উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনীৰ উদ্যোগত নাবাৰ্ড, কৃষক উৎপাদক গোট আৰু গাহৰি পালন সমিতি, নাওকাটাৰ সহযোগত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ মহিলা সকলে উন্নত জাতৰ গাহৰি পালনৰ জৰিয়তে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে| উল্লেখ্য যে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ জৰিয়তে অঞ্চলটোৰ পশ্চিম নাওকাটা, ১ আৰু ৩ নং জলঠেংপাৰ, নাটকুছি, বেটাগাঁও আৰু জিনঝাৰ গাঁৱত ৩৩ গৰাকী মহিলাক উন্নত জাতৰ (অষ্ট্ৰেলিয়ান, হেমপশ্বায়াৰ) গাহৰি পালনৰ ব্যৱস্থা কৰে| অনুষ্ঠানটোৱে উক্ত মহিলা সকলক গাহৰি পালনৰ ক্ষেত্ৰত বয়স অনুপাতে খাদ্যৰ যোগান ধৰা, বেমাৰ আজাৰ হ’লে চিকিৎসাৰ ব্যৱস্থা কৰা আদি দিশত প্ৰতিমাহে প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰে|
ইতিমধ্যে গাহৰি পালনৰ ৮ মাহ অতিক্ৰম কৰা কেইবাজনীও মহিলাই গাহৰি বিক্ৰী কৰি ৯/১০ হেজাৰ টকাকৈ লাভ কৰিছে বুলি জনাইছে| আনহাতে অনুষ্ঠানটোৰ সভানেত্ৰী শেৱালী বসুমতাৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া ভৱেন বড়োই ‘আমাৰ খবৰ, নাওকাটাক জনোৱা অনুসৰি পৰীক্ষামূলকভাৱে কৰা গাহৰি পালনৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই কম সময়ৰ ভিতৰতে অধিক লাভৱান হৈছে| ফলস্বৰুপ উক্ত আঁচনিখন চলিত মাহতে অঞ্চলটোৰ আৰু কেইবাখনো গাঁৱলৈ সম্প্ৰসাৰণ কৰা হ’ব| স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কাৰ্যক অঞ্চলটোৰ জনসাধাৰণে প্ৰশংসা কৰিছে|