1. উদ্য়ানশস্য়

ব্যৱসায়িক ভিত্তিত ভোট জলকীয়াৰ খেতি কৰাৰ পূ্ৰ্বে জানিবলগীয়া কেইটামান তথ্য

KJ Staff
KJ Staff
Vut Jolokia
Vut Jolokia

বৰ্তমান সময়ত বজাৰত অধিক চাহিদা লাভ কৰি আহিছে ভোট জলকীয়াই । বজাৰৰ চাহিদা অনুসৰি ভোট জলকীয়া খেতিয়ক সকলেও অধিক লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । গতিকে লাভ উপাৰ্জনৰ বাবে আপুনি যদি ভোট জলকীয়াৰ খেতি কৰিব বিচাৰে তেন্তে আপুনি কেইটামান তথ্য জানি লোৱাতো অতি প্ৰয়োজন ।

ভোট জলকীয়া খেতিয়ক সকলে কি কি কথা গুৰুত্ব দিবঃ

  • ভোট জলকীয়া বীজৰ বাবে প্ৰথমে আপুনি সম্পূৰ্ণ পূৰঠ আৰু পকা নিৰোগী ফলহে সংগ্ৰহ কৰিব লাগে । ইয়াৰ লগতে বীজৰ বাবে ফল সংগ্ৰহণ কৰে শস্য ডৰাৰ মাটি অধিক উৎপাদনক্ষম হোৱাৰ প্ৰয়োজন আছে ।
  • বীজৰ বাবে লোৱা ভোট জলকীয়াটো ৰোগীয়া হ’ব নালাগে । আকাৰত সমান পকা জলকীয়াহে বীজৰ বাবে আপুনি সংগ্ৰহ কৰক ।
  • সিঁচাৰ পূৰ্বে বীজখিনি শতকৰা ০.৩ মাত্ৰাৰ ট্ৰাইচ’ডিয়াম ফছফেট (Trisodium phosphate)দ্বাৰা শোধন কৰক । বীজসমূহ ঔষধৰ মিশ্ৰণত ৫-১০ মিনিট পৰ্যন্ত ডুবাই ৰাখি সম্পুৰ্ণ ছাঁ পৰা ঠাইত শুকুৱাই বীজতলীত সিঁচিব ।
  • বীজতলীৰ পুলিবিলাক নাইলন সুতাৰে তৈয়াৰী (৩০ ছিদ্ৰযুক্ত) আঁঠুৱাৰে মূল পথাৰলৈ নিয়ালৈকে ঢাকি ৰাখিব লাগে । পুলি ৰোপণ কৰাৰ পাছত কাষৰ মাটি অংশ হেঁচি টান কৰি দিব লাগে ।
  • ভালদৰে পূৰঠ হৈ ৰং ধৰা উজ্জ্বল ফলবোৰেহে গছৰ পৰা চপাব লাগে । লগতে ভালদৰে প্ৰতিপালন কৰি ভোট জলকীয়াৰ খেতি কৰিলে এজোপা গছৰ পৰা ২০০ টাকৈ জলকীয়া পাব পাৰি ।
  • অপতৃণসমূহ জলকীয়াৰ পথাৰৰ ভিতৰত আৰু ওচৰে-পাঁজৰে গজিবলৈ নিদিব । এইসমূহ ভাইৰাছজনিত বেমাৰৰ বাহক হ’ব পাৰে । বেমাৰী জলকীয়া গছবোৰ দেখা পোৱাৰ লগে লগেই উঘালি জ্বলাই পেলাব লাগে ।
  • গছৰ গুৰি আৰু কাণ্ড পচা বেমাৰ নিয়ন্ত্ৰণৰ বাবে বেভিষ্টিন আৰু কেপটান নামৰ ঔষধ শতকৰা ০.১ আৰু ০.২৫ মাত্ৰাত মিহলাই গুৰিত ৬ চে.মি. পৰ্যন্ত তিতি যোৱাকৈ বেমাৰ দেখা দিয়াৰ সময়তে প্ৰয়োগ কৰিলে নিয়ন্ত্ৰণ হ’ব ।
  • ভোট জলকীয়াৰ খেতি ওখ, পানী জমা নোহোৱা, শুকান, ফচফচীয়া , আধা ৰ’দ পৰা ঠাইত কৰিলে গছৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে গছজোপাৰ বহুতো বেমাৰ-আজাৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায় । অনিয়ন্ত্ৰিত সাৰ, পানী যোগান আদিয়ে খেতিৰ সুফল অনাতকৈ অনিষ্টহে কৰে । গতিকে মনত ৰাখিব সাৰ-পানীৰ যোগান কৰোতে প্ৰয়োজন অনুসৰি হে কৰিব ।
  • মন কৰিলগীয়া অন্যন এটা কথা হ'ল, এবাৰ বেমাৰে আক্ৰমণ কৰা মাটিত দ্বিতীয়বাৰ ভোট জলকীয়াৰ খেতি নকৰি, কবি-বিলাহী আদিৰ খেতি কৰিব লাগে । ইয়াৰ দ্বাৰা মাটি ডৰা সুস্থ কৰিব পাৰি ।

লগতে পঢ়কঃ জলকীয়া খেতিৰ কীট-পতংগ আৰু বেমাৰ প্ৰতিৰোধৰ বাবে কি কৰিব ? জানিবলৈ পঢ়ক...

English Summary: A few facts to know before cultivating chillies on a commercial basis

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.