1. পশুপালন

পশুধনৰ মাৰাত্মক জহৰবাত বেমাৰ কি আৰু ইয়াৰ প্ৰতিকাৰ, জানিবলৈ পঢ়ক

KJ Staff
KJ Staff

বাৰিষাৰ কাল অহাৰ লগে লগে পশুপালক সকলৰ এটা ডাঙৰ সমস্যা পশুধনৰ ৰোগ নিয়ন্ত্ৰণ কৰাতো । এই সময়তে চবকা, গলফুলা, জহৰবাত আদি বিভিন্ন বেমাৰত আক্ৰান্ত হয় পশুধনবোৰ । সময়মতে চিকিৎসা নোপোৱাৰ ফলতো বহু পশুধনৰ মৃত্যুমুখও হ’ব পৰে ।

ইয়াৰ ফলত পশুপালক সকলে বৃহৎ লোকচানৰ সন্মুখীন হয় । যিহেতু বাৰিষাৰ সময় আহি আছে, গতিকে পশুপালক সকল উপকৃত  হোৱাকৈ এই শিতানত বাৰিষা কালত পশুধনৰ ক্ষেত্ৰত দেকা দিয়া জহৰবাত বেমাৰৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে ।

পশুধনৰ জহৰবাত বেমাৰ কি আৰু ইয়াৰ প্ৰতিকাৰঃ

জহৰবাত এক বেক্টেৰিয়া হোৱা এটা বেমাৰ । বাৰিষাৰ সময়ত এই বেমাৰটো সাধাৰণতে চিকুন, দমৰা, প্ৰাপ্তবয়স্ক পশুধনৰ ক্ষেত্ৰত দেখা যায় । এই বেমাৰ দ্বাৰা আক্ৰান্ত হ'লে পশুধনটোৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে ।

এই বেমাৰৰ লক্ষণবোৰ হৈছে পশুধনটোৰ  ঠেং বা টপিনাবোৰ ফুলিব পাৰে । ১০৬ ডিগ্ৰী পৰ্যন্ত জ্বৰ উঠে, ফুলা অংশ প্ৰথমতে গৰম হা থাকে যদিও পাছলৈ জঠৰ হৈ পৰে, হেঁচি দিলে পিৰপিৰকৈ শব্দ হয় ।

এই আক্ৰান্ত হ'লে পশুধনটোৰ তৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে । সময় মতে পশুধনটোৱে চিকিৎসা নাপালে ২৪ ঘণ্টা ভিতৰত মৃত্যুমুখত পৰিব পাৰে ।

মনকৰিবলগীয়া কেতিয়াবা শৰীৰৰ তলৰ অংশটোও এই ৰোগৰ সংক্ৰমণৰ অৱস্থিতি ধৰা পৰিব পাৰে । তেনে লক্ষণসমূহ দেখা মাত্ৰকে চিকিৎসকৰ লগত যোগাযোগ কৰিলে পশুধনটোক ৰক্ষা কৰিব পাৰি ।

লগতে পঢ়কঃ কুকুৰাৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ-

English Summary: What is the jaharbad disease and its Cure

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.