Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 January, 2021 4:44 PM IST
Water Pump Set Supply Scheme

 অসম কৃষিপ্ৰধান ৰাজ্য। অসমৰ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিজীৱী। কৃষি অৰ্থনীতিৰ ওপৰত অসমৰ অৰ্থনীতিৰ বিকাশ বহু পৰিমাণে নিৰ্ভৰশীল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৃষিখণ্ডৰ বিকাশৰ বাবে বিশেষ দৃষ্টি প্ৰদান কৰিছে। উন্নত কৃষি ব্যৱস্থাত জলসিঞ্চনৰো এক বিশেষ ভূমিকা আছে। ৰাজ্যৰ কৃষিখণ্ডৰ বিকাশৰ লগতে জলসিঞ্চনৰ প্ৰয়োগ বিকশিত কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি হাতত লৈছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কৃষিক্ষেত্ৰত ক্ষুদ্ৰ জলসিঞ্চনৰ বিকাশৰ ক্ষেত্ৰত নতুন দিগন্তৰ সৃষ্টি কৰি এক বিশেষ আঁচনি গ্ৰহণ কৰিছে। নিশ্চিত জলসিঞ্চনৰ সুবিধাৰ্থে কৃষকলৈ ৰাজসাহায্যৰ জৰিয়তে ১ লাখ অগভীৰ নলীনাদ যোগানৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিখনে কৃষকলৈ তলৰ সুবিধাসমূহ আগবঢ়াব-

  • কৃষকলৈ ৪-৫ অশ্বশক্তিবিশিষ্ট ডিজেল চালিত অগভীৰ নলীনাদ প্ৰদান।
  • ২ অশ্বশক্তিবিশিষ্ট বিদ্যুৎ চালিত কেন্দ্ৰীভূত পাম্পছেট আৰু ১.৫-২.০ অশ্বশক্তিবিশিষ্ট বিদ্যুৎ চালিত জলমগ্ন পাম্পছেটৰ সৈতে সৰ্বাধিক ৪৫ মিটাৰ আৰু ৬০ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ প্ৰদান।
  • ১০ জনীয়া গোটৰ বাবে ২০ হেক্টৰ কৃষিভূমি সামৰি ২৫ কে ভি এ উপকেন্দ্ৰ আৰু বিদ্যুৎ চালিত জলমগ্ন পাম্পছেটৰ সৈতে ক্ৰমে সৰ্বাধিক ৪৫ৰ পৰা ৬০ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ।
  • ৩০ জনীয়া গোটৰ বাবে ৬০ হেক্টৰ কৃষিভূমি সামৰি ৬৩ কে ভি এ উপকেন্দ্ৰ আৰু বিদ্যুৎ চালিত পাম্পটোৰ সৈতে ৪৫ৰ পৰা ৬০ মিটাৰ গভীৰতাৰ জলমগ্ন পাম্পছেট।
  • ১/২ অশ্বশক্তিবিশিষ্ট সৌৰশক্তিচালিত পৃষ্টীয় পাম্পছেটৰ সৈতে ৫/১০ হাজাৰ লিটাৰ ক্ষমতাৰ পানী সংৰক্ষণ চৌবাচ্ছা আৰু ৪৫ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ।
  • ২ অশ্বশক্তিবিশিষ্ট সৌৰশক্তিচালিত জলমগ্ন পাম্পছেটৰ সৈতে ১০ হাজাৰ লিটাৰ ক্ষমতাৰ পানী সংৰক্ষণ চৌবাচ্ছা আৰু সৰ্বাধিক ৬০ মিটাৰ গভীৰতাৰ অগভীৰ নলীনাদ। কৃষকসকলে এই আঁচনিখনৰ সুবিধা সুবিধা গ্ৰহণ কৰি বছৰটোত দুটা বা তিনিটা খেতিৰ জৰিয়তে নিজৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পাৰিব।

আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ জিলা কৃষি বিষয়া/মহকুমা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

English Summary: Water pump set supply scheme
Published on: 19 July 2019, 06:56 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now