1. স্বাস্হ্য আৰু জীৱন

আপোনাৰ খাদ্য তালিকা হ্রাস নকৰাকৈ ওজন কমাব পাৰে! অনুসৰণ কৰক এই নিয়মসমূহ - ( how to lose weight without changing foodslist)

KJ Staff
KJ Staff
Lost weight
Lost weight

   বহুতো মানুহ ওজনৰ সমস্যাত ভুগি আছে। তেওঁলোকে ওজন হ্ৰাস কৰিবলৈ একাধিক পদ্ধতি ব্যৱহাৰ কৰে। বহুতো লোকৰ ভুল ধাৰণা আছে যে খোৱাৰ পৰিমান কমালে বা খাদ্য তালিকা হ্ৰাস কৰি ওজন হ্ৰাস কৰিব পাৰে। কিন্তু চিকিৎসক আৰু পুষ্টিবিদসকলে কয় যে যদি আপুনি আপোনাৰ প্রয়োজনীয় খাদ্য গ্রহণ নকৰে বা এসাঁজা লঘোনে থাকে, তেনেহ'লে ওজন হ্ৰাস নহয়৷ ইয়াৰ বিপৰীতে, ই পাচন সমস্যা সৃষ্টি কৰে আৰু বিপাক প্ৰভাৱিত কৰে। গতিকে, খাদ্য তালিকা হ্রাস নকৰাকৈ বা পৰিমাণ নকমাকৈ এই নিয়মবোৰ অনুসৰণ কৰিলে ওজন হ্ৰাস হ'ব পাৰে। আপোনাৰ পেটও ভাল হ'ব পাৰে। 

  ওজন হ্ৰাস কৰিবলৈ বা স্বাস্থ্যৱান থাকিবলৈ সকলোৱে প্ৰথমে খাদ্যৰ গ্রহণত সর্তক হব লাগিব। সুষম আহাৰ গ্ৰহণে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰে। আপুনি নিজকে জাঙ্ক ফুডৰ পৰা আঁতৰত ৰাখিব লাগিব আৰু তেলযুক্ত খাদ্যৰ পৰা নিজকে দূৰত ৰাখিব লাগিব। এই খাদ্যবোৰৰ পৰিৱৰ্তে, আহাৰত অধিক শাক-পাচলি গ্রহণ কৰিব পাৰে।

নিয়ম সমূহ -

1.বাহিৰৰ খাদ্যৰ পৰিৱৰ্তে ঘৰত তৈয়াৰ কৰা খাদ্য খালে পেট আৰু শৰীৰ দুয়োটা স্বাস্থ্যকৰ ৰাখিব পাৰে। অধিক গাখীৰ, দৈ, পিনাট বাটাৰ খালে ওজন হ্ৰাস হ'ব পাৰে। ক্ৰীম, মাখন বা মেওনেজ নোখোৱা ভাল। অধিক প্ৰ'টিন আৰু ফাইবাৰযুক্ত খাদ্য খাব। ইয়াৰ ফলত সোনকালে ওজন হ্ৰাস হয়। ফল, দৈ, মুৰ্গী আৰু পাচলি, কণী-ময়দাৰ ৰুটি, ৰাজমা-পাচলি খালে পেট ভাল হ'ব। ওজনও নিয়ন্ত্ৰণত থাকিব।

2. জীৱনশৈলীৰ পৰিৱৰ্তন - দীঘলীয়া সময় ধৰি এটা ঠাইতে বাহি কাম কৰিব নালাগে। মাজে মাজে অলপ ঘূৰি ফুৰিব লাগে। কেতিয়াবা কাষত হাত ভৰি প্ৰসাৰিত কৰাটো ভাল। প্ৰতিদিনে ৩০ মিনিট খোজ কাঢ়ি ব্যায়াম কৰাটো অতি গুৰুত্বপূৰ্ণ। ই ওজন হ্ৰাস কৰে।

3. কফি আৰু মিঠা পানীয় পৰিহাৰ কৰিব লাগে - কফি খোৱা কম কৰিব লাগে আৰু মিঠা পানীয়, বিশেষকৈ শীতল পানীয় বা পেকেট পানীয় খোৱাটো কমাব লাগে। ইয়াৰ পৰিৱৰ্তে ফলৰ ৰস, নাৰিকলপানী আদি খোৱা ভাল। ই ওজন নিয়ন্ত্ৰণ কৰে, ডায়েবেটিচ বা মেদবহুলতা হ্ৰাস কৰে।

4. ওজন বৃদ্ধিৰ অন্যতম কাৰণ হৈছে মানসিক চাপ। গতিকে হাজাৰ হাজাৰ কামৰ চাপতো নিজকে সতেজ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও, সুৰা সেৱন আৰু ধূমপান কমোৱা প্ৰয়োজনীয়তা আছে।

English Summary: Best way to lose weight without changing foodslist in assamese krishi jagran

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.