Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 May, 2021 9:23 AM IST
Bio Fertilizer

    ‘জীৱাণুসাৰ’ হ’ল মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা কিছুমান অণুজীৱ আৰু এইবোৰ বহন কৰা বাহক পদাৰ্থৰ এক মিশ্ৰণ। বর্তমান সময়ত মাটিৰ কমি অহা উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা সাৰৰ চাহিদা পূৰাবলৈ এক বিকল্প উৎসৰ আৱশ্যক হৈ পৰিছে। তদুপৰি বৰ্তমান ৰাসায়নিক সাৰৰ মূল্য বৃদ্ধি হোৱাৰ বাবেও জীৱাণুসাৰৰ ব্যৱহাৰ ক্ৰমে বাঢ়িলৈ ধৰিছে। আনহাতে জৈৱিক কৃষিত মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে পচন সাৰ, সেউজ সাৰ, কেঁচুসাৰ আদিৰ লগতে জীৱাণুসাৰৰ প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

কাৰ্যক্ষমতাৰ ওপৰত ভিত্তি কৰি জীৱাণুসাৰক চাৰিটা ভাগত ভগাব পাৰি -

নাইট্ৰজেন সঞ্চয় কৰিব পৰা জীৱাণুসাৰঃ

   বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰি শিপাত জমা কৰিব পৰা এই ধৰণৰ জীৱাণুসাৰ সাধাৰণতে মাহ জাতীয় শস্যৰ শিপাৰ টেমুনাত প্ৰাকৃতিকভাৱে থাকে। উদাহৰণ হৈছেঃ ৰাইজ’বিয়াম। ধান, মাকৈ আৰু শাক-পাচলিৰ শিপাতো এনে নাইট্ৰ’জেন শোষণকাৰী জীৱাণু থাকে। তেনে জীৱাণুৰ উদাহৰণ হৈছে-এজট’বেক্টাৰ, ফ্ৰেংকিয়া, ক্ল’ষ্টিডিয়াম ইত্যাদি।

আৰু পঢ়ক- শৰীৰৰ অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ এই দহ বিধ খাদ্য গ্রহণ কৰক (Top 10 foods for increasing oxyzen level in human body)

ফ’ছফৰাছ দ্ৰবীভূত কৰা জীৱাণুসাৰঃ

   এইবিধ জীৱাণুসাৰ বেক্টেৰিয়া আৰু ভেকুৰজাতীয় কেতবোৰ জীৱাণু থাকে। সাধাৰণতে অসমৰ মাটিত থকা ফ’ছফৰাছখিনি আইৰণ ফছফেট বা এলুমিনিয়াম ফছফেট হিচাপে অদ্ৰৱণীয় জটিল যৌগৰুপে থাকে। ফ’ছফৰাছ দ্ৰৱীভূত কৰা জীৱাণুসাৰে এনে অদ্ৰৱণীয় ফছফৰাছক মাটিত দ্ৰৱণীয় ফ’ছফৰাছলৈ ৰুপান্তৰ কৰাত সহায় কৰে। উদাহৰণস্বৰুপে চিউদ্‌মনাছ আৰু বেছিলাছ নামৰ বেক্টেৰিয়া দুবিধৰ মাটিত দ্ৰৱণীয় ফ’ছফৰাছলৈ ৰুপান্তৰ কৰাত সহায় কৰে। উদাহৰণস্বৰূপে- চিউদ্‌মনাছ আৰু বেছিলাছ নামৰ বেক্টেৰিয়া দুবিধৰ মাটিত ফ’ছফৰাছ দ্ৰৱীভূত কৰিব পৰা ক্ষমতা আছে।

ফ’ছফৰাছ সহজলভ্য কৰা জীৱাণুসাৰঃ

   ফ’ছফৰাছ সহজলভ্য কৰা এবিধ গুৰুত্বপূৰ্ণ জীৱাণুসাৰ হৈছে মাইক’ৰাইজা। এই জীৱাণুসাৰে ইয়াৰ দেহত থকা কেতবোৰ নলীকা(জাইফি)ৰ সহায়ত ফ’ছফৰাছ নামৰ মৌলবিধ গছৰ শিপাৰ ওচৰত সহজলভ্য কৰি তোলাত সহায় কৰে। বেছিভাগ শাক-পাছলিত ফ’ছফৰাছ মৌল যোগানত সহায় কৰিব পৰা এই মাক্কৰাইজা হৈছে এবিধ ভেঁকুৰজাতীয় অণুজীৱ।

আৰু পঢ়ক- আপোনাৰ ঘৰৰ নাৰিকল জোপাত ফল নধৰে নেকি বা ধৰিলেও সৰি যায়? তেনেহ'লে অৱলম্বন কৰক এইটো উপায়

জিংক আৰু চিলিকেট দ্ৰৱীভূত কৰা জীৱাণুসাৰঃ

   মাটিত জিংক আৰু চিলিকেট দ্ৰৱণীয় কৰাত সহায় কৰিব পৰা দুই ধৰণৰ বেক্টেৰিয়াক জীৱাণুসাৰ হিচাবে প্ৰয়োগ কৰা হয়। জিংক নামৰ অণুমৌলবিধ মাটিত জটিল ৰুপত অদ্ৰৱণীয় অৱস্থাত থাকে। জিংক দ্ৰ্ৱীভূত কৰা জীৱাণুসাৰে জিংকক এই জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ ৰুপান্তৰ কৰি দ্ৰৱণীয় কৰি তোলে। উদাহৰণ – গ্লোকন’এছিটবেক্টাৰ। জিংকৰ দৰে চিলিকেট দ্ৰৱীভূত কৰিব পৰা এবিধ জীৱাণুসাৰো আৱিষ্কাৰ হৈছে। ‘বেছিলাচ’ নামৰ এই জীৱাণুসাৰবিধে চিলিকেট দ্ৰ্ৱীভূত কৰিব পাৰে।

জীৱাণুসাৰ প্রয়োগ-

বীজশোধনঃ

মাহজাতীয় শস্য, সৰিয়হ আদিত বীজশোধন পদ্ধতিৰে জীৱাণুসাৰ প্ৰয়োগ কৰিব পাৰি। নিৰ্দিষ্ট প্ৰজাতিৰ জীৱাণুসাৰ বিধৰ ৪০০ গ্ৰাম আধা লিটাৰ পৰিষ্কাৰ পানীত মিহলাই এই তৰল মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগে। এই মিশ্ৰণটোত ১০-১২ কেজি বীজ হাতেৰে মিহলাই বীজবোৰৰ ওপৰত জীৱাণুসাৰৰ মিশ্ৰণটোৰ এটা পাতল প্ৰলেপ দিব লাগে ইয়াৰ পিছত ছাঁত শুকুৱাই বীজবোৰ পথাৰত সিঁচি দিব লাগে।

শিপা শোধনঃ

বিভিন্ন ধৰণৰ পাচলি আৰু ধানত শিপা শোধন পদ্ধতিৰে জীৱাণুসাৰ প্ৰয়োগ কৰা হয়। ধানৰ বাবে পথাৰৰ এচুকত মাটিৰে ভেটা দি এটা গাত খান্দি তাত কিছু পানী ৰাখিব লাগে। এবিঘা মাটিৰ বাবে আধা কেজি এজ’স্পাইৰিলাম আৰু আধা কেজি PSB সেই পানীত মিহলাই এটা তৰল প্ৰস্তুত কৰা হয়। ইয়াত অলপ শুকান গোবৰো দিব লাগে। এতিয়া ধানৰ তুলি অনা কঠিয়াৰ শিপাৰোৰ এই মিশ্ৰণত ৮-১২ ঘণ্টামান ডুবাই ৰাখি মূল পথাৰত শাৰী শাৰীকৈ ৰোপন কৰিব লাগে।

মাটিত প্ৰয়োগঃ

গোবৰ সাৰ বা পচন সাৰৰ সৈতে জীৱাণুসাৰ মিহলাই এৰাতি থৈ দিব লাগে। পিছত এই সাৰ পুলি ৰোৱাৰ আগে আগে মাটিত দিব লাগে। 

আৰু পঢ়ক- ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি? (Increase production of Rice Farming )
English Summary: Types of bio fertilizer and it use
Published on: 29 May 2021, 10:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now