Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 September, 2022 4:59 PM IST
WILT DISEASE OF PLANTS

লেৰেলা (WILT) বেমাৰ দুই ধৰনৰ জীৱানুৰ দ্বাৰা বিস্তাৰ লাভ কৰে বা গছত বিয়পি পৰে। তাৰে এবিধ হল বেক্টেৰিয়াজনিত  লেৰেলা বেমাৰ (Bacterial Wilt) আৰু আনবিধ হল ভেঁকুৰজনিত  লেৰেলা বেমাৰ ( Fungal Wilt)।

বেক্টেৰিয়াজনিত লেৰেলা বেমাৰ, ৰালস্টোনিয়া স্পেছিছ জীবানুৰ দ্বাৰা আক্ৰমণিত হয়। যেনে- ৰালস্টোনিয়া ছোলানেছিয়াৰাম (বিলাহীৰ ক্ষেত্ৰত)I

বেক্টেৰিয়াজনিত লেৰেলা বেমাৰ দ্বাৰা আলু, বিলাহী, জলকীয়া, বেঙেনা, আৰু বহু বিধ ছোলানেছিয়া শাক পাচলি আদি আক্ৰমণিত হয়।

Fig-1 : বেক্টেৰিয়াজনিত ( Bacterial Wilt) আক্ৰIন্ত বেঙেনাৰ লেৰেলা বেমাৰ

এই ৰোগৰ লক্ষণবোৰ হল:- (১) লেৰেলি যোৱা, (২) বৃদ্ধি কঠিন হৈ পৰে, (৩) পাতবোৰ হালধীয়া হৈ পৰে আৰু শেষত গছজোপা লেৰেলি পৰি নষ্ট হৈ যায়। গছজোপাৰ তলৰ অংশৰ কাণ্ড বা শিপাৰ অংশ কাটি কাঁচৰ গিলাচ এটাত পৰিস্কাৰ পানী লৈ কটা অংশ খিনি পানীত দুবাই দিলে, অলপ সময় পিছত হেলনীয়া কৈ কটা কাণ্ড বা শিপাৰ অংশৰ পৰা বুৰবুৰণি ওলোৱা দেখা যাব। এই বুৰবুৰণিবোৰক বেক্টেৰিয়াল উজিং ( Bacterial Oozing) বুলি কোৱা হয়। এই জীৱাণু বিধ মাটিবাহিত আৰু আক্ৰমণ ঘটায় পুলি ৰোৱাৰ সময়ত আঘাত পোৱা অংশত, কৃষি কাৰ্য্যৰ জৰিয়তে অথবা সংক্ৰমিত শস্য কৃমিৰ দ্বাৰা। শিপাৰ আগ অংশইদি বেক্টেৰিয়া ভিতৰত সোমায় আৰু দ্ৰূত বংশ বিস্তাৰ কৰে। আৰু লাহে লাহে গছজোপাৰ কাণ্ডতো কলনি বনায়। ছুপাৰ ফছফেট সাৰৰ ব্যৱহাৰে এই ৰোগৰ প্ৰবণতা বঢ়ায় কিন্তু নাইট্ৰোজেন জাতীয় সাৰৰ ব্যৱহাৰেই এই ৰোগৰ আক্ৰমণৰ প্ৰবণতা কমায়।

নিয়ন্ত্ৰণ ব্যৱস্থা :

(1) শস্যাবৰ্তণ: যিহেতু এই বেক্টেৰিয়াজনিত লেৰেলা বেমাৰটো বহু বিধ ছোলানেছিয়া শাক পাচলি তথা অপতৃণৰ আলহী ৰোগ (Host Disease) কৃষিভূমিৰ শস্যাবৰ্তনেই এই মাটিবাহিত জীৱাণু বিধৰ নিয়ন্ত্ৰণ কৰাটো বৰ টান। অৱশ্যে তণ্ডুল শস্যৰ সৈতে শস্যাবৰ্তণ কৰিলে কিছু বছৰলৈকে ইয়াৰ বাচি থকা (ছাৰভাইভেল) কমাই ৰাখে।

ভেন্দী-মাকৈ-মূলা , কেৰট-তিঁয়হ-মটৰমাহ-মাকৈ। আলু-মৰুৱা-আলু, আলু-ঘেঁহু-আলু, আলু-মাকৈ-আলু   শস্যাবৰ্তণ  I

(2)   প্ৰতিৰোধী জাতৰ ব্যৱহাৰ

(3)  বায়োপেস্টিছাইডৰ প্ৰয়োগ: ছিউডোমোনাচ ফ্লোওৰেছেন্স ০.৫ শতাংশ ডব্লিউ.পি.

(১) বীজ শোধন  : ১০ গ্ৰাম প্ৰতি কেজি বীজৰ বাবে ।

(২) শিপা শোধন : ০.৫-১ শতাংশ দ্ৰবণত ২ ঘন্টা ডুবাই ৰাখিব লাগে ।

(৩) পাতত স্প্ৰে  : ০.৫-১ শতাংশ দ্ৰবণ অৰ্থাত ৫ -১০ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই প্ৰয়োগ  কৰিব লাগে।

(4)   ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থা:

(১) বেক্টেৰিয়াজনিত লেৰেলা বেমাৰ হলে ১০০ পি পি এম হাৰত ষ্টেপ্টোমাইচিন ঔষধ মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে

 (২)এছিবেন্জোলাৰ-এছ-মিথাইল (এএছএম ২৫ মিলিগ্ৰাম/লিটাৰ পানীত) – ফলিয়াৰ স্প্ৰে অথবা ছয়েল ড্ৰেন্ছিং প্ৰতিৰোধী ক্ষমতা বঢ়ায় ।

(৩) আলু গুটিৰ ক্ষেত্ৰত স্ট্ৰেপ্টোছাইক্লিন ০.০২ শতাংশ ৫ মিলিমিটাৰ ব্যাসাৰ্দ্ধৰ কাটি ৩০ মিনিট সময় ডুবাই ৰাখি শোধন কৰি লব লাগে।

ভেঁকুৰজনিত লেৰেলা বেমাৰ  ( Fungal Wilt )  

কাৰণিক জীৱ (Causal Organism): ফিউজেৰিয়াম স্পেছিছ ( Fusarium species ),  মাটিবাহিত আৰু বীজবাহিত ভেঁকুৰ হয়।

ভেঁকুৰজনিত লেৰেলা বেমাৰ দ্বাৰা বিলাহী, জলকীয়া, বেঙেনা, কল (পানামা উইল্ট), কুঁহিয়াৰ, তুলা, অৰহৰ, বুটমাহ, তিছি আদি গছত আক্ৰমণিত হোৱা দেখা যায়। প্ৰথম অবস্থাত নতুন গছৰ পাতৰ সিৰাত লক্ষণ দেখা দিয়ে আৰু কাণ্ডত লাগি থকা পাতৰ ঠাৰি ডাল ওলমি পৰে। আৰু শেষত গোটেই গছ জোপা লেৰেলি যায় বা উইল্টিং হয়। শস্য পথাৰত যদি অনুকূল পৰিবেশ হয়, তেন্তে লেৰেলা ৰোগ বিধ শস্যকালৰ যিকোনো সময়ত দেখা দিব পাৰে। কিন্তু বেমাৰৰ লক্ষণবোৰ ফুল ফুলাৰ পিছত অথবা ফল ধৰাৰ পিছতহে লক্ষণীয় হয়। আক্ৰIন্ত গছ জোপাৰ তলৰ পাতবোৰ হালধীয়া হৈ মৰি যায়।পাতৰ এফালে হালধীয়া কৰণ হৈ পিছত সৰু সৰু পাতবোৰো হালধীয়া হৈ পৰে। আৰু নতুনকৈ ওলোৱা পাতবোৰতো ৰোগৰ লক্ষণ দেখা দিয়ে। এইদৰে গছজোপাৰ গোটেই অংশতে লক্ষণ দেখা দিয়ে অথবা গছজোপাৰ কেইটামান ডালত বা ঠানিত দৃষ্টিগোচৰ হয়। এই ভেঁকুৰজনিত লেৰেলা বেমাৰটো নতুন (ইয়ং)গছত হঠাতে লেৰেলি যায় কিন্তু পুৰণি গছবোৰত কিছু সময় দেৰিকৈ হয়। গছজোপাৰ বৃদ্ধি আবদ্ধ হৈ পৰে আৰু সময়ত মৰি যায়। সাধাৰণতে দিনটোৰ আঠাইতকৈ গৰম সময়ত উইল্ট বেমাৰৰ লক্ষণটো বেছিকৈ হোৱা দৃষ্টিগোচৰ হয়।

Fig-2 : জলকীয়াৰ ভেঁকুৰজনিত লেৰেলা বেমাৰ
Fig-3 : কলৰ পানামা উইল্ট

নিয়ন্ত্ৰণ ব্যৱস্থা :

১) অকল পটাছ সাৰ বা পটাছ আৰু নাইট্ৰোজেন সাৰ একেলগে প্ৰয়োগ কৰিলে বহুত পৰিমাণে এই ৰোগৰ আক্ৰমণৰ পৰা উপশম কৰে।

(২) এই জীৱানু বিধ বীজ বাহিত হব পাৰে হেতুকে কাৰ্বেণ্ডেজিম @ ২.৫ গ্ৰাম প্ৰতি কেজি বীজৰ বাবে ব্যৱহাৰ কৰি বীজ খিনি শোধন কৰি লব লাগে।

(৩) প্ৰতিৰোধী জাতৰ ব্যৱহাৰ I

(৪) পথাৰ চহাই লৈ গৰমৰ দিনত ৰদত শুকাব দিব লাগে।

(৫) শস্যাবৰ্তন কৰিব লাগে।

(৬) বায়োপেস্টিছাইড প্ৰয়োগ :

(ক)  ট্ৰাকোডাৰ্মা ভিৰিডি ১.১৫ শতাংশ ডব্লিউ.পি. প্ৰয়োগঃ

(১) বীজ শোধনঃ ৪ গ্ৰাম প্ৰতি কেজি বীজৰ বাবে।

(২) শিপা শোধনঃ ১০ শতাংশ দ্ৰবণত ২ ঘন্টা ডুবাই ৰাখিব লাগে।

(৩) মাটিত প্ৰয়োগঃ প্ৰতি হেক্টৰত বাবে ২.৫ কেজি ফৰমুলেছন ৫০ কেজি জৈৱসাৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে।

(৪) পাতত স্প্ৰেঃ ৫-১২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই প্ৰয়োগ  কৰিব লাগে।

বিকল্প

(খ) ছিউডোমোনাছ ০.৫ শতাংশ ডব্লিউ.পি.

 (১) বীজ শোধনঃ ১০ গ্ৰাম প্ৰতি কেজি বীজৰ বাবে।

(২) শিপা শোধনঃ ০.৫-১ শতাংশ দ্ৰবণত ২ ঘন্টা ডুবাই ৰাখিব লাগে।

(৩) পাতত স্প্ৰেঃ ০.৫-১ শতাংশ দ্ৰবণ অৰ্থাত ৫ -১০ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই প্ৰয়োগ  কৰিব লাগে।

(7)    ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থা :

(ক) বীজ শোধনঃ কাৰ্বেনডেজিম ২ গ্ৰাম প্ৰতি কেজি বীজৰ বাবে, অথবা কেপ্টান ঔষধ ৩ গ্ৰাম, বা থাইৰাম ৩ গ্ৰাম প্ৰতি কেজি বীজৰ বাবে।

(খ)পাতত স্প্ৰেঃ কাৰ্বেনডেজিম ১ গ্ৰাম প্ৰতি লিটাৰ পানীত অথবা মেনকোজেব ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত বা কেপ্টান ঔষধ ৩ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ছটিযাব লাগে ।

(গ) বৰদোমিক্সাৰ ১ শতাংশ পাতত স্প্ৰে তথা মাটিত প্ৰয়োগ কৰিব পাৰি।

লগতে পঢ়ক-বৈজ্ঞানিক ভিত্তিত কাঠফুলাৰ খেতি আৰু মূল্য সংযোজন

নিৰ্ম্মল চন্দ্ৰ ঘোষ

মহকুমা কৃষি বিষয়া, ধুবুৰী

English Summary: WILT DISEASE OF PLANTS
Published on: 24 September 2022, 04:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now