
অসমীয়া থলুৱা খাদ্যৰ এবিধ অন্যতম খাদ্য হৈছে বাঁহৰ গাজ। কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন ঠাইত ইয়াৰ জনপ্রিয়তা বিদ্যামান৷ কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? ই আমাৰ স্বাস্থ্যৰ বাবে প্রয়োজনীয় উপাদানেৰে সমৃদ্ধ। ইয়াৰ বহু বেমাৰৰ লগতে কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। তাৰোপৰি বহুধৰণে ই আমাৰ দেহৰ বাবে উপকাৰী-
তলত ইয়াৰ উপকাৰিতা সম্বন্ধে আলোচনা কৰা হ'ল -
প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ
বাঁহৰ গাজত থকা খনিজ লৱণ, ভিটামিন, এণ্টি-অক্সিডেণ্টে আমাৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতা শক্তিশালী আৰু বৃদ্ধি কৰে৷ শৰীৰৰ স্নায়ুজনিত সমস্যাৰ পৰাও মুক্ত কৰিব পাৰে বাঁহৰ গাজে।
কেঞ্চাৰ প্ৰতিৰোধী উপাদানঃ বাঁহৰ গাজত থাকে ফাইটোষ্টোৰাল, যি ফ্লেবোন, ক্ল'ৰফিল আৰু এমাইলেজৰে গঠিত। ফাইটোষ্টোৰালত প্ৰচুৰ পৰিমাণে কেঞ্চাৰ প্ৰতিৰোধী উপাদান থাকে। বিশেষকৈ ই খাদ্য পাকস্থলী, স্তন, হাঁওফাঁও আৰু অণ্ডকোষৰ কৰ্কট ৰোগ প্ৰতিৰোধী কাম কৰে।
সুস্থিৰ ৰক্তচাপঃ বাঁহ গাজত থকা প্ৰচুৰ পৰিমাণৰ পটাছিয়ামে মানৱ দেহৰ ৰক্তচাপ সুস্থিৰ কৰি ৰাখে। পটাচিয়ামে আমাৰ হাঁওফাঁওৰ স্পন্দন সুস্থিৰ কৰি ৰখাৰ লগতে স্বাস্থ্যৱান কৰি ৰাখে।
ঋতুস্ৰাৱঃ মহিলাৰ ঋতুস্ৰাৱজনিত সমস্যা সমাধানত সহায়ক হয় বাঁহৰ গাজ। অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা সমাধানৰ লগতে প্ৰজনন, প্ৰসৱোত্তৰ ৰক্তপাতৰ সমস্যাৰ পৰা মুক্ত কৰে বাঁহ গাঁজে।
প্ৰচুৰ পৰিমাণৰ এণ্টি-অক্সিডেণ্টঃ অত্যধিক এণ্টি-ইনফ্লেমেটৰী আৰু প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টৰ বাবে হৃদৰোগ তথা কেঞ্চাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে।
সুস্থ পাচন তন্ত্ৰঃ বাঁহ গাজত থাকে উচ্চ হাৰত আঁহ। এই আঁহে আমাৰ পাচন তন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে পেটৰ সমস্যা দূৰ কৰিব পাৰে।
Share your comments