Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 December, 2021 4:27 PM IST

অসমৰ মাটি আৰু জলবায়ু নানাবিধ উদ্যান শস্যৰ খেতিৰ বাবে বিশেষভাৱে উপযোগী। বিবিধ ফল-মূল, শাক-পাচলি, ফুল, ঔষধি উদ্ভিদ আদি উদ্যান শস্যৰ ভিতৰত পৰে। সম্প্ৰতি চৰকাৰেও উদ্যান শস্যৰ খেতি সম্প্ৰসাৰণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। বিশেষকৈ প্ৰযুক্তি অভিযানৰ অধীনত কল, আনাৰস, নামু, নাৰিকল, অমিতাকে ধৰি বিধে বিধে ফল-মূলৰ খেতিৰ বাবে আগ্ৰহী কৃষকসকলক উত্সাহিত কৰা হৈছে। অসমত স্থানীয়ভাৱে চাহিদা থকা বিভিন্ন ফুলৰ খেতিয়েও আমাৰ কৃষক ৰাইজক অৰ্থ উপাৰ্জনৰ সুন্দৰ পথ এটা দিব পাৰে। নাৰ্জি, ৰজনীগন্ধা, গ্লেডিঅলাছ আদি ফুলৰ উপৰি অৰ্কিডৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিব পাৰিলে লাভ নিশ্চয় হব।

আদা, নহৰু, জালুক, জলকীয়া, লং, ইলাচি, ডালচেনি আদি বিভিন্ন মচলাবোৰো উদ্যানশস্যৰ ভিতৰত পৰে। মচলাৰ খেতি কৰিবলৈ আগ্ৰহী কৃষকসকলকো ঋণ তথা অৰ্থ সাহাৰ্য্য দিয়াৰ ব্যৱস্থা আছে।

আমাৰ কৃষক ৰাইজে পৰম্পৰাগতভাৱে বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি আহিছে। দেখাক দেখি খেতি কৰাৰ সলনি বজাৰৰ চাহিদা অনুসৰি বিভিন্ন পাচলিৰ খেতি আগতীয়াকৈ কৰাত গুৰুত্ব দিব লাগে। কাৰণ আগতীয়া খেতিৰ ফচল বিক্ৰী হয় অধিক দামত । গতিকে লাভো হয় বেছি।

কমেও চাৰি-পাঁচ বিঘামান ওখ, সাৰুৱা মাটিত উদ্যানশস্যৰ বাগান এখন গঢ়ি তুলিব পাৰিলে স্থায়ী উপাৰ্জনৰ পথ এটা মুকলি হব। পুখুৰীৰ পাৰতো ফল-মূল, শাক-পাচলি আদিৰ খেতি কৰিব পাৰি। পুখুৰীৰ পাৰকেইটা আহল-বহল কৰি লৈ তাত নাৰিকল, তামোল, কল, মধুৰি, লিচু, তেজপাত, ডালচেনি আদিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিব পাৰি। তাৰ পাছতো ৰৈ যোৱা খালী ঠাইবোৰত বতৰীয়া শাক-পাচলিৰ খেতি, ৰহৰ মাহ, আদা-হালধি আদিৰ খেতি কৰিলে অধিক ধন হাতলৈ আহিব। অকল উদ্যান শস্যৰ খেতি অথবা মত্স্য পালনৰ সলনি সমন্বিত পদ্ধতিৰে উদ্যান শস্য আৰু মাছৰ খেতি কৰিব পাৰিলে একেডৰা মাটিৰ পৰা আশা কৰাতকৈও বহু বেছি ধন উপাৰ্জন কৰিবলৈ সক্ষম হব।

লগতে পঢ়কঃ NRC ৰ ওপৰত নিৰ্মাণ হ‘ল প্ৰথম খন চলচ্চিত্ৰ-‘নয়েজ অফ চাইলেন্স'

English Summary: through garden crop farmer can earn more profit
Published on: 29 December 2021, 04:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now