1. উদ্য়ানশস্য়

Broccoli Farming:লাভজনক উৎপাদনৰ বাবে আপুনি কেনেদৰে কৰিব ব্ৰ'কলি খেতি?

KJ Staff
KJ Staff
Broccoli Farming:
Broccoli Farming

ব্ৰ'কলি সাধাৰণতে ঠাণ্ডা সময়ত কৰা হয়, অৰ্থাৎ অক্টোবৰ মাহৰ পৰা অসমত এই খেতি কৃষক সকলে আৰম্ভ কৰা দেখা যায় । গ্ৰীষ্ম কালত এই খেতি কৰিব পাৰি যদিও ইয়াৰ খেতিৰ উৎপাদন তুলনামূলকভাৱে কম হয় । সাধাৰণতে  ১৮-২৩ ডিগ্ৰী ছেলচিয়াচত ব্ৰকলি খেতিৰ উপযুক্ত বতৰ ।

ব্ৰ’কলিৰ ফুলৰ থোপাটোক ইয়াৰ উপৰিভাগ (মূৰ) বুলি ধৰা হয় আৰু ই উদ্ভিদটোৰ মাজভাগতে থাকে । এই থোপাটোৰ ৰং সেউজীয়া হয়। সাধাৰণতে ব্রকলি মূৰটোৰ পৰা এক ইঞ্চিমান নিলগত কাটি ব্রকলিৰ ফুলবোৰ ফুলি উজ্বল হালধীয়া হোৱাৰ আগতে শস্য চপাব লাগে ।

গৰমৰ সময়ছোৱাত পোক-পতংগৰ আক্ৰমণৰ বাবে ব্রকলিৰ খেতি বেয়া হয় । পাত খোৱ পোক, বগা মাখি আদি পতংগবোৰৰ পৰা ৰক্ষা কৰিবলৈ ব্ৰ'ক'লিৰ খেতিয়ক সকলে বিশেষ গুৰুত্ব দিব লাগে ।  বেছিলাছ থার্নিজেনেছিছ ছটিয়াই (ম্প্ৰে কৰি) পাত খোৱা পোকবোৰৰ আক্রমণ প্রতিহত কৰিব পাৰি । আনহাতে চিত্ৰনলা আদিৰ দ্বাৰা মাখিৰ আক্ৰমণৰ পৰা ইয়াক ৰক্ষা কৰিব পৰা যায় ।

ব্ৰকলি খতিৰ বীজ জাতঃ

আগতীয়াঃ আর্লি ডেনিছ যাইণ্ট, ডি চিক্ক, গ্রীন ৰাড স্পাৰটন আর্লি কোষ্টেল আৰু আটলান্টিক ৷

বীজ সিঁচাৰ সময়- জুলাইৰ মাজভাগৰ পৰা আগষ্টৰ প্রথম সপ্তাহলৈ ।

মধ্যমীয়াঃ গ্রীন স্প্রাউটিং মেডিয়াম ৷

বীজ সিঁচাৰ সময়- ছেপ্টেম্বৰৰ প্রথম সপ্তাহৰ পৰা অক্টোবৰৰ পৰা শেষ সপ্তাহলৈ ৷

শেহতীয়াঃ ৱালথিম ২৯, গ্রীন মাউন্টেন, কোষ্টেল আৰু আটলান্টিক ৷

বীজ সিঁচাৰ সময়- নৱেম্বৰৰ প্রথম সপ্তাহৰ পৰা শেষ সপ্তাহলৈ ৷

হাইব্রীডঃ চাউদার্ন কমেট, প্রিমিয়ামস আৰু ক্ৰপ, ক্লীপাৰ লেজাৰ, ইমাৰেল্ড কৰনা ৷

মাটি নিৰ্বাচনঃ ব্রকলীৰ বাবে ওখ , ৰদঘাই সাৰুৱা মাটি বাচনি কৰিব লাগে । সামান্য পৰিমাণে অম্লজাত মাটিতো এই খেতি কৰিব পাৰি ।

মাটি প্রস্তুতি: বাৰীখনত যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মৈয়াই সমান কৰি লব লাগে ৷ প্ৰত্যেক তিনিবছৰৰ ব্যৱধানত মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগে ৷ পুলি ৰোৱাৰ ৩০ দিনমানৰ আগে আগে চূণ প্ৰয়োগ কৰিব লাগে ৷

গুটিৰ পৰিমাণ : ৫০০ - ৭০০ গ্রাম / হেক্টৰত ( ৰোৱাৰ বাবে )  ২.০ -২.৫ কি: গ্রাম / হেক্টৰত (সিঁচাৰ বাবে )

ৰোৱাৰ ব্যৱধানঃ (শাৰীৰ পৰা শাৰীলৈ x পুলিৰ পৰা পুলিলৈ)

আগতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি:

মূল : ৬০ ছে: মি: x ৬০ ছে: মি:

শেহতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি:

সাৰ প্ৰয়োগঃ

প্রতি বিঘাত পচন সাৰ- ২০-২৫ কুইণ্টল, ইউৰিয়া-৩০-৬০ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট-৪৮-৬৪ কিলোগ্ৰাম আৰু মিউটে অব পটাছ-৮-১২ কিলোগ্ৰাম আৰু বৰাক্স-১ কিলোগ্ৰাম । ইউৰিয়া সাৰৰ আধা আৰু সমুদায় ছুপাৰ, পটাছ আৰু বৰাক্স পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

পুলিবোৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ যেনে, গ্রীন হাৰভেষ্ট অল-ক্রপ (১০ লিটাৰ পানীত ৭৫ গ্রাম পটাছ) মিহলাই স্পে' কৰিব লাগে।

পৰিচর্য্যাঃ

১.জলসিঞ্চন : ফুলকবি খেতিতকৈ ব্রকলীৰ খেতিত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে প্রয়োজন হয় । সেয়েহে এই খেতিত পাতলীয়া ধৰণে মাজে মাজে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।

২. অপতৃণ নিয়ন্ত্রণ : প্রাৰম্ভিক অৱস্থাত পুলিবোৰৰ মাজে মাজে কোৰ মাৰি মাটিখিনি লৰায় দিব লাগে যাতে বতাহ চলাচল কৰাত সহায় হয় আৰু লগতে অপতৃণৰ পৰাও ৰক্ষা পাব পাৰি ।

জলসিঞ্চন (Irrigation)

পুলি ৰোৱাৰ পিছত এবাৰ মাটি চপোৱাৰ পিছত এবাৰ আৰু ফুল ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ ৰাৰ নিশ্চিত জলসিঞ্চন কৰাৰ প্রয়োজন। তদুপৰি খৰাং বতৰত অধিক জলসিঞ্চনৰ প্ৰয়োজন আছে।

কেনেদৰে ব্ৰকলি যতন ল'বঃ

বেক্টেৰীয়ানাশকৰ ১ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই পুলিৰ গুৰি অংশত স্পে" কৰিব লাগে । পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট আদিয়ে আক্রমণ কৰিব পাৰে । ইয়াক.নিয়ন্ত্ৰণৰ বাৰে ইন্দফিল এম-৪৫ নাইবা বেভিষ্টিন ভেঁকুৰনাশক পাতত স্পে' কৰিব লাগে । পাত খোৱা পলু পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ১.৫ মিলিলিটাৰ প্রতি ১ লিটাৰ পানীত মিহলাই স্প্রে' কৰিব লাগে ।

সেয়ে ব্রকলি ঠন ধৰি উঠাৰ পিছত প্রতি ১৫-২০ দিনৰ মূৰে মূৰে বজাৰত উপলব্ধ অনুসাৰ যেনে, গ্রীন হাৰভেষ্ট- অল ক্রপ, ক্রপ বুষ্টাৰ ট্ৰেচেল-২, মাল্টিপ্লেক্স আদি স্পে’ কৰিব লাগে।

লগতে পঢ়কঃ ব্যৱসায়িক ভিত্তিত ভোট জলকীয়াৰ খেতি কৰাৰ পূ্ৰ্বে জানিবলগীয়া কেইটামান তথ্য

English Summary: How to grow broccoli for profitable production?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.