1. পশুপালন

প্ৰত্যেক দিনে ৫০ লিটাৰকৈ গাখীৰ উৎপাদন ! জানো আহক গীৰ গাইৰ বিষয়ে...

KJ Staff
KJ Staff

গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে প্ৰথম স্থানত আছে গীৰ গাই । বৰ্তমান সময়ত এই প্ৰজাতিৰ গাখীৰতী গৰুৱে আন প্ৰজাতিৰ তুলনাত সৰ্বাধিক গাখীৰ দিয়ে ইতিমধ্যে প্ৰমাণিত হৈছে । শেহতীয়াকৈ গৰুখুটি প্ৰকল্পটো গাখীৰ উৎপাদনৰ বাবে গুজৰাটৰ পৰা গীৰ গাই আমদানি কৰিছে চৰকাৰে ।

গুজৰাটৰ গীৰ অৰণ্যত পোৱা এই গৰুৰ প্ৰজাতিটোৱে অন্যৰ তুলনাত অধিক গাখীৰ উৎপাদন কৰাই নহয়, এই গৰুবিধ নিৰোগী । অৰ্থাৎ এই গৰুবিধৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক । সেয়েহে লাভজনক উপাৰ্জনৰ বাবে ভাৰতবৰ্ষৰ অধিক সংখ্য়ক পশুপালকেই এই গৰুবিধ পালন কৰে ।

পশুপালনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি'বলগীয়া কথা হ'ল উৎপাদনি ব্যয় । গীৰ গাই পালক সকলৰ লাভজনক হোৱাৰ মূল কাৰণটো হ'ল, এই গৰু বিধৰ দ্বাৰা পালক সকলে বহু কম ব্যয়ত গাখীৰ উৎপাদন কৰিব পাৰে । ইয়াৰ বিপৰীতে গীৰ গাইৰ পৰা অধিক গাখীৰ উৎপাদন লাভ কৰে পালক সকলে । প্ৰতিদিনে ৫০ লিটাৰলৈকে গীৰ গাইৰ পৰা গাখীৰ উৎপাদন আশা কৰিব পাৰে পালক সকলে ।

এই গৰুবিধৰ  প্ৰস্ৰাৱ আৰু গোবৰৰ চাহিদাও অধিক । বজাৰত গীৰ গৰুৰ গোবৰৰ এটা দাম আছে । গতিকে এই গীৰ গাই গোবৰৰ পৰাও পালক সকলে এক ভাল উপাৰ্জন লাভ কৰে । ই গীৰ গাই পালনৰ এক ইতিবাচক দিশ ।

পিছে গীৰ গাই দুটা ভাগত বিভক্ত, ইয়াৰে এটা হৈছে স্বৰ্ণ কপিলা আৰু আনটো দেৱমণি । অৱশ্যে এই দুয়োটা ভাগৰে উৎপাদনী ক্ষমতা একে । এই প্ৰকাৰৰ গীৰ গাইৰ বৰণ মুখ্যতঃ ৰঙা । গীৰ গাইৰ কপাল ডাঙৰ আৰু কাণ দীঘল হোৱাৰ লগতে শিংবোৰো দীঘল হোৱা আৰু বেকা হয় ।

গীৰ গাইৰ বয়স সাধাৰণতে ১২-১৫ বছৰ । এজনী গীৰ গাইয়ে জীৱন কালত ৬-১২ টা পোৱালি জন্ম দিব পাৰে আৰু প্ৰাপ্তবয়স্ক কালত গীৰ গাইৰ ওজন হয় প্ৰায় ৪০০-৪৭৫ কিলোগ্ৰাম ।

খাদ্যৰ ক্ষেত্ৰত এই গাই বিধক পুষ্টিকৰ আহাৰ যোগান ধৰিব লাগিব । গীৰ গাইক বিনোলা খালি, চানা আৰু মুং পাউদাৰ, ঘেহু আৰু মাকৈৰ দানা, চয়াবিন পাউদাৰ, খনিজ মিশ্ৰণ আৰু নিমখৰ মিশ্ৰণ বনাই খুৱাব লাগে পালক সকলে  । ১০০ কিলোগ্ৰাম আহাৰৰ মিশ্ৰণ বনাবলৈ ১০ কিলো বিনোলা খালি, চানা আৰু মুং পাউদাৰ ২৫ কিলো, ৪০ কেজি ঘেহু আৰু মাকৈৰ দানা, ২২ কিলো চয়াবিন পাউদাৰ, ২ কিলো খনিজ মিশ্ৰণ আৰু এক কিলো নিমখৰ দৰকাৰ ।

লাভজনক এই গাইবিধ গুজৰাটৰ সৌৰাষ্ট্ৰ, ৰাজকোট, জুনাগড়, সোমনাথ, ভাৱনগৰ আৰু আমৰেলী জিলাত সৰ্বাধিক পালন কৰা দেখা যায় । তদুপৰি বৰ্তমান এই গাইবিধৰ জনপ্ৰিয়তা ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা, অসম আৰু উত্তৰ প্ৰদেশৰ উপৰিও ব্ৰাজিললৈকে বিয়পি পৰিছে ।

লগতে পঢ়কঃ Milk Production: অধিক গাখীৰ উৎপাদন কৰিবলৈ আপুনি পালন কৰক এই প্ৰজাতিৰ গৰু

English Summary: Gir Cow Gives 50 Liters of Milk per Day

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.