এতিয়া পুখুৰীত মাছৰ পোনা মেলাৰ সময়। গতিকে এই লেখাটোত মাছৰ পোনা পুখুৰীত মেলাৰ পূৰ্বে কৰিবলগা কেইটামান কামৰ বিষয়ে আলোচনা কৰিম। মাছৰ পোনা পুখুৰীত মেলাৰ আগতে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে- এই সন্দৰ্ভত মীনপালক তথা মীন ব্যৱসায়ী অনুপ শৰ্মাই সামাজিক মাধ্যমত এটা ফেচবুক পোষ্ট দিছে। পোষ্টটোত লিখা কথাখিনি তলত উল্লেখ কৰা হ'ল।
১. এতিয়া পুখুৰী খালি কৰি পুৰণি মাছ উঠাই বিক্ৰী কৰা উচিত। পুৰণি মাছ পৰাপক্ষত নাৰাখিব।
২. মেটেকা, ঘাঁহ বন চিকুনাই ৰাখিব
৩. বিঘা প্ৰতি 30-40 kg চূণ গলাই থৈ পিছদিনা দিব। যদি পুৰণা মাছ থাকে বিঘাই প্ৰতি ১০ কেজি দিব।
৪. চূণ দিয়াৰ 4 দিন পাছত নতুন পুখুৰীত বিঘা প্ৰতি 1 ট্ৰেক্টৰ ফ্রেছ গোবৰ দিব। পুৰণি পুখুৰীত আধা ট্ৰেক্টৰ গোবৰ দিব।
৫. গোবৰ দিয়া পিছত নতুনকৈ খন্দা পুখুৰীত বিঘা প্ৰতি 20 কেজি খলিহৈ দিব। পুৰণি পুখুৰীত নিদিলেও হব।
৬. বিঘাত দুই কেজি ইউৰিয়া আৰু 4 কেজি চুপাৰ ফচফেট দিব পাৰে। পানীত গুলি ছটিয়াই দিব।
৭. পানী দিব, প্ৰায় তিনিফুট পানী থাকিব লাগিব
৮. পানীৰ ৰং সেউজীয়া হৈ ঈষৎ মাগুৰ বৰণীয়া হোৱা মাত্ৰকে পোনা মেলিব।
এনেদৰে আৰম্ভ কৰকচোন। ভাল ফল পাব।
সময় সলনি হৈছে। পূৰ্বতে যিদৰে মাছ পালন কৰি অহা হৈছিল। সেইদৰেই বৰ্তমান কৰি থাকিলে আমাৰ কৃষকসকল আগবাঢ়ি যাব নোৱাৰিব। মীনপালন ক্ষেত্ৰখনলৈ অহা নতুন কথাবোৰক আকোঁৱালি আগবাঢ়িব পাৰিলে সফলতা লাভ কৰিব পাৰিব।
লগতে পঢ়ক-