গ্ৰামাঞ্চলৰ মহিলাসকলে ঘৰৰ কাম-কাজ কৰাৰ লগতে কৰিব পৰা এটা কাম হ’ল লোকেল কুকুৰা পালন। সম্প্ৰতি লোকেল কুকুৰাৰ মাংস আৰু কণিৰ দাম যথেষ্ট আছে আৰু সেই অনুপাতে চাহিদাও আছে। গ্ৰাম্য মহিলাসকলে নিজৰ বাৰীখনতে এবিঘামান মাটি বা দুই-তিনি কঠা মাটি জেওৰা মাৰি, বাহিৰলৈ ওলায়ই যাব নোৱৰাকৈ নেটৰ বেৰা মাৰি কুকুৰা পালন কৰিব পাৰে। জেওৰা মাটিখিনিতে কুকুৰাবোৰ ৰাতি থাকিব পৰাকৈ, জিৰণি লব পৰাকৈ দুই এটা ঘৰ বনাই দিব লাগে। পোৱালি হৈ থকা অৱস্থাত দোকানৰ দানা দিব লাগে পৰৱৰ্তী সময়ত ধান-চাউল-ভাত, পেলনীয়া শাক-পাচলিকো কুকুৰাবোৰক খাদ্য হিচাপে যোগান ধৰিব পাৰে।
মন কৰিবলগীয়া কথা যে কুকুৰা পোৱালিবোৰক জন্মৰ পাছতে পশুচিকিতসকৰ পৰামৰ্শ লৈ প্ৰতিষেধক দিব লাগে। অন্যাথা কুকুৰাবোৰ বাৰ্ডফ্লুৰ দৰে ৰোগত আক্ৰান্ত হব পাৰে। সাধাৰণতে আমাৰ গ্ৰামাঞ্চলৰ প্ৰায়সকল লোকেই কুকুৰা পালন কৰে। কিন্তু ব্যৱসায়িকভাৱে নকৰে। ব্যৱসায়িকভাৱে লোকেল কুকুৰা পালন নকৰাৰ মূলতে আছে আছে ব্ৰাডফ্লুৰ ৰোগ। গ্ৰামাঞ্চলত বাৰ্ডফ্লুৱে একেবাৰতে সৱ মাৰি গুছি যায়। গতিকে ব্যৱসায়িকভাৱে কৰিবলৈ ভয় কৰে। কিন্তু কুকুৰা পোৱালীবোৰ সৰু হৈ থাকোতেই প্ৰতিষেধক দিলে বাৰ্ডফ্লু বা ৰাণীখেত দৰে বেমাৰবোৰৰ পৰা হাতসাৰিব পাৰিব। কিন্তু এই কামটো আমাৰ গ্ৰামাঞ্চলৰ কুকুৰা পালকসকলে নকৰে।
বৰ্তমান ১ কেজি কুকুৰা মাংসৰ দাম ৩০০-পৰা ৫০০ টকাৰ ভিতৰত। এটা কণীৰ দাম ১৫-২০ টকা। গতিকে ১০০ কুকুৰা পালন কৰিলেও গ্ৰাম্য মহিলাসকলে বছৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব।
লগতে পঢ়ক-