৫ মাহ আৰু গা-গছ ওলাবৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷

পুলি ৰোৱাৰ সময়তে পচনসাৰ প্ৰয়োগ কৰিব লাগে ৷ ফছফৰাচৰ সম্পূৰ্ণ অংশ, নাইট্ৰোজেনৰ আৰু পটাচৰ আধা অংশ পুলি ৰোৱাৰ ৩ মাহৰ পাচতেই প্ৰয়োগ কৰিব ৷ বাকী আধা অংশ নাইট্ৰোজেন আৰু পটাচ পুলি ৰোৱাৰ ৫ মাহৰ পাচত প্ৰয়োগ কৰিব ৷

বৰ জাহাজী কলৰ বাবে বৰণ (৬ গ্ৰাম), জিঙ্ক (৯ গ্ৰাম), কপাৰ (৬ গ্ৰাম) আৰু মলিবিদেনাম (১ গ্ৰাম) প্রতিজোপা গছত প্ৰয়োগ কৰিলে উপকাৰ পোৱা যায় ৷ এইবোৰ অনুসাৰ চেনিচম্পা আৰু জাহাজী কলত প্ৰয়োগ কৰিলে উৎপাদন বৃদ্ধি হয় ৷

জলসিঞ্চনঃ কলৰ খেতি ডৰাত পানী যোগানৰ সু-ব্যৱস্থা থকাতো অতি প্ৰয়োজন ।  খৰাং বতৰত মাহে ৩ বাৰকৈ লৰ খেতিত জলসিঞ্চন কৰিব লাগে ৷

যতনঃ পোখা পুলি উঠোৱা: কলগছৰ গুৰিত ওলোৱা পোখা পুলিবিলাক মাতৃ গছত কলৰ ডিল নোলোৱালৈকে উঘালি পেলাব লাগে ৷ কলডিল ওলোৱাৰ পিছতহে প্ৰতিজোপা গছৰ গুৰিত মাত্ৰ এটা পোখা পুলি ৰাখিব লাগে ৷

কলৰ বাগিছাত গজা অপতৃণবিলাক মাজে সময়ে চিকুনাই থাকিব লাগে ৷ ‘ডায়োৰণ’৩ কেজি প্ৰতি হেক্টৰত বা গেমাক্সিন প্ৰতি হেক্টৰত ১.৫ কিলো প্ৰয়োগ কৰিলে অপতৃণৰ পৰা হাত সাৰি থাকিব পাৰি ৷

শস্য চপোৱাৰ সময় : কলৰ ঠোকটোত যেতিয়া কলবোৰৰ শিৰাবিলাক ঘুৰণীয়া হ'বলৈ আৰম্ভ কৰে তেতিয়া কল ঠোকা কাটিব লাগে ৷ চাপৰ জাতৰ জাহাজী কল ৰোৱাৰ ১১-১৪ মাহৰ পাচত কাটিব পৰা হয় ৷ অন্যহাতে ওখ জাতবিলাক ১৪-১৬ মাহৰ ভিতৰত পূৰঠ হয় ৷ চেপ্টেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে কলখেতি চপাব পাৰি ৷

লগতে পঢ়কঃ Broccoli Farming:লাভজনক উৎপাদনৰ বাবে আপুনি কেনেদৰে কৰিব ব্ৰ'কলি খেতি?

English Summary: Banana Plantation: How to grow bananas to increase income?
Published on: 17 April 2022, 03:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now