Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 October, 2022 2:41 PM IST
spinach cultivation

শীতকালত কৰিব পৰা শাক-পাচলিৰ খেতিৰ ভিতৰত অন্যতম হৈছে পালেং শাকৰ খেতি। এই শাকবিধৰ চাহিদা গোটেই বছৰজুৰি থাকে যদিও শীতকালতেই প্ৰধানতঃ ইয়াৰ খেতি কৰা হয়। পালেং শাকত প্ৰ'টিন, কেলচিয়াম, আইৰণ, ভিটামিন এ, বি আৰু চি থাকে। পাতত ক্লৰ'ফিল আৰু লিপিড থাকে। এই লিপিডে বেক্টৰিয়া নাশ কৰে। পালেং শাকত কম পৰিমাণৰ কাৰ্ব'হাইড্ৰেটো থাকে। পাত কোমল, ডাঠ আৰু বহল হয়। সেউজীয়া পাত ৰসাল হয়। পালেং শাক সিজাই জোল কৰি, দাইল মাছৰ আঞ্জা বা কেঁচাই চাটনি কৰি খাব পাৰি।

শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কাহ-কফ হৈ থাকিলে পালেং শাকৰ জোল গৰম কৰি খালে সুফল পোৱা যায়। এই জোলত অকণমান ক’লা নিমখ আৰু জালুকৰ গুড়ি দিব লাগে। এজমা ৰোগীয়ে এনেদৰে খালে সুফল পায়। পালেং শাক খালে ৰক্তস্ৰাৱ ৰোগীয়ে সুফল পায়। সেইদৰে জণ্ডিচৰ লগতে প্ৰস্ৰাৱৰ ভিন্ন ৰোগীয়েও এনেদৰে খালে সুফল পায়। দেহৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ পালেং শাক খালে সুফল পোৱা যায়

শৌচ খোলোচা নহ’লে, শৌচ কমকৈ ঘনাই ঘনাই হ’লে পালেং শাকৰ জোল খাব লাগে। পালেং শাক খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, বিশেষকৈ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পালেং শাক খোৱাটো বৰ প্ৰয়োজনীয়।

নিম্ন ৰক্তচাপৰ ৰোগীয়ে পালেং শাক খালে সুফল লাভ কৰে। শিশুৰ পঁয়ালগা ৰোগত পালেং শাক খালে সুফল পায়। পালেং শাকত যিহেতু যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে, সেয়েহে হাড় আৰু দাঁতৰ গঠন সৱল হয় আৰু দেহৰ বিষ নাশ হয়। তেজৰ হিম’গ্লবিন বৃদ্ধি কৰিবলৈ পালেং শাক খাব লাগে। সৌন্দৰ্য বৰ্ধনতো পালেং শাকৰ গুৰুত্ব অপৰিসীম। পালেং শাক খালে ছাল নিমজ হয়, কমনীয় গুণ বৃদ্ধি হয় আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা উপশম পায়। পাথৰ থকা ৰোগীয়ে পালেং শাক পৰাপক্ষত নোখোৱাই ভাল।

পালেং শাকৰ খেতি কেনেকৈ কৰিব?

ছেপ্তেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰি ডিচেম্বৰ মাহলৈকে বীজ সিঁচিব পাৰি৷ প্ৰতি কি:গ্ৰাম বীজৰ বাবে ৩ গ্ৰাম কেপ্টান ৫০ ডব্লিও পি ঔষধেৰে বীজবোৰ শোধন কৰি লব৷ বীজবোৰ ২০ চে:মিটাৰ দূৰত্বৰ শাৰীত সিঁচিব লাগে৷ বীজবোৰ অঙ্কুৰিত হোৱাৰ ১০-১২ দিনৰ পিছত গছৰ পৰা গছৰ মাজত ৫-৭ চে:মিটাৰ দূৰত্ব ৰাখি পাতলাই দিব লাগে৷ হেক্টৰে প্ৰতি ২০ টন পামজাত সাৰ, ৮০ কি:গ্ৰাম নাইট্ৰোজেন, ৬০ কি:গ্ৰাম ফছফৰাছ সাৰ প্ৰয়োগ কৰিব লাগে৷

বীজ সিঁচাৰ পাছতে প্ৰথমবাৰ আৰু পিছত ১০-১২ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে৷ বন-বাতবোৰ খেতিডৰাত ওলোৱাৰ ২০ দিন মানৰ ভিতৰত নিৰাই দিব লাগে৷ পাতত দাগ পৰা বেমাৰৰ বাবে বেমাৰ হোৱাৰ আগতেই ব্যৱস্হা লব লাগে৷ সেউজীয়া পালেং পাতৰ উৎপাদন প্ৰতি হেক্টৰত ৩০-১০০ কুইন্টললৈ পাব পাৰি৷

লগতে পঢ়কঃ লাভজনক আদা খেতি কৰক, শীতকালত চাহিদা বৃদ্ধি পালে লাভ কৰিব অধিক মুনাফা!

English Summary: Spinach cultivation
Published on: 13 October 2022, 02:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now