Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 January, 2021 5:16 PM IST
Pradhan Mantri Fasal Bima Yojana

পূৰ্বৰ ৰাষ্ট্ৰীয় কৃষি বীমা যোজনাখনৰে কিছু সাল-সলনি ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে ঘোষণা কৰিছে ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’I এই বীমা যোজনা সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ কাৰণেই প্ৰযোজ্য হ’ব। ৰাজ্য আৰু কেন্দ্ৰ শাসিত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত অঞ্চলৰ যিসকল কৃষকে দানাশস্য, খাদ্যশস্য, তেলবীজ, বাৰ্ষিক উদ্যানজাত বা বাণিজ্যিক শস্যৰ খেতি কৰে সেইসকল কৃষকেও এই বীমা লাভ কৰিব। এই বীমাত কিষাণ ক্ৰেডিট কাৰ্ড থকা কৃষকসকলৰ পৰা বেংকে প্ৰিমিয়ামৰ ধন কাটি নি বীমা সংস্থাক প্ৰদান কৰিব। আৰু যিসকলৰ কিষাণ ক্ৰেডিট কাৰ্ড নাই সেইসকলে নিকটৱৰ্তী বেংক শাখা বা বীমা সংস্থাৰ এজেন্টৰ হাতত প্ৰিমিয়ামৰ ধনৰাশি প্ৰদান কৰাৰ সুবিধাও আছে।

এই নতুন আঁচনিৰ অধীনত বীমাকৃত শস্য ৰোপণ কৰাত কোনো ধৰণৰ সমস্যা হ’লে বেংক একান্টত বীমাকৃত ধনৰাশিৰ ২৫ শতাংশ আগতীয়াকৈ প্ৰদান কৰা হ’ব।

বৈশিষ্ট্যসমূহ

  • যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ’লে সংশ্লিষ্ট কৃষকক আৰ্থিক সকাহ তথা উপযুক্ত ক্ষতিপূৰণ এই বীমাই ইয়াৰ ক্ষতিপূৰণ প্ৰদান কৰিব।
  • বানপানী, খৰাং বা কোনো প্ৰাকৃতিক দুৰ্যোগত কৃষি বিনষ্ট হোৱাৰ লগে লগে সংশ্লিষ্ট বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ সমুদায় ধন আদায় দিয়ে কৃষকসকলক। অৰ্থাৎ এনে বীমা কৰিলে প্ৰাকৃতিক দুৰ্যোগে খেতি বিনষ্ট কৰিলেও কোনো লোকচানৰ সন্মুখীন হ’বলগীয়া নহয় কৃষকসকল।
  • শস্য কঁটাৰ ১৪ দিনলৈ যদি শস্য পথাৰত থাকে আৰু সেই সময়তে কিবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষকসকল কোনো অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰে তেতিয়াও কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।
  • এই বীমাত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। য’ত শস্য কটা আৰু লোকচানৰ সমস্যা সমাধান সোনকালেই হয় আৰু কৃষকসকলে ক্ষতিপূৰণো সময়মতে লাভ কৰে।

কৃষকে দিব লগা প্ৰিমিয়াম ৰাশি

প্ৰধানমন্ত্ৰী শস্য বীমাৰ অন্তৰ্গত শস্য অনুযায়ী কৃষকে পৰিশোধ কৰিব লগা প্ৰিমিয়াম ৰাশিৰ পৰিমাণ বহুত কম কৰি দিয়া হৈছে।

ক্ৰমিক নং

শস্য

কৃষকসকলে দিব লগা অধিকতম বীমা ৰাশি (শতাংশ হিচাপত)

খাৰিফ

২.০ শতাংশ

ৰবি

১.৫ শতাংশ

বাৰ্ষিক উদ্যানজাত/ বাণিজ্যিক ফচল

৫ শতাংশ

আঁচনিখনৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ ক্লিক কৰক।

উৎসকৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়, ভাৰত চৰকাৰ।

English Summary: pradhan mantri fasal bima yojana
Published on: 18 April 2019, 01:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now