Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 April, 2022 3:33 PM IST
লাভজনক গাহৰি পাম

অসমৰ যুৱক যুৱতী সকলৰ মাজত ব্যাপক হাৰত প্ৰসাৰতা লাভ কৰিছে গাহৰি পামে ।বহু শিক্ষিত যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ আশা নকৰি গাহৰি পামৰ জৰিয়তে উপাৰ্জনৰ পথ বাছি লৈছে আৰু উপাৰ্জন  বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । বজাৰত গাহৰি মাংসৰ চাহিদাই গাহৰি পামৰ বৃত্তিটো অধিক লাভজন কৰি তুলিছে ।

চাহিদা অনুসৰি গাহৰি পাম আৰম্ভ কৰিবলৈ প্ৰধানকৈ প্ৰয়োজন হয় এডোখৰ উপযুক্ত স্থানৰ । উপযুক্ত স্থানৰ জৰিয়তে গাৰহি পামৰ পৰা আশা কৰা ধৰণে লাভ উপাৰ্জন কৰিব পাৰিব । গতিকে গাহৰি পাম আৰম্ভ পূৰ্বে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব গাহৰি পামৰ স্থান নিৰ্বাচন ।

গাহৰি পামৰ বাবে ঠাইডোখৰ কেনেকুৱা হ'ব লাগে?

  • গাহৰি পাম আৰম্ভ কৰিবলৈ লোৱা ঠাই ডোখৰ সাধাৰণতে ওখ হ'ব  লাগে । ইয়াৰ লগতে ঠাই ডোখৰ ৰ'দ ঘাই হোৱাটো অতি প্ৰয়োজন ।
  • দ্বিতীয়তে আপুনি যি ডোখৰ ঠাইত গাহৰি পাম আৰম্ভ কৰিবলৈ লৈছে সেই ঠাই পানীৰ সু-ব্যৱস্থা কৰিব ল'ব লাগিব । পামখনৰ প্ৰয়োজন অনুসৰি যাতে আপুনি পানীৰ যোগান ধৰিবৱ পাৰে তাৰ বাবে পানীৰ সু-ব্যৱস্থা থকাটো অতি প্ৰয়োজন ।
  • তৃতীয়তে পামখনৰ বাবে বিজুলীৰ সু-ব্যৱস্থা কৰা । সেই ঠাইত আপুনি পাম আৰম্ভ কৰিব সেই ঠাই বিদ্যুতৰ সু-ব্যৱস্থা কৰি ল'ব । যাতে পোহৰৰ ব্যৱস্থা কৰিব বাবে আপোনাৰ কোনো অসুবিধা নহয় ।
  • ইয়াৰ সমান্তৰালভাৱে ঠাই ডোখৰ যোগযোগ ব্যৱস্থা উন্নত হ'লে ভাল । ঠাই ডোখৰৰ ৰাস্তা-ঘাট যান-বাহনৰ বাবে সূচল হ’ব লাগে ।

গাহৰি পামৰ ঘৰ কেনেদেৰ নিৰ্মাণ কৰিবঃ

গাহৰি পালনৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে ঘৰ সজা প্ৰয়োজন । গাহৰিয়ে বেছি তাপ বা অধিক শীত সহ্য কৰিব নোৱাৰে । সহজে বতাহ, পোহৰ চলাচল কৰিব পৰা আহল-বহল ঘৰ গাহৰিৰ বাবে উপযোগী । আহল-বহল ঘৰত গাহৰিয়ে সহজে ঘূৰা-ফুৰা কৰিব পাৰে আৰু ডাঙৰ হয় ।

মজিয়াখন টান আৰু শুকান হ’ব লাগে যাতে পানী, মল-মূত্ৰ পৰি সেমেকি নাথাকে । মজিয়াখন কাঠেৰে সাজিলে ভালকৈ পৰিষ্কাৰ কৰিবলৈ অসুবিধা হয়, সেয়ে খহটাকৈ পকা কৰি ল’ব পাৰিলে বেছি ভাল হয় । নিমজ মজিয়াত গাহৰি পিছল খোৱাৰ আশংকা থাকে ।

লগতে পঢ়কঃ লাভজনক উপাৰ্জনৰ বাবে মাছৰ খাদ্য কেনেদৰে সংৰক্ষণ কৰিব ?

বৰষুণৰ পানী সোমাব নোৱাৰাকৈ খেৰ, টিনৰে গাহৰি ঘৰৰ চালখন নিৰ্মাণ কৰিব লাগে । লগতে ঘৰটোৰ চাৰিওফালৰ বেৰৰ উচ্চতা ৪-৫ ফুট হোৱা প্ৰয়োজন । দুৱাৰ-খিৰিকীসমূহ পানী সোমাব নোৱাৰাকৈ দিব লাগে ।

গাহৰিৰ গড়ালৰ ভিতৰত বা বাহিৰত দানা দিয়াৰ ব্যৱস্থা কৰা উচিত । দানাৰ পাত্ৰটো যথেষ্ট গধুৰ হোৱা উচিত যাতে গাহৰিয়ে দানা খোৱাৰ সময়ত পাত্ৰটো লুটি খুৱাই দানা নষ্ট কৰিব নোৱাৰে । স্থায়ীভাৱে পকা কৰিও দানাৰ পাত্ৰ সাজিব পাৰি । তেনে পাত্ৰ সাজিলে পাত্ৰৰ তলি এফালে এঢলীয়া কৰি দিব লাগে যাতে পৰিষ্কাৰকৈ ধুব পৰা যায় । পাত্ৰটো মজিয়াৰপৰা ৬ ইঞ্চিমান ওখ হোৱা উচিত ।

গাহৰি পালকৰ বাবে অতি গুৰুত্বপূৰ্ণঃ

বেলেগ বেলেগ গাহৰিৰ বাবে প্ৰয়োজনীয় ঠাইৰ পৰিমাণো বেলেগ বেলেগ হয় । প্ৰাপ্তবয়স্কৰ বাবে ২০-২৫ বৰ্গফুট, ষাড় গাহৰিৰ বাবে ৭০-৮০ বৰ্গফুট হ’ব লাগে গাহৰিৰ গৰটো । পোৱালি দিয়া গাহৰিৰ বাবে কোঠালীটোৰ মজিয়া ৮০-১০০ বৰ্গফুট হ'ব লাগে ।

উল্লেখ্য যে,  মজিয়াৰ বাদেও গাহৰিৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে(গড়ালৰ লগতে) পামখনত বেৰা দিয়া মুকলি ঠাই থাকিব লাগে ।

লগতে পঢ়কঃপশুধনৰ মাৰাত্মক জহৰবাত বেমাৰ কি আৰু ইয়াৰ প্ৰতিকাৰ, জানিবলৈ পঢ়ক

English Summary: Suitable place and house for pig farming
Published on: 24 April 2022, 03:10 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now