1. পশুপালন

লাভজনক উপাৰ্জনৰ বাবে মাছৰ খাদ্য কেনেদৰে সংৰক্ষণ কৰিব ?

KJ Staff
KJ Staff

বাৰিষাৰ সময়ছোৱা হৈছে অসমৰ মীন পালকসকলৰ বাবে উপযুক্ত সময় । এই সময়তে মীন পালক সকলে মাছৰ পোনা উৎপাদন কৰাৰ লগতে পুখুৰী বা অন্যান্য মৎস্য পালনৰ সুবিধা থকা ঠাইত মাছৰ পোনা মেলাৰ আৰম্ভ কৰে ।

এই সময়ছোৱাত মীন পালক সকলে এক ভাল উৎপাদন আশা কৰে । যাৰ বাবে তেওঁলোকে প্ৰাকৃতিক খাদ্যৰ উপৰিও পৰিপূৰক খাদ্য মাছবোৰক যোগান ধৰে । বৰ্তমান কৃষি বিপনী সমূহতো বিভিন্ন ধৰণৰ মাছৰ খাদ্য উপলব্ধ ।

কিন্তু এই খাদ্যসমূহ যোগান ধৰা পূৰ্বে মীন পালক সকলে এটা কথা অতি গুৰুত্ব দিব, সেয়া হৈছে মাছৰ খাদ্যৰ মানদণ্ড বজাই ৰখা । যদি খাদ্যৰ মানদণ্ড ভাল নহয়, স্বাস্থ্যকৰ পোনা আৰু মাছ উৎপাদন কৰিব নোৱাৰি ।

ভাল খাদ্যৰ মানদণ্ড বজাই ৰখাৰ বাবে খাদ্য সামগ্ৰী সঠিক ভাৱে সংৰক্ষণ কৰাটো অতি গুৰুত্ব । উপযুক্ত খাদ্যৰ অভাৱে মাছবোৰ সহজে ৰোগগ্ৰস্ত হয় আৰু মাছৰ মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পায় । গতিকে মাছৰ খাদ্য সংৰক্ষণৰ বাবে আপুনি কোন কেইটা দিশত গুৰুত্ব দিব ।

খাদ্যত আৰ্দ্ৰতাঃ যদি খাদ্যত আৰ্দ্ৰতাৰ পৰিমাণ 10%-তকৈ অধিক হয়, তেন্তে সেই খাদ্যত ভেঁকুৰ বা কীট-পতংগ অৱস্থিতি বৃদ্ধি হ'ব পাৰে । তদুপৰি বায়ুত আপেক্ষিক আৰ্দ্ৰতা 65%-তকৈ যাতে অধিক নহয় তাৰ ওপৰতো গুৰুত্ব দিব ।

উষ্ণতাঃ অত্যাধিক উষ্ণতাৰ বাবে খাদ্যৰ পুষ্টিগত মূল্য হেৰাই যায়। পতংগবোৰ 26-30 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত খুব ভালদৰে বিকশিত হ'ব পাৰে আৰু সেইবোৰৰ মল-মূত্ৰৰ জৰিয়তে বেক্টেৰিয়া বিয়পে ।

ৰ'দঃ ৰ’দত খাদ্য খোলা ৰাখিলে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ পৰে । ইয়াৰ ফলত খাদ্যৰ থকা ভিটামিনৰ পৰিমাণ হ্ৰাস পাব পাৰে ।

খাদ্য সংৰক্ষণ সঠিক পদ্ধতিঃ

  • খাদ্যবোৰ বায়ু-প্ৰতিৰোধী পলিথিন বা পেষ্টত বা শীতল আৰু শুকান স্থানত মুখবন্ধ পাত্ৰত ৰাখিব লাগে। কেতিয়াবা এই খাদ্য পুনৰ ৰ'দত শুকোৱা ভাল।
  • খাদ্যবোৰ পৰিষ্কাৰ, শুকান, সুৰক্ষিত আৰু পৰ্যাপ্ত বায়ু চলাচলৰ বাবে কোঠাত ৰাখিব লাগে।
  • পোক-পতংগ নিয়ন্ত্ৰণ কৰিবলৈ খাদ্য বস্তাৰ তলত আৰু চাৰিওফালে ছাই ছটিয়াব পাৰি।
  • খাদ্যবোৰ তিনি মাহৰ অধিক সময় দোকানত ৰাখিব নালাগে। ইয়াৰ মাজতে, ইয়াক ব্যৱহাৰ কৰিব লাগে।
  • খাদ্যবোৰ নিগনি বা আন জন্তুৰ পৰা মুক্ত স্থানত সংৰক্ষণ কৰিব লাগে।
  • খাদ্যবোৰ কীটনাশক আৰু অন্যান্য বিষাক্ত পদাৰ্থৰ সৈতে ৰাখিব নালাগে।

অধিক আৰু নিশ্চিত তথ্যৰ বাবে মীন পালন বিশেষজ্ঞৰ সৈতে যোগাযোগ তথা আলোচনা কৰক । 

লগতে পঢ়কঃ শ’ল মাছৰ উৎপাদন পদ্ধতি

English Summary: Fish Farming: How to store fish food

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.