1. এগ্ৰিপেডিয়া

প্ৰচুৰ সম্ভাৱনাপূৰ্ণ মুগা শিল্প আৰু অসম

KJ Staff
KJ Staff
Sericulture in Assam
Sericulture in Assam

বয়ন শিল্পৰ বাবে প্ৰাকৃতিক সূতা এটা গুৰুত্বপূৰ্ণ কেচাঁ সামগ্ৰী হিচাপে বিবেচিত। ৰেচম, কপাহ আৰু ঊল তিনিতা প্ৰধান প্ৰাকৃতিক সূতা পৃথিৱীত উৎপন্ন হয়। প্ৰাকৃতিক সূতাৰ ভিতৰত ‘কপাহ’ ক বয়ন বস্ত্ৰৰ ৰজা বুলি অভিহিত কৰা হয়। এই কপাহ কৃষিজাত বস্তুসমূহৰ ভিতৰত এক উল্লেখযোগ্য দ্ৰব্য যিয়ে বয়ন সূতাৰ সিংহ ভাগ অধিকাৰ কৰি আছে। কপাহৰ দ্বাৰা তৈয়াৰী বস্তু কেৱল যে পিন্ধিবলৈ আৰামদায়ক এনে নহয় ই দীৰ্ঘস্হায়ী লগতে মিতব্যয়ী।

একে ধৰণে ঊলৰ ব্যৱহাৰ কপাহতকৈ বহুত আগতে ব্যৱহাৰ হৈছিল। আনুমানিক ১৭৫০০০ বছৰ আগতে প্ৰত্নপ্ৰস্তৰ যুগত শিল ব্যৱহাৰ কৰি মানুহে ভেৰা ছাগলী মাৰি খাদ্য আৰু কাপোৰৰ ব্যৱস্হা কৰিছিল। লাহে লাহে সভ্যতাৰ বিকাশৰ লগে লগে ঊলৰ বিভিন্ন ব্যৱহাৰ আৰম্ভ হৈছে। বিংশ  শতাব্দীৰ লগে লগে ঊলৰ যথেষ্ট উৎপাদন হৈছে। আৰু ই দেশৰ প্ৰাকৃতিক সূতাৰ জগতখনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু সকলো বোৰৰ ভিতৰত ৰেচম উদ্যোগৰ বৰঙনি সবাতোকৈ আগত। সেয়েহে ইয়াক প্ৰাকৃতিক সূতাৰ ৰাণী আখ্যা দিয়া হৈছে।

ৰেচম সূতা উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত ২য় স্হান লাভ কৰিছে। যদিওবা চীন দেশে এই ক্ষেত্ৰত প্ৰথম স্হান লাভ কৰিছে কিন্তু ৰেচম সূতা উৎপাদনত সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতেই এখন দেশ য’ত  ৰেচম সূতাৰ চাৰিওতা প্ৰকাৰ যেনে-পাট (Mulberry), এৰি (Eri), টছৰ (Tassar) আৰু মূগা (Muga) সূতা উৎপাদন হয়। পৃথিৱীৰ আন কোনো দেশতেই মুগা উৎপাদন নহয়। ভৰতৰ ভিতৰতো মুগা উৎপাদনত অসমে একচেটীয়া স্হান গ্ৰহণ কৰি আহিছে। মুগা অসমৰ গৌৰৱ।

মুগা অসম আৰু অসমীয়াৰ বাবে এক উদ্যোগ বা জীৱিকাৰ উৎসই নহয় ই অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনতো যথেষ্ট বৰঙনি আগবঢ়াই আহিছে। প্ৰায় ৬০০ বছৰ আগৰ পৰাই মুগা অসমৰ এক প্ৰধান আৰ্থ সামাজিক কাৰ্য্য (Socio Economic Activity) হিচাপে অভিহিত হৈ আহিছে। অসম ৰাজ্য মুগা আৰু এৰী সূতাৰ জন্মস্হান। ৰেচমৰ লগত জড়িত বিভিন্ন প্ৰজাতিৰ জীৱ আৰু গছৰ বাবেই এই অঞ্চলক এৰী-মূগাৰ কেন্দ্ৰস্হল বুলি অভিহিত কৰা হয়। দেশৰ মূঠ ৰেচম উৎপাদনৰ শতকৰা ১০০ ভাগ মুগা আৰু শতকৰা ৯৯ ভাগ এৰী অসমে উৎপাদন কৰে।

সাধাৰণতে অসমৰ ভিভিন্ন জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা আৰু কামৰূপ জিলাতো মুগা উৎপাদন কেন্দীভূত হৈ আছে।

অসমৰ নিচিনা এখন উদ্যোগিকভাৱে অনগ্ৰসৰ ৰাজ্যত মুগা উদ্যোগে অতীজৰে পৰা নিবনুৱা সমস্যা সমাধান কৰাত যথেষ্ট সহায় কৰি আহিছে। সেয়েহে অসমৰ নিচিনা উন্নয়নশীল ৰাজ্য এখনৰ বাবে এই উদ্যোগৰ সম্প্ৰসাৰণ অতিকৈ প্ৰয়োজনীয়। ইয়াৰ উপৰিও ই অন্যান্য বৃহৎ উদ্যোগৰ নিচিনা প্ৰদূষণযুক্ত নহয়। প্ৰাকৃতিক পৰিবেশত উৎপন্ন হোৱা প্ৰদূষণমূক্ত তথা পৰিবেশ অনিষ্ট নকৰা উদ্যোগ। তলৰ তালিকাৰ পৰা ইয়াৰ ব্যয় আৰু প্ৰত্যাবৰ্তন (Cost Return) ৰ পৰিমাণ ধৰিব পাৰি।

মূগাৰ ব্যয় আৰু প্ৰত্যাবৰ্তনৰ তালিকা

বিষয়

মুগাখেতি

মুঠ উৎপাদন ব্যয়

১০,১০৬.০০

মুঠ প্ৰত্যাবৰ্তন (পৰিয়ালৰ শ্ৰম ধৰা হোৱা নাই)

২৪,০০০.০০

শুদ্ধ প্ৰত্যাবৰ্তন

১৩৫৯৪.

ব্যয় প্ৰত্যাবৰ্তনৰ অনুপাত

১:০২:৩৭

শস্যৰ সময়

৫০-১২০ দিন

 

উৎসঃ CMER &TI, CSB,  লাড়ৈগড়, যোৰহাট

উক্ত তালিকাৰ পৰাই ধৰিব পাৰি যে ৫০ ৰ পৰা ১২০ দিন অৰ্থাৎ চাৰি মাহত প্ৰায় ১০ হাজাৰ টকা ব্যয়সাপেক্ষে ২৪ হাজাৰ টকা পোৱা যায়। ইয়াৰে শুদ্ধ হিচাপ মতে প্ৰায় ১৩,৫৯৪ টকা খেতিয়কৰ হাতত থকা আয়। ব্যয়ৰ শিতানত কিছুমান যিহেতু স্হিৰ ব্যয় সেয়েহে লাভৰ অংশ বেছি হোৱাৰ সম্ভাৱনাই অধিক।

মুগা এবিধ শ্ৰম প্ৰধান উদ্যোগ। ইয়াৰ প্ৰতিটো স্তৰতে অৰ্থাৎ মুগা পলু পোহাৰ পৰা মুগা সূতা তৈয়াৰ কৰাই নহয় একেবাৰে কাপোৰটো বোৱালৈ বিভিন্ন স্তৰত বিভিন্ন মানুহ কৰ্মৰত হৈ থকে। ইয়াৰ লগত জড়িত লোকসকল যিহেতু বহু অধ্যয়নশীল ব্যক্তি নহলেও হয় আৰু সাধৰণতে গাওঁ অঞ্চলতে এই শিল্প বিৰাজমান (কাপোৰৰ বজাৰ বাদ দি), সেয়েহে গ্ৰাম্য অৰ্থনীতি উত্তৰণৰ ক্ষেত্ৰত ইয়াৰ বৰঙণি অতুলনীয়। একেদৰে বিহু অসমৰ এক জাতীয় উৎসৱ। বিহুক বাদ দি অসমীয় সমাজ জীৱনৰ কথা সপোনতো ভাৱিব নোৱাৰি আৰু এই বিহুৰ নাচনি ঢুলীয়াৰ লগত মুগা কাপোৰৰ সম্পৰ্ক অভিন্ন। অসমীয়া মানুহৰ বিয়াৰ লগতো মুগা কাপোৰৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। সেয়েহে মুগা অসমৰ অৰ্থনীতি আৰু সমাজনীতি উভয়েৰে লগত অবিচ্ছিন্নভাৱে জড়িত।

আমি যদি অন্তৰাষ্ট্ৰীয় পৰ্যায়ত মুগাৰ চাহিদাৰ বিষয়ে আলোচনা কৰো তেতিয়া দেখিবলৈ পাম যে যোগানৰ তুলনাত মুগাৰ চাহিদা অসম, ভাৰত তথা বিশ্বৰ বজাৰতো সমাদৃত। মুগা সূতাৰে তৈয়াৰী কাপোৰৰ দৈৰ্ঘতা যথেষ্ট বেছি। ইয়াৰ উপৰিও ই যিহেতু বহুত ঘন সেয়েহে সূৰ্যৰ পৰা হ’ব পৰা  ক্ষতিকাৰক অতি বেঙুনীয়া (Ultra Violet)  ৰশ্মি প্ৰতিৰোধ কৰাত যথেষ্ট সহায়ক। ইয়াৰ উপৰিওঁ মুগা সূতা যথেষ্ট টান সেয়েহে ইয়াক পেৰা-চ্যুট বনোৱা কামতো ব্যৱহাৰ কৰে। আধুনিক সময়ৰ চিকিৎসা বিজ্ঞানৰ জটিল অস্ত্ৰোপচাৰতো মুগা সূতা ব্যৱহাৰ কৰা হয় কিয়নো এই সূতা প্ৰাকৃতিকভাৱে তৈয়াৰী।

Sericulture in Assam
Sericulture in Assam

বৰ্তমান প্ৰসাধন জগততো মুগাৰ আদৰ কম নহয়। আগত কোৱাৰ দৰে ই অতি বেঙুনীয়া (Ultra Violet) ৰশ্মি প্ৰতিৰোধ কৰিব পাৰে বাবে ইয়াক মুখত সনা প্ৰলেপতো (ক্ৰিম) ব্যৱহাৰ কৰা হয়। মুগাৰ চাহিদাৰ এনে অগ্ৰাসনৰ বিপৰীতে যদি আমি মুগাৰ যোগানৰ দিশলৈ চকু দিওঁ তেন্তে দেখিবলৈ পাম যে উত্তৰ পূৱৰ ৰাজ্যসমূহৰ ভিতৰত ৯৫ শতাংশ মুগা উৎপাদনেৰে অসম দেশে তথা বিশ্বৰ অৰ্থনীতিত একচেটীয়া স্হান লাভ কৰিলেও মুগা খেতিৰ উৎপাদন অসমত দিনক দিনে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। তথ্যভিত্তিক পৰ্যালোচনা কৰিলে দেখা যায় যে অসমত চৰকাৰী পৰিসংখ্যা মতে ২০১৮-২০২৯ বৰ্ষত ২৩৩ মেট্ৰিক টন মুগা উৎপাদনৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ২৪১ মেট্ৰিক টন আৰু ২০২০-২১ বৰ্ষত ২৩৯ মেট্ৰিক টন মুগা উৎপাদন হৈছে। ইয়াৰ ভিতৰত সিংহভাগ (৯৫ শতাংশ) উৎপাদনেৰে অসম বিশ্বৰ ভিতৰতে একক স্হান অৰ্জন কৰিছে।

এতিয়া কথা হল যে এই মুগা উৎপাদনত অদ্বিতীয় স্হানত উপনীত হলেও ইয়াৰ উৎপাদন তুলনামূলকভাৱে হ্ৰাস হৈ আহিছে। এনে পৰিপেক্ষিতত মুগাৰ গৌৰৱ অক্ষ্ণুন্ন ৰাখিবলৈ হ’লে  চৰকাৰী তথা বেচৰকাৰী প্ৰচেষ্টাত অসমৰ এই আপুৰুগীয়া সম্পদবিধক পুনৰাই জীয়াই তুলিব লাগিব আৰু ইয়াৰ বাবে কেইটামান পদক্ষেপ অৱশ্যেই হাতত লব লাগিব।

প্ৰথমতেই ই যিহেতু এবিধ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল কাৰ্য, সেয়েহে ইয়াৰ লগত জড়িত লোকসকলে উপযুক্ত বিজ্ঞানসন্মত তথা আধুনিক প্ৰযুক্তিৰ লগত লগ হৈ নতুন চিন্তাধাৰাৰে এই মুগা খেতি কৰিব লাগিব।

দ্বিতীয়তে, এই খেতি যিহেতু প্ৰাকৃতিক পৰিবেশত উৎপন্ন সেয়েহে ইয়াক সম্পূৰ্ণ প্ৰদূষণ মুক্ত পৰিবেশ এটাত খেতি কৰিব লাগিব।

তৃতীয়তে, মুগা পলু পালক সকলে পলু পোহাৰ পিছত প্ৰাকৃতিক পৰিবেশ তথা অন্যান্য কাৰণত যদি ইয়াৰ সচ নষ্ট হৈ যায় তেতিয়া সেই নষ্টৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰে বীমাৰ সুবিধা কৰি দিব লাগিব।

এই সকলো বোৰৰ উপৰিও মুগা উদ্যোগ বা মুগা খেতি যিহেতু বয়সিয়াল মানুহখিনিৰ মাজত সীমাবদ্ধ হৈ আছে সেয়েহে এই শিল্পক যুৱ প্ৰজন্মৰ মাজলৈ প্ৰসাৰিত কৰিব লাগিব আৰু যুৱ প্ৰজন্মই ভাল পোৱা ধৰণে ইয়াক আগুৱাই লৈ যাব লাগিব।

লেখিকাঃ ড০ মনীষা ভট্টাচাৰ্য

সহযোগী অধ্যাপক

গোৱালপাৰা মহাবিদ্যালয়

ফোন-৯৪৩৫২৩৬২৫১

English Summary: Sericulture in Assam Specially Mulberry, Eri etc

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.