Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 23 January, 2025 3:18 PM IST
Apiculture in Assam

খুৱ কম কষ্টৰে, কম শ্ৰমেৰে, কম খৰচেৰে আৰু কোনো নিৰ্দিষ্ট ঠাই প্ৰয়োজন নোহোৱাকৈ ঘৰতে থাকি ভাল উপাৰ্জন কৰিব পৰা এটা কাম হ’ল মৌ পালন। সম্প্ৰতি বহু প্ৰগতিশীল কৃষকে কৃষিকৰ্মৰ লগত মৌ-পালনক সংযুক্ত কৰি লৈছে। আমি সকলোৱে জানো- আমাৰ সমাজত মৌৰ চাহিদা কিমান! মৌ-ৰসৰ দাম কিমান! গতিকে কৃষি কৰ্মৰ লগত মৌ-পালন কৰিলে নিশ্চিতভাৱে কৃষকসকলক লাভান্বিত হ’ব।

ঘৰৰ বাৰীখনতে কেনেকৈ মৌ-পালন কৰিব
গ্ৰামাঞ্চলৰ প্ৰত্যেক কৃষকৰ বাৰীতে বিভিন্নধৰণ গছৰ লগতে তামোল গছ থাকে। বাৰীত থকা গছবোৰৰ লগতে কৃষকসকলে তলত দেখা ছবিৰ দৰে মৌ-পালন কৰিব পাৰে। মৌ-মাখি থকা বাকছবোৰ ফটোত দেখাৰ দৰেই খুঁটা পুতি তামোল গছবোৰত বান্ধি দিব লাগে। নাইবা আমাৰ কৃষকসকলে বাৰীৰ চাৰিসীমাতো মৌ বাকচবোৰ সংস্থাপন কৰি মৌপালন কৰিব পাৰি।

মৌ- মাখি পালনৰ অন্যান্য লাভালাভসমূহ

মৌ-মাখি পালন কৰিলে মৌৰ পৰা উপাৰ্জন হোৱাৰ ওপৰি যিকোনো ফল-ফুল অধিক পৰিমাণে লাগে। মৌ-মাখিবোৰে উদ্ভিদৰ পৰাগৰেণু সৃষ্টি কৰাত অধিক সহায় কৰে। ঘৰচীয়া আৰু বনৰীয়া জীৱ-জন্তু পৰাও নিৰাপত্তা পাব পাৰি। কাৰণ জীৱ-জন্তুবোৰে মৌ-মাখিবোৰলৈ ভয় কৰে। শেহতীয়াকৈ দেখা গৈছে বায়পেন্সিঙৰ বাবে হাতী তথা অন্যান্য বনৰীয়া জীৱ-জন্তুৰ উপদ্ৰৱ বন্ধ কৰিবলৈ মৌ-মাখি পালন কৰা দেখা গৈছে।

মৌ-মাখিৰ খাদ্য

মৌ-মাখিৰ বাবে বিশেষ খাদ্য প্ৰয়োজন নহয়। নিজৰ বাৰীখনত বিভিন্ন খেতিৰ লগতে ওচৰ-পাজৰে অন্য কৃষকে কৰা খেতি পথাৰৰ পৰাই মৌ-মাখিয়ে খাদ্য সংগ্ৰহ কৰে। মাত্ৰ মৌ-মাখিবোৰ ঘৰতো বাকচটো বনাই দিলেই হ’ল। এটা কথা থিক যে বছৰৰ সকলো সময়তে শস্য বা উদ্ভিবোৰত ফুলি নাথাকে বিশেষকৈ শীতকালৰ দিনবোৰত। এই সময়ছোৱাত মৌ-পালকসকলে বাকচৰ মৌ-বাকচৰ ওচৰে-পাজৰে গুৰ-চেনী যোগান ধৰিব লাগে। বাৰিষাকালত নিদিলেও হয়। কিন্তু দিলেও একো লোকচান নহয়।

উল্লেখ্য যে মৌ পালন কৰিবলৈ কৃষকগৰাকীক প্ৰথম অৱস্থাত এটা মৌ বাকচৰ প্ৰয়োজন হ’ব। যিজন মৌ পালকৰ পৰা মৌ-মাখি কিনি আনিম বুলি ভাৱিছে তেওঁক প্ৰথমে মৌ বাকচটো দিব আৰু মৌ বাকচটোত মৌ-মাখি ভৰাই দিব। মৌবাহটো আনি আপুনি ঘৰৰ বাৰী,  পিড়ালী আদি যিকোনো ঠাইত ৰাখিব লাগে। এটা ডাঙৰ মৌ-মাখি ৰখা বাকচৰ দাম ১৭০০ ৰ পৰা ১৮০০ টকা। এবাহ মৌ-মাখিৰ দাম ১০০০ টকাৰ কেতিয়াবা বেছি হয় কেতিয়াবা কম হয়। বছ সিমানেই বাকী প্ৰয়োজনীয় দুই এটা বস্তু লাগিব যিবোৰ ঘৰতে পাবই। পৰৱৰ্তী সময়ত সেই মৌ-বাহৰ পৰাই মৌ-মাখিৰ সংখ্যা বঢ়াই যাব পাৰিব। মৌ পালক প্ৰদীপ ফুকনে জানিবলৈ দিয়া মতে, এবাহ মৌ-মাখিৰ পৰা বছৰি ৭ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে।

লগতে পঢ়ক- 

এডোখৰ মাটিতে কেনেকৈ বছৰত দুটা খেতি কৰে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে!

English Summary: Apiculture in Assam
Published on: 23 January 2025, 03:18 IST