Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 May, 2022 10:08 AM IST
Integrated Pest Managemengt

আই পি এম কি ?

কৃষি ক্ষেত্ৰৰ পৰিবেশ আৰু পোক পৰুৱাৰ সংখ্যা বা ৰোগৰ আক্ৰমণৰ মাত্ৰাৰ সৈতে সংগতি ৰাখি, পৰিবেশ দূষণ কমাই ৰাখি, মানৱজাতিৰ প্ৰত্যক্ষ ও পৰোক্ষ স্বাস্থহানিৰ সম্ভৱনা দুৰ কৰি শস্যৰ ৰোগ – পোকৰ নিয়ন্ত্ৰণেই হল আই পি এম ।

আই পি এমৰ সম্পূৰ্ণ হল ইন্টিগ্ৰেটেট পেস্ত মেনেজমেন্ট যাৰ অৰ্থ হল সুসংগত ৰোগ পোকৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা ।

পেস্ট কি ?

যিবোৰ জীৱ যেনে ভেকুৰ, ব্যাক্টেৰিয়া, মাইকোপ্লাজমা, পোক, নেমাটোড,অপতৃণ, এন্দুৰ প্ৰভৃতিৰ দ্বাৰা মানুহৰ তথা মানুহৰ সম্পদৰ (উদ্ভিদ, প্ৰাণী, ঘৰচীয়া জাৱজন্তু ইত্যাদিৰ) অৰ্থনৈতিক ক্ষতিসাধন কৰে পেবোৰক পেস্ট বুলি কোৱা হয় । শস্য ক্ষেত্ৰত বা ভড়ালত যিবোৰ পোকৰ (যেনে- শূৰপোক, মজা খোৱা পোক, থ্ৰীপ্চ, হিস্পা ইত্যাদি), নেমাটোড,অপতৃণ, এন্দুৰ আৰু ৰোগৰ (যেনে- ভেকুৰ, ব্যাক্টেৰিয়া তথা ভাইৰাছ) আক্ৰমণৰ ফলত শস্যৰ উদ্পাদন তথা গুণাগুণৰ অনিষ্টসাধন কৰে সেইবোৰ পোক আৰু ৰোগৰ বীজানুক পেস্ট বা শস্য শত্ৰু বুলি কোৱা হয় ।

অৰ্থনৈতিক চৰম সীমা কি ?

শস্যক্ষেত্ৰত যি সৰ্বাধিক সংখ্যাৰ পোকৰ (উপস্থিতিয়ে) আক্ৰমণে অথবা ৰোগৰ আক্ৰমণৰ লক্ষণে শস্যৰ অৰ্থনৈতিক ক্ষতি সাধন নকৰে বা  শস্যৰ উদ্পাদন নকমায় তাকেই অৰ্থনৈতিক চৰমসীমা (Economic Threshold Level- ETL) বুলি কোৱা হয়। যেনে-

শস্য

ৰোগ / পোক

অৰ্থনৈতিক চৰম সীমা কি

যি সীমা অতিক্ৰম কৰিলে ৰাসায়নিক পেস্টিচাইড প্ৰয়োগ কৰিব লাগিব (গড় হিচাবত)

 

 

 

 

 

 

 

 

 

 

ধান

মজা খোৱা পোক

প্ৰতি বৰ্গমিটাৰত এটি পূৰ্ণাঙ্গ মথ বা এটি কণীৰ থুপ

হিছ্পা

ৰোৱাৰ ৪০ দিনৰ ভিতৰত প্ৰতি গোছা(হিল)ত এটি পূৰ্ণাঙ্গ পোকা বা এটি আক্ৰান্ত পাত

গল মিজ

ৰোৱাৰ ৪০ দিনৰ ভিতৰত প্ৰতি বৰ্গমিটাৰত ৫ টা পিয়াজ পাত

পাত মেৰোৱা পোক

প্ৰতি গুছিত ১-২ সদ্য আক্ৰান্ত পাত

চুঙি পোক (কেইচ ওয়াৰ্ম )

প্ৰতি গুছিত ১-২ সদ্য আক্ৰান্ত পাত

বাদামি শোষক পোক

১৫ টা গুছিৰ ভিতৰত ৩ টা গুছিত ১০ টাত কৈ বেছি পোক থাকিলে ।

গান্ধী পোক

ধানৰ গাখীৰতি অৱস্থাত ৫ টা গুছিত ১ টি পোক

শীহ কটা পলু

প্ৰতি গুছিত ১ টি পলু

ব্লাষ্ট ৰোগ

গড় ৫ শতাংশ পাতত ব্লাষ্টৰ দাগ

শীথ ব্লাইট

গড় ১০ টি গুছিৰ ভিতৰত ১ টি গুছিত ৰোগৰ লক্ষণ

 

মৰাপাট

হালধীয়া মকৰা

গড় ৩-৭ শতাংশ আক্ৰান্ত গছ

পাত খোৱা পলু (লিফ ইটিং কেটাৰপিলাৰ)

গড়ে ১০-১৫ শতাংশ গছ আক্ৰান্ত হলে

সৰিয়হ

এফিড (মোয়া পোক)

৩০ শতাংশ গছ আক্ৰান্ত অথবা ডাল পাতত ১০ ছেঃমিঃ ত ৩০-৩৫ টি পোক

আলু

এফিড (মোয়া পোক)

গড়ে ১০০ টি যৌগিক পাতত ২০ টি পোক

 

কাট ওয়াৰ্ম

গড়ে ৫ শতাংশ গছ আক্ৰান্ত

আনুসঙ্গীক হিচাবে কৃষি বাস্তুতন্ত্ৰৰ পৰ্য্যালোচনা মৰ্মে শত্ৰু পোক আৰু বন্ধুপোকৰ সম্পৰ্ক কি ?

শস্যক্ষেত্ৰত দুই ধৰণৰ পোকৰ উপস্থিতি দেখিবলৈ পোৱা যায় । এবিধ শত্ৰু পোক আৰু কিছুমান পোক দেখিবলৈ পোৱা যায় যিবোৰে শস্যৰ কোনো অনিষ্ট নকৰে বৰঞ্চ শত্ৰু পোকবোৰক মাৰি শত্ৰু পোকৰ সংখ্যা কমায় ।

শত্ৰু পোক বোৰৰ ভিতৰত তলত কিছুমাণ উল্লেখ কৰিলোঃ

০) গান্ধীপোক ১) মজা খোৱা পোক ২) থ্ৰিপ্ছ ৩) হিস্পা ৪) ফল আৰু গাগছ ছিদ্ৰ কাৰী পোক ৫) বগা মাখী, ৬) এফিডছ ইত্যাদি ।

বন্ধু পোক বোৰৰ ভিতৰত তলত কিছুমাণ উল্লেখ কৰিলোঃ

১) লেডি বিটল ২)ক্ৰাইছোপাৰলা ৩) ট্ৰাইকোগ্ৰামা ৪) কেৰাবিড বিটল ৫)পেন্টিট বাগ ৬) বিভিন্ন প্ৰকাৰৰ মকৰা ৭) ফৰিং ৮)মিৰিড বাগ ইত্যাদি ।

কৃষি বাস্তুতন্ত্ৰৰ পৰ্য্যালোচনা

বায়ুৰ আপেক্ষিক আদ্ৰতা, ৰদ, ফৰকাল বতৰ নে মেঘে আৱৰা আকাশ , বৃষ্টপাত, গছৰ বয়স ইত্যাদি বৰ্ণনা কৰি খেতি কৰা শস্যডৰাত শত্ৰু পোক আৰু বন্ধু পোকৰ উপস্থিতি গণনা কৰা হয় । পিচত শত্ৰু পোক আৰু বন্ধুপোকৰ উপস্থিতিৰ অনুপাত নিৰ্ণয় কৰা হয় । ইয়াকেই কৃষি বাস্তুতন্ত্ৰৰ পৰ্য্যালোচনা (Agro-Ecosystem – Analysis – AESA) বুলি কোৱা হয় ।

যদি কৃষি বাস্তুতন্ত্ৰৰ পৰ্য্যালোচনা মৰ্মে শত্ৰু পোক আৰু বন্ধুপোকৰ উপস্থিতিৰ অনুপাত ২ :১ ৰ ভিতৰত থাকে তেতিয়াহলে পৰিবেশৰ প্ৰতি নিৰাপদ পোক দমন পদ্ধতি মানি চলা হয় । যেনে এন্টিফিডেন্ট, ৰিপেলেন্ট, বোটানিকেল পেস্টিছাইড প্ৰভৃতিৰ ব্যৱহাৰ কৰা হয় ।

আৰু যদি শত্ৰু পোক আৰু বন্ধুপোকৰ উপস্থিতিৰ অনুপাত ২ :১ তকৈ বেছি হয় তেতিয়াহলে পৰিবেশৰ প্ৰতি ক্ষতিকাৰক পেস্টছাইড ব্যৱহাৰ কৰা হয় । আৰু ইয়াৰ বাবেও প্ৰথমতে গ্ৰীন , তাৰ পিচত ব্লু, তথা ইয়েলো চিনৰ পেস্টিছাইড ব্যৱহাৰ কৰিব লাগে । আৰু সৰ্ব শেষত উপায়হীন হলে ৰেড চিন যুক্ত কীটনাশক ব্যৱহাৰ কৰিব লাগে ।

সুসংগত ৰোগ-পোকৰ নিয়ন্ত্ৰণ সাৰ্থক ৰূপায়ণৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ সবিশেষ বিৱৰণ

সুসংগত ৰোগ-পোকৰ নিয়ন্ত্ৰণ সাৰ্থক ৰূপায়ণৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ বাবে তলত উল্লেখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পৰা যায় –

১) পৰম্পৰাগত বা পৰিচৰ্যামূলক নিয়ন্ত্ৰণ ব্যৱস্থা

২) যান্ত্ৰিক নিয়ন্ত্ৰণ ব্যৱস্থা

৩) জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা

৪) ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থা

৫) আইনি নিয়ন্ত্ৰণ ব্যৱস্থা আৰু

৬) ভৌতিক নিয়ন্ত্ৰণ ব্যৱস্থা

১) পৰম্পৰাগত বা পৰিচৰ্যামূলক নিয়ন্ত্ৰণ ব্যৱস্থা

ক) কৰ্ষণঃ শস্য চপোৱাৰ পিচত পথাৰত ৰৈ যোৱা শস্যৰ অৱশিষ্ট অংশ বোৰ পুৰি পেলাব লাগে । তাৰ মাটি ৰদ পৰিব দিব লাগে । আৰু মাটিদোখৰ এবাৰ হালবাই ৰাখিলে মাটিত থকা পোকৰ বিভিন্ন জাীৱন চক্ৰবোৰ, ৰোগ -জীৱানু, অপতৃণ ইত্যাদিৰ বংশ বিস্তাৰৰ ফলত মাটিৰ উপৰত উঠি আহে । সেইবোৰ ৰদত নষ্ট হয় তথা চৰাই চিৰিকতি খাই ফেলে ।

(খ) শস্য চক্ৰ পালন কৰা :

 প্ৰতি বাৰতে একে বিধ শস্যৰ খেতি কৰিলে সেই শস্যত নানা পোক পৰুৱা সদায় বংশবিস্তাৰৰ কাৰণে পৰিবেশ পায় । গতিকে সেই পৰিবেশটো বিনষ্ট কৰিবলৈ প্ৰতি বাৰতে একেবিধ শস্যৰ খেতি নকৰি বেলেগ বেলেগ শস্যৰ জাতৰ খেতি কৰিব লাগে ।

(গ) অন্তৰবৰ্তী শস্য বা ট্ৰেপ ক্ৰপৰ খেতিঃ

মিশ্ৰ খেতি – ঘেঁহু-সৰিয়হ বা তিছি

ট্ৰেপ ক্ৰপ – সৰিয়হ খেতিৰ চাৰিওফালে অৰহৰ গছ ৰোৱা – এফিডৰ কাৰণে

কবি খেতিৰ চাৰিওফালে সৰিয়হ বা গেন্দা ফুলৰ গছ ৰোৱা-কেবেজ কেটাৰপিলাৰ।

(ঘ) প্ৰতিৰোধী জাতৰ খেতি কৰা –

আইআৰ -৩৬, আইআৰ -৬৪, বাহাদুৰ, সত্যৰণ্জন , বসুন্ধৰা, জয়মতি--- ব্লাস্ট

(ঙ)উন্নত বা বিজ্ঞান ভিত্তিক কৃষি কাৰ্য ঃ

প্ৰয়োজনত কম জলসিঞ্চনত ঘাঁহ বন কম জন্মায়, আকৌ সৰিয়হৰ ছ-ফ্লাই, আলুৰ কাট ওয়াৰ্ম আদিত জলসিঞ্চন কৰিলে নিয়ন্ত্ৰণ হয় ।

২) যান্ত্ৰিক নিয়ন্ত্ৰণ ব্যৱস্থাঃ

ক) পোকৰ কণী, কীড়াযুক্ত পাত, ৰোগাক্ৰান্ত বা ঢলি পৰা গছ আৰু ক্ষতি গ্ৰস্ত ডাল পাত ইত্যাদি তুলি পেলাই নিয়ন্ত্ৰণ কৰিব লাগে ।

ৰোয়াৰ আগত কঠিয়াৰ আগ ছিঙি দিলে মজাখোৱা পোকৰ কণী নষ্ট হয় ।

ভাইৰাছ আক্ৰান্ত হলে উঘালি পেলোৱা,

খ) সন্ধিয়া সময়ত লাইট ট্ৰেপ

গ) ফেৰোমোন ট্ৰেপ

ঘ) বাহৰ আগলি পোতা

ঙ) পলিথিন পেকেট – এন্দুৰ বা চৰাই

চ) কেৰাচিন তেলৰ দৰি- কেইচ ওয়াৰ্ম ।

৩) জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থাঃ

শস্য খেতত শত্ৰুপোক আৰু বন্ধু পোকৰ সংখ্যাৰ অনুপাত ২ঃ ১ ৰ কম অথবা শত্ৰুপোকৰ সংখ্যা অৰ্থনৈতিক চৰম সীমাৰ তলত থাকিলে কীটনাশক প্ৰয়োগৰ দৰকাৰ নহয় । তাৰ সলনি পৰিক্ষাগাৰত বন্ধুপোকৰ কণী উদ্পাদন কৰি শস্যত প্ৰয়োগ কৰিলে শত্ৰুপোক নিধন হয় ।

ধানৰ প্ৰজাপতি জাতীয় পোক ( মজা খোৱা, পাত মেৰোৱা, কেইচ ওয়াৰ্ম) আদি নিয়ন্ত্ৰণৰ বাবে ট্ৰাকোগ্ৰামা জ্যাপোনিকাম পথাৰত দিয়া হয় ।

ব্যাছিলাছ থুৰিন্জায়েনচিচ, নিউক্লিয়াৰ পলি হাইড্ৰচিচ,

ট্ৰাকোডাৰ্মা ভিৰিডি – ভেকুৰ

ছিউডোমোনাছ ফ্লৰছেন্ছ- ব্যাক্টেৰিয়া ।

৪) ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থাঃ

পৰিচৰ্যা, যান্ত্ৰিক, আৰু জৈবিক নিয়ন্ত্ৰণ ব্যাৱস্থা ব্যৱাহাৰ কৰাৰ পিচতো যদি ৰোগ পোকৰ তিব্ৰতা অৰ্থনৈতিক চৰম সীমা অতিক্ৰম কৰে তেন্তে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিব লাগে ।

সেউজীয়া ৰঙৰ – স্পানোছেড, এজাডাইৰেক্টিন, বি টি, এন পি ভি, বিউভেৰিয়া বেছিযানা, মেনকোজেব, কেপ্টান, কাৰ্বেনডেজিম , এজোক্সিস্ট্ৰবিন , স্ট্ৰেপ্টোছাইক্লিন, ছিউডোমোনাছ ফ্লুওৰেছেন্স , ট্ৰাইকোডাৰ্মা ভিৰিডি, প্ৰেটিলাক্লোৰ, জিব্বাৰেলিক এছিড,

নীলা ৰঙৰ- মালাথিয়ন, থাইৰাম, মেটাল্যাক্সিন, মেটোলাক্লোৰ, ফ্লুক্লোৰালিন, পেন্ডিমেথালিন, কুইজ্যালোফপ ইথাইল , আলফা এন এ এ, ইথেফন, ট্ৰায়াকন্টানল, 

হালধীয়া ৰঙৰ- ক্লোৰপাইৰিফচ, কুইনালফছ , ছাইফাৰমেথ্ৰিন, ল্যাম্ডা ছাইহেলোথ্ৰিন, ইমিডাক্লোপ্ৰিড, ট্ৰাইছাইক্লাজোল

ৰঙা ৰঙৰ -কাৰ্বোফুৰান, ব্ৰোমোডাইওলোন

৫) আইনি নিয়ন্ত্ৰণ ব্যৱস্থা

বীজ, গছৰ পুলি, আৰু বিভিন্ন কৃষিজাত সমগ্ৰী এখন দেশৰ পৰা আন এখন দেশলৈ পৰিবহণ কৰোতে ৰোগ-পোক-অপতৃণ বিয়পিব পাৰে আৰু আইন প্ৰয়োগৰ মাধ্যমত ৰোগ-পোক-অপতৃণ নিয়ন্ত্ৰণ কৰিব লাগে ।

৬) ভৌতিক নিয়ন্ত্ৰণ ব্যৱস্থা।

ধান খেতিৰ ক্ষেত্ৰত এবিধ পোকৰ আৰু এবিধ ৰোগৰ আক্ৰমণ আৰু ইয়াৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে উদাহৰণাত্মক বিৱৰণ

নিয়ন্ত্ৰণ ব্যৱস্থা

শূৰ পোক

ব্লাস্ট

পৰিচৰ্যা মূলক

পথাৰৰ চাৰিওফালে ঘাঁহ বন আতৰাই ছাফা কৰি ৰাখিব লাগিব

ওচৰৰ পথাৰৰ ঘাঁহ বন আতৰাই ছাফা কৰি ৰাখিব লাগিব

 

পথাৰ পৰ্যাবেক্ষন পাৰিলে সদায় কৰিব লাগে

পথাৰ পৰ্যাবেক্ষন পাৰিলে সদায় কৰিব লাগে

 

 

বীজ শোধন কৰিব লাগে

যান্ত্ৰিক ব্যৱস্থা

সন্ধিয়া সময়ত পোহৰ ফান্দ ব্যৱহাৰ কৰি পখিলা নিয়ন্ত্ৰণ কৰিব পাৰি ।

 

 

পথাৰত ধানৰ গছি বোৰ মেলি চাব লাগে তাত কিবা শূৰপোকৰ পলু সোমাই আছে নেকি ।

 

জৈৱিক নিয়ন্ত্ৰণ

-

বীজ শোধন আৰু স্প্ৰেয়িং ছিউডোমোনাছ ফ্লুওৰেছেন্স, ট্ৰাইকোডাৰ্মা ভিৰিডি

ৰাসায়নিক নিয়ন্ত্ৰণ

স্প্ৰেয়িং – ক্লোৰপাইৰিফছ, ইমিডাক্লোপ্ৰিড ৭ দিনৰ মুৰে মুৰে ৩ বাৰ স্প্ৰে কৰিব

পাতত দাগ দেখিলে বেভিষ্টিন স্প্ৰে কৰিব

 

-

বেভিষ্টিন ১৫ দিনৰ মূৰে মূৰে তিনিবাৰ স্প্ৰে কৰিব

যিহেতু দুয়োবিধ পেস্টৰে আক্ৰমণ খুব দ্ৰুতগতিত চলে গতিকে ৰাসায়নিক নিয়ন্ত্ৰণ ব্যৱস্থাই পোন পটিয়া গ্ৰহণ কৰাটো একান্ত বাঞ্চনীয়।

লগতে পঢ়ক-মাটিৰ অম্লতা আৰু চূণ প্ৰয়োগ

শ্ৰী নিৰ্ম্মল চন্দ্ৰ ঘোষ

মহকুমা কৃষি বিষয়া, ধুবুৰী

ফোন নম্বৰ- 91013 83275

 

English Summary: What is Integrated Pest Managemengt
Published on: 23 May 2022, 09:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now