1. পশুপালন

ব্ৰইলাৰ ফাৰ্মিঙৰ পূৰ্বে জানিবলগীয়া কেইটামান বিজ্ঞানসন্মত পদ্ধতি...

RAHUL ALI
RAHUL ALI

কেৱল মাত্ৰ মাংসৰ বাবে প্ৰতিপালন কৰা ব্ৰইলাৰ হৈছে এবিধ উন্নত মানৰ অতি সোনকালে বাঢ়িব পৰা ক্ষমতা থকা কুকুৰা । ব্ৰইলাৰ  মাত্ৰ ৭/৮ সপ্তাহ বয়সত ১.৫ ৰ পৰা ২ কেজি পৰ্যন্ত ওজন হয় ৷ সেয়েহে বৰ্ধিত জনসংখ্যা, অভূতপূৰ্ব নিবনুৱা সমস্যাই জৰ্জৰিত কৰা অসম তথা ভাৰতবৰ্ষত এই ব্ৰইলাৰ কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে ৷

ফাৰ্মৰ বাবে স্থান নিৰ্বাচন আৰু ঘৰ নিৰ্মাণঃ

কুকুৰাৰ ঘৰ নিৰ্মাণ কৰাৰ ঠাই ডোখৰ ওখ, শুকান, ৰ’দ পৰা, পানী, বিজুলী, যান-বাহন আৰু বজাৰৰ সুব্যৱস্থা থকা উচিত ৷ স্থানীয় সামগ্ৰীয়ে তৈয়াৰ কৰা ঘৰটো ভেটিৰ পৰা ৩ ফুট ওখলৈ সম্পূৰ্ণ বেৰ দি ওপৰৰ অংশত বাঁহ, তাঁৰৰ জালি আদিৰে আৱদ্ধ কৰি দিব লাগে ৷

মজিয়াখন পকা হ’লে ভাল হয় ৷ ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত কীটনাশক ছটিয়াই পৰিস্কাৰ কৰি ল’ব লাগে  ৷ শুকান ডাঠ মাটিৰ ওপৰত ২-৩ ইঞ্চিমান তুঁহ গুৰি বা কাঠৰ গুৰি পাৰি দি লিটাৰ প্ৰস্তুত কৰিব পাৰি৷ প্ৰতিটো ব্ৰইলাৰৰ বাবে ১ বৰ্গফুটকৈ মজিয়াৰ জোখত ঘৰটো নিম্ৰ্মাণ কৰা হয় ৷

প্ৰতিটো কোঠাত ২৫০-৩০০ টাতকৈ অধিক কুকুৰা নৰখাই ভাল ৷ এদিনীয়া পোৱালীবোৰ ৭-৮ সপ্তাহলৈ ৰাখি বিক্ৰি কৰাৰ পিছত, ঘৰটো ১০-১৫ দিন খালি কৰি ৰাখিব লাগে ৷ এই সময়ছোৱাত কুকুৰা ঘৰটো পৰিস্কাৰ কৰি পুনৰ বীজাণুনাশক দ্ৰব্য ছটিয়াব লাগে ৷

পোৱালী ৰখা ঘৰ

এদিনীয়া পোৱালীবোৰ পামলৈ অনাৰ পিছতেই বিশেষভাৱে নিৰ্মাণ কৰা বুডাৰ বা তোলনীয়া ঘৰত ৰখা হয় ৷ এই সময়চোৱাত এটা বুডাৰত ৬০ ৱাট ক্ষমতাৰ ৪ টা বাল্ব জ্বলাই ৰাখিব লাগে ৷ বুডাৰৰ চাৰিওফালে চিক্ৰ্গাড লগোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে পোৱালীবোৰ বুডাৰৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে ৷

বুডাৰৰ ভিতৰতে পানী আৰু দানা ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ ছয় ফুট দীঘল আৰু চাৰি ফুট বহল এটা কাঠৰ বুডাৰত ৩৫০টা পোৱালী ৰাখিব পৰা যায় ৷ পোৱালী জন্মাৰ প্ৰথম সপ্তাহত বুডাৰ উষ্ণতা ৯৫ ডিগ্ৰী ফাৰেণহাইট আৰু পিচত প্ৰত্যেক সপ্তাহত অন্তত ৫ ডিগ্ৰী ফাৰেণহাইটতকৈ কমাই ৪ সপ্তাহৰ শেষত কৃত্ৰিম উত্তাপ দিয়াৰ প্ৰয়োজন নহয় ৷

জাৰকালি পাৰিপাশ্বিক উষ্ণতা ১০ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ কম হ’লে কুকুৰাঘৰৰ আটাইবোৰ লাইট জ্বলাই ৰাখিব লাগে ৷ অন্যথাই দিনৰ ভাগত লাইটবোৰ জ্বলাই ৰখাৰ প্ৰয়োজন হয় ৷ প্ৰথম চাৰিদিন লিটাৰখিনিৰ ওপৰত খবৰ কাগজ পাৰি দিব লাগে যাতে পোৱালীবোৰে লিটাৰ খাব নোৱাৰে ৷

দানা পানীৰ যোগান

দানা যোগানৰ বাবে দীঘলীয়া বা ঘূৰণীয়া দানাৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি ৷ দুসপ্তাহ বয়সলৈকে প্ৰত্যেক পোৱালীকে দীঘলে ২.৫ চে:মি: ঠাইৰ প্ৰয়োজন ৷ সেইদৰে ৩-৬ সপ্তাহলৈ ৫ চে:মি: আৰু সপ্তম সপ্তাহৰ পৰা ৭.৫ চে:মি: ঠাইৰ প্ৰয়োজন ৷ ব্ৰইলাৰক ৫ সপ্তাহ বয়সলৈ ষ্টাৰ্টৰ দানা আৰু তাৰ পিছত ফিনিছাৰ দানা খুৱাব লাগে ৷

প্ৰথম তিনিদিন পোৱালীক দানাৰ পাত্ৰ পূৰাকৈ, পিচৰ সাতদিন পাত্ৰৰ আধালৈকে আৰু তাৰ পিছত পাত্ৰটোৰ এক-তৃতীয়াংশ পূৰ হোৱাকৈ দানাৰ যোগান ধৰিব লাগে ৷ ব্ৰইলাৰ কুকুৰাক প্ৰচুৰ পৰিমাণে নিৰ্মল পানী যোগান ধৰা উচিত৷ প্ৰত্যেক ১০০ ব্ৰইলাৰৰ বাবে প্ৰথম দুই সপ্তাহত ২ লিটাৰ আৰু তাৰ পিচত প্ৰত্যেক সপ্তাহত ২ লিটাৰকৈ যোগ কৰি গ’লেই ইয়াৰ বাবে লাগতিয়াল পানীৰ জোখ উলিয়াই লব পাৰি ৷

ব্ৰইলাৰ পালনত মনত ৰাখিবলগীয়া কথা:

ব্ৰইলাৰ কুকুৰা পালনৰ বাবে এদিনীয়া পোৱালীবোৰ সদায় কোনো নিৰ্ভৰ যোগ্য প্ৰতিষ্ঠানৰ পৰাহে সংগ্ৰহ কৰিব লাগে ৷ প্ৰথম দুসপ্তাহ সময় পোৱালীবোৰক সঘনাই পৰিদৰ্শন কৰি থাকিব লাগে ৷ এই সময়ছোৱাত মৃত্যুৰ হাৰ আটাইতকৈ অধিক ৷

দিনটোৰ দানা এক-তৃতীয়াংশ পুৱাৰ ভাগত, এক-তৃতীয়াংশ দুপৰীয়াৰ ভাগত আৰু বাকীখিনি সন্ধিয়ালৈ দিব লাগে ৷ এজাক পোৱালী বিক্ৰী কৰাৰ পিছত ব্ৰইলাৰ ঘৰটো দুসপ্তাহ সময় খালী ৰাখিব লাগে ৷ মন গলেই খাব পৰাকৈ পানীৰ যোগান অব্যাহত ৰাখিব লাগে ৷

পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সময়মতে বিভিন্ন ৰোগৰ চিটা সমূহ দিব লাগে ৷ বাহিৰৰ দৰ্শকক পামৰ ভিতৰত প্ৰৱেশ কৰিব দিব নালাগে ৷ প্ৰৱেশ পথত ফেনাইল দ্ৰৱ ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে জোতা-চেন্দেল আদি তিয়াই পামত সোমাব পাৰে ৷ প্ৰত্যেক সপ্তাহত লিটাৰখিনি ভৰি বা জেং কোৰ এখনেৰে তল-ওপৰ কৰি ভাঙি দিব লাগে ৷ ৰোগাক্ৰান্ত কুকুৰাক ততালিকে জাকৰ পৰা আতৰাই পশু চিকিৎসকৰ পৰামৰ্শ লব লাগে ৷

লগতে পঢ়কঃ Green Tea Benefits: হৃদৰোগ-ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে গ্ৰীন টী সেৱন কৰাতো কিয় প্ৰয়োজন ?

English Summary: broiler chicken farming business plan

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.