Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 20 January, 2021 4:18 PM IST
Soybean Instead of Pulses

ডাইলৰ মাত্ৰাধিক চ’ৰা দামে ইতিমধ্যে ক্ৰেতাৰইজক বিবুধিত পেলাইছে। নিত্য খাদ্য তালিকাত ডাইল অপৰিহাৰ্য হোৱা বাবে মাহেকীয়া বাজেটত হেঁচা দিয়াৰ পৰতে কৃষি বিজ্ঞানী অশোক বিলাটিৰ লগতে আন এগৰাকী কৃষি বিজ্ঞানি অশোক বিজন দাসে মত প্ৰকাশ কৰিছে যে ধান আৰু ঘেহুৰ উৎপাদনত চৰকাৰ আৰু কৃষকে অধিক মনোনিৱেশ কৰাৰ ফলত ডাইলৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত ডাইলৰ্শ মূল্য দিনক দিনে আকাশলঙঘী হৈছে।

ডাইলত যথেষ্ট পৰিমাণে প্ৰ’টিন থকা বাবে মাছ, মাংস, কণীৰ সলনি ডাইলৰ ব্যৱহাৰে মানুহৰ শৰীৰত প্ৰ’টিন যোগায়। সেয়েহে কোৱা হয়’Dal is the poor mans protein’ অৰ্থাত, ‘ডাইল দুখীয়া লোকৰ বাবে প্ৰটিন সম্বলিত খাদ্য।’ প্ৰটিনৰ অভাৱত দেহত নানা ৰোগৰ সৃষ্টি হয়। দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। প্ৰতিনযুক্ত খাদ্য দেহত অতীৱ প্ৰয়োজনীয়। ইয়ো সচা যে মাত্ৰাধিক প্ৰটিনযুক্ত খাদ্যৰ ব্যৱহাৰে দেহত নানা ৰোগৰ সৃষ্টি কৰে। সেয়েহে সততে সমতা বৰ্তাই ৰখাৰ প্ৰচেষ্টা বাঞ্চনীয়। মন কৰিবলগীয়া যে চয়াবীনত ৪০ শতাংশ প্ৰ’টিন, ২০ শতাংশ উচ্চমানৰ তেল, প্ৰচুৰ পৰিমাণে ‘বি’ ভিটামিন, থিয়ামিন, কাইবোফ্লেবিন থকা বাবে ডাইলৰ সলনিজ চয়াবিনৰ ব্যৱহাৰ প্ৰণিধানযোগ্য। মিঠাত্ৰেলৰ সলনি চয়াবিনৰ তেলৰ ব্যৱহাৰে বহু ৰোগৰ পৰা হাত সৰাৰ উপায় দিব। ই আটাইৰে বিদিত যে মিঠাতেলত ভেজালকৰণ প্ৰক্ৰিয়া অতি ভয়াবহভাৱে বৃদ্ধি পাইছে। বজাৰত চয়াবিন আৰু বেলি ফুলৰ তেল পোৱা যায়। ই নিৰ্ঘাতসত্য যে খাদ্যৰ ওপৰতে মানুহৰ স্বাস্থ্য ঘাইকৈ নিৰ্ভৰশীল। উল্লেখযোগ্য যে চয়াবীন গাখীৰৰুপেও ব্যৱহাৰ কৰিব পাৰি। এনে গাখীৰ সুস্বাদু আৰু শৰীৰৰ বাবে উপযোগী। 

 চয়াবিনৰ গাখীৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন অনুযায়ী চয়াবিনৰ গুটিবোৰ ১০/১২ ঘণ্টামান পানীত তিয়াই থৈ কোমলিলে হাতেৰে মোহাৰি বাকলি গুচাই পিহি লৈ তিনিগুণ পৰিমাণৰ পানীত কমকৈ উতলিব দিলে বিশুদ্ধ গাখীৰ প্ৰস্তুত হ’ব। চয়াবিনৰ গোন্ধ আঁতৰাবলৈ কেইটোপালমান আদাৰ ৰস, দুখিলামান তেজপাত দিলেই গোন্ধ আঁতৰিব। চয়াবিনৰ গাখীৰ দৈনিক ব্যৱহাৰ কৰাৰ উপৰি গ্ৰহণী, পেটৰ অসুখ, তেজ-গ্ৰহণী আদিৰ মহৌষধ, অমৃতসম। বৃদ্ধ লোক, দূৰ্বল দেহৰ বাবে বৰ উপকাৰী। কেঁচুৱাকো কম পৰিমাণে পানী মিহলাই খুৱালে উত্তম পথ্য। চয়াবিন, চাপাটি, পৰঠা, ৰুটি, চাটনি, পকৰী, বৰ আদিতো ব্যৱহাৰ্কৰিলে উত্তম খাদ্য হ’ব। মাছ-মাংস, কণী আৰু গাখীৰ আদিৰ অধিক মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবৰ উপায়ৰুপে চয়াবিনৰ ব্যৱহাৰ সফলদয়ক। চয়াবিনৰ ব্যৱহাৰে দেহত প্ৰ’টিনযুক্ত খাদ্য যোগোৱাৰ লগতে স্বাস্থ্য ৰক্ষা আৰু অৰ্থনৈতিক দিশতো সহায়তা প্ৰদান কৰিব। ইয়াৰ ফল হ’ব সুদূৰপ্ৰসাৰী। এনেবোৰ ক্ষেত্ৰত গৃহস্থতকৈ গৃহিণীসকলৰ প্ৰচেষ্টা অধিক বাঞ্চনীয়। মনীষী বুলৱাৰ লিটনৰ ভাষাৰে-‘আমি বন্ধু অবিহনে জীয়াই থাকিব পাৰো। গ্ৰন্থ অবিহনেও জীয়াই থাকিব পাৰো, কিন্তু সভ্য মানুহে ‘ৰান্ধনী’ অবিহনে জীয়াই থাকিব নোৱাৰে।

ডা: কৃপাসিন্ধু অধিকাৰী, দৈনিক অসম।

English Summary: Soybean instead of pulses
Published on: 24 January 2019, 07:23 IST