Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 December, 2021 5:26 PM IST
soil coservation

মাটি আমাৰ ‘মা’। মাটিৰ পৰাই জীৱজগতৰ সৃষ্টি আৰু বিলুপ্তি হয় । এই পৃথিৱীত যি আছে সেয়া মাটিৰ পৰা বিদ্যমান । মাটিয়েই জীৱৰ জন্ম দিয়ে আৰু সুৰক্ষা দিয়ে । জীৱনৰ ভৰণ-পোষণ মাটিৰ পৰাই সম্ভৱ । প্ৰাণী বা উদ্ভিদ খাদ্য আৰু আশ্ৰয়ৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল ।

   ৫ ডিচেম্বৰ প্ৰতি বছৰে ‘বিশ্ব ধৰিত্ৰী দিৱস’ (World Soil Day) হিচাপে পালন কৰা হয় । এনে কৰাৰ মুখ্য লক্ষ্য হৈছে মানুহে সকলো প্ৰয়োজনীয়তা পূৰণ কৰা মাটিৰ গুৰুত্ব বুজি পোৱা ।  বৰ্ধিত প্ৰদূষণ আৰু বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থই উৰ্বৰ মাটি বিষাক্ত কৰি তুলিছে । মাটি সুৰক্ষিত কৰা আৰু মানুহক সজাগ ৰখাটো অধিক গুৰুত্বপূৰ্ণ । মাটি সংৰক্ষণৰ বিষয়ে সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০০২ চনত আন্তৰ্জাতিক মাটি বিজ্ঞান সংস্থা  (International Union of Soil Sciences ) ই ৫ ডিচেম্বৰক ‘বিশ্ব ধৰিত্ৰী দিৱস’ (World Soil Day) হিচাপে স্বীকৃতি দিয়ে ।

Green Enviornment, Save Enviornment

  খাদ্য হওক অথবা আশ্ৰয় জীৱকূল প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাটিৰ ওপৰতে নিৰ্ভৰশীল । কিন্ত মানৱ জাতিৰ অবিবেচক কাৰ্য-কলাপৰ পৰিণতিত প্ৰদূষণৰ মাত্ৰ বৃদ্ধি হৈ দৈনিক মাটিৰ গুণাগুণ হ্ৰাস পাবলৈ লৈছে । ইয়ে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ কঢ়িয়াই আনিছে । সেয়েহে আমি এই ভয়াবহতাৰ গুৰুত্ব বুজি উঠি মাটি প্ৰদূষণ ৰোধৰ পৰ্যমানে চেষ্টা কৰিব লাগিব ।

  কৃষি বিশেষজ্ঞসকলৰ মতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন ।  জিয়া সাৰ, গৰু আদি বিভিন্ন জৈৱিক পদাৰ্থৰ ব্যৱহাৰ কেনেদৰে হয় তাৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ । সেউজীয়া সাৰ উদ্ভিদে কেনেদৰে মাটি গঠন উন্নত কৰে, শস্যৰ ঘূৰ্ণনে কেনেদৰে ৰোগকীট হ্ৰাস কৰিব পাৰে আৰু মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণ সংৰক্ষণ কৰা আৰু শস্যৰ উৎপাদন বৃদ্ধি নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব দিব লাগিব । এই ক্ষেত্ৰত............

  • ব্যক্তিগত উদ্যোগত সকলোকে আমাৰ পৃথিৱীখন কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ বিষয়ে সচেতন কৰিব লাগিব
  • বৃক্ষৰোপন, বিভিন্ন ধৰণৰ ফল-মূল, ঔষধি গছ আদি ৰোপণ কৰিবলৈ উৎসাহিত কৰিব লাগিব
  • অৰণ্য ধ্বংস ৰোধ কৰাৰ লগতে বনৰীয়া চৰাই চিৰিকটি ৰোধ বধ কৰিব লাগিব
  • কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ পৰিবৰ্তে প্ৰকৃতিক আৰু জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিব লাগিব
  • প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ সমূলি বৰ্জন কৰিব লাগিব
  • জলাশয় বোৰৰ পানী যাতে সদায় পৰিস্কাৰ হৈ থাকে তাৰ প্ৰতি সচেতন হৈ থাকিব লাগিব

   ‘বিশ্ব ধৰিত্ৰী দিৱস’ (World Soil Day) পালনৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী বেচৰকী সংস্হা, NGO, ৰাজনৈতিক সংগঠন আদিয়ে আগভাগ লৈ আহিছে । বিভিন্ন ধৰণৰ সভা সমিতি, চেমিনাৰ আদি অনুষ্ঠিত কৰি লগতে প্ৰচাৰ মাধ্যমৰ সহায়ত জনসাধাৰণক সজাগ কৰি আহিছে । এইটো সত্য যে জীয়াই থাকিবলৈ আমি ধৰণীখনক বচাই ৰাখিবই লাগিব, কিন্ত তাৰ বাবে নিৰ্দিষ্ট এটা দিনেই নহয় প্ৰত্যেক দিনেই আমি সচেতন হব লাগিব । তেতিয়াহে আমাৰ এই সুন্দৰ পৃথিৱীখন সকলোৰে বাবে বাসোপযোগী স্হল হৈ ৰব ।

English Summary: World Day 2021: Let's focus on soil conservation
Published on: 03 December 2021, 05:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now