Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 January, 2021 5:14 PM IST
Organic Farming

আপুনি খেতিডৰাত কোনো ধৰণৰ ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক দৰৱ প্ৰয়োগ কৰা নাই। অকল গোবৰ সাৰ ব্যৱহাৰ কৰা খেতিডৰা লহপহকৈ বাঢ়ি আহিছে। প্ৰশ্ন হ’ল-কাৰিকৰীভাৱে আপোনাৰ খেতিডৰা সম্পুৰ্ণভাৱে জৈৱিক পদ্ধতিৰে কৰা বুলি ক’ব পৰা যায়নে? উত্তৰত ক’ব পাৰি যে, আপোনাৰ খেতিডৰাত জৈৱিক কৃষি পদ্ধতিৰ প্ৰয়োগ আংশিকভাৱেহে হৈছে, বিশুদ্ধ অৰ্থত ই জৈৱিক কৃষিৰ মান্যতা পোৱাৰ উপযুক্ত হৈ উঠা নাই।

স্বাভাৱিকতেই এইখিনি কোৱাৰ পাছত মনলৈ আহি যোৱা প্ৰশ্নটো হ’ল ‘কিয়’? কিয় কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ কৰা এই খেতিডৰাক আমি বিশুদ্ধ ৰূপত জৈৱিক বুলি ক’ব নোৱাৰো?

ইয়াৰ উত্তৰটো এনেধৰণৰ:

আপোনাৰ খেতিডৰাই সঁচা অৰ্থত জৈৱিক কৃষিৰ মান্যতা পাবলৈ হ’লে এখনি জৈৱিক প্ৰমাণ পত্ৰৰ দৰকাৰ। ভাৰতবৰ্ষত চৰকাৰী বা বেচৰকাৰী খণ্ডত জৈৱিক কৃষিৰ প্ৰমাণপত্ৰ দিয়া ২২ টা এজেঞ্চি আছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ-চমুকৈ এপেডা নামৰ সংস্থাটোৱে এই এজেঞ্চিসমূহক স্বীকৃতি দিয়ে। এই ২২ টা এজেঞ্চিৰ যিকোনো এটাই নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে আপোনাৰ খেতিডৰাক জৈৱিক বুলি প্ৰমাণপত্ৰ দিলেহে ই জৈৱিক কৃষিৰ মান্যতা লাভ কৰে।

জৈৱিক কৃষিৰ প্ৰমাণপত্ৰ দুই ধৰণে দিয়া হয়-কৃষকৰ ব্যক্তিগত পামত আৰু সমূহীয়াভাৱে কৰা খেতিৰ ক্ষেত্ৰত। ব্যক্তিগতভাৱে কৰা খেতিৰ ক্ষেত্ৰত প্ৰমাণপত্ৰৰ বাবে প্ৰয়োজন হোৱা মাচুল কৃষকজনে নিজে বহন কৰিব লাগে। আনহাতে সমূহীয়া পামৰ ক্ষেত্ৰত এই মাচুলখিনি কৃষকৰ মাজত মাটিৰ পৰিমাণ অনুযায়ী ভগাই লোৱা হয়। অসমৰ দৰে ৰাজ্যৰ ক্ষেত্ৰত-য’ত ক্ষুদ্ৰ আৰ উপান্ত কৃষকৰ সংখ্যাই সৰহ-তেনে এখন ৰাজ্যত সমূহীয়াভাৱে কৰা খেতিৰ জৈৱিক প্ৰমাণপত্ৰ লোৱাটোৱেই লাভজনক। কিন্তু এই প্ৰমাণপত্ৰখন লাভ কৰিবলৈ কৃষকে কিছুমান নিৰ্দিষ্ট নীতি-নিয়ম সাৱধানতাৰে মানি চলিবলগীয়া হয়। বীজ নিৰ্বাচনৰ পৰা উৎপাদিত শস্য উপভোক্তাৰ হাতত পৰাৰ আগমুহুৰ্তলৈকে যিকোনো এটা নিয়ম ভংগ কৰিলেও খেতিডৰাক জৈৱিক কৃষিৰ প্ৰমাণপত্ৰ দিয়া নহয়।

ইয়াৰ ভিতৰত দুটামান কথা এনেধৰণৰ:

  • বীজ নিৰ্বাচন: বীজ বা ৰোপন সামগ্ৰীসমূহ জৈৱিক পামৰ পৰা সংগ্ৰহ কৰা হ’ব লাগিব। কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা পামৰ পৰা বীজ বা ৰোপন সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰিব।
  • প্ৰতিবন্ধী বান্ধ: জৈৱিক খেতি কৰা পথাৰখনৰ মাজত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি কৰা অইন কোনো খেতি কোনোপধ্যে থাকিব নোৱাৰি। জৈৱিক কৃষি কৰা পথাৰ বা পামখন অইন পথাৰৰ পৰা পৃথক কৰিবলৈ পামখনৰ চাৰিওফালে কমেও ১ মিটাৰ বহল আৰু সুবিধাজনক উচ্চতাৰ এটা বান্ধ দি লোৱা হয়। এই বান্ধটোকেই প্ৰতিবন্ধী বান্ধ বুলি কোৱা হয়। বান্ধটোৰ বাহিৰৰ ফালে গৰু-ছাগলীৰ প্ৰৱেশত বাধা দিবলৈ ভোট এৰাৰ ডাল আদি ৰুই এখন জৈৱিক বেৰ দি লোৱা হয়। মনত ৰখা দৰকাৰ যে, প্ৰতিবন্ধী বান্ধ জৈৱিক প্ৰমাণপত্ৰৰ অন্যতম প্ৰাথমিক চৰ্ত।
  • অকল জৈৱিক দ্ৰব্যৰ প্ৰয়োগ: জৈৱিক কৃষি কৰা পথাৰখনৰ মাটিৰ গুণাগুণ উন্নত কৰাৰ লগতে পুষ্টি যোগানকে ধৰি শস্যৰক্ষা আদিৰ বাবে অকল জৈৱিক সামগ্ৰীহে ব্যৱহাৰ কৰা হয়। কেঁচুসাৰ, বিভিন্ন অণুজীৱ, উপকাৰী জীৱ আদি এইক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ৰক ফচফেট, চূণ আদিৰ দৰে প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ দিয়াৰ বাবে চুক্তিবদ্ধ হোৱা এজেঞ্চিটোৰ আগতীয়া অনুমোদনৰ প্ৰয়োজন হয়।
  • তথ্যপঞ্জী: কৃষকৰ নিজৰ মাটিৰ পৰিমাণ, গৰু-ছাগলীৰ সংখ্যা, বীজৰ উৎস, ব্যৱহাৰ কৰা সময় আদি বিভিন্ন তথ্য নিৰ্দিষ্ট বহীত লিপিবদ্ধ কৰাটো প্ৰমাণপত্ৰৰ বাবে বাধ্যতামূলক।
  • পৰিদৰ্শক নিয়োগ: কৃষকসকলৰ কামকাজ চোৱাচিতা কৰাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াবলৈ একোজন পৰিদৰ্শক নিয়োগ কৰা হয়। পৰিদৰ্শকগৰাকীয়ে নীতি-নিয়মসমূহ কৃষকক বুজাই দিয়াৰ লগতে জৈৱিক কৃষিৰ সমগ্ৰ প্ৰক্ৰিয়াটো নিয়াৰকৈ আগবঢ়াই নিয়াত কৃষকক সহায় কৰে। তথ্যপঞ্জী আৰু অইন দৰকাৰী কাগজপাতিও পৰিদৰ্শকজনে চোৱাচিতা কৰিব লাগে।
  • প্ৰমাণপত্ৰ দিয়া এজেঞ্চিৰ পৰিদৰ্শন: সাধাৰণতে বাৰ্ষিক বা ঋতুসাপেক্ষ শস্যৰ ক্ষেত্ৰত জৈৱিক প্ৰমাণপত্ৰ পাবলৈ ৩ বছৰ আৰু বহুবৰ্ষীয় শস্য যেনে-কমলা, নেমু, লিচু আদিৰ দৰে শস্যৰ ক্ষেত্ৰত এই প্ৰমাণপত্ৰ পাবলৈ ৫ বছৰ সময়ৰ প্ৰয়োজন হয়। সংশ্লিষ্ট এজেঞ্চিটোৱে বছৰত এবাৰকৈ আহি পামখনত জৈৱিক নীতি-নিয়মসমূহ মানি চলা হৈছেনে সেই কথা পুংখানুপুংখভাৱে পৰীক্ষা কৰে। এজেঞ্চিটো সন্তুষ্ট হ’লেহে জৈৱিক কৃষিৰ প্ৰমাণপত্ৰ কৃষকক বা পামখনক দিয়ে। এই প্ৰমাণপত্ৰ লাভ কৰাৰ পাছত কৃষকে নিৰ্দিষ্ট সংস্থাৰ জৰিয়তে দেশীয় বা আন্ত:ৰাষ্ট্ৰীয় জৈৱিক বজাৰত নিজৰ জৈৱিক শস্য বা পণ্য বিক্ৰী কৰিব পাৰে।
  • জৈৱিক বজাৰৰ প্ৰমাণপত্ৰ: জৈৱিক কৃষিজাত শস্যৰ যেনেকৈ জৈৱিক বুলি প্ৰমাণপত্ৰৰ প্ৰয়োজন তেনেকৈ এই জৈৱিক সামগ্ৰী বেচা-কিনা হোৱা বজাৰখনৰো জৈৱিক বজাৰ বুলি এখন প্ৰমাণপত্ৰ থাকিব লাগে। বজাৰখনৰ বাবে নিৰ্দিষ্ট কৰা নিয়ম ভংগ হ’লে বজাৰখনে জৈৱিক বজাৰৰ মৰ্যাদা হেৰুৱায়।

লিখকৰ নাম:  বংশীধৰ কলিতা

মহকুমা কৃষি বিষয়া আৰু কৃষি সঞ্চালকালয়ৰ জৈৱিক কৃষি প্ৰকল্পৰ দায়িত্ববাহী বিষয়া
উৎস: কৃষি বিভাগ, অসম

English Summary: Some important information about Organic Farming
Published on: 18 May 2019, 05:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now