Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 May, 2022 12:23 PM IST

বৰ্তমান সময়ত সমগ্ৰ বিশ্বই জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইয়াৰ লক্ষ্য এটাই, আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰা আৰু স্বাস্থ্যসন্মত এক খাদ্যৰ অভ্যাস গঢ়ি তোলা। গতিকে ই আমাৰ আহিবলগীয়া সময়বোৰৰ বাবে এটা ভাল খবৰ।

এই সময়ত কেৱল যে কৃষক সকলৰ লগতে গ্ৰাহক সকলেও জৈৱিক বা পৰম্পৰাগত কৃষি পদ্ধতিৰে কৰা সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। সেই অনুপাতে বজাৰতো জৈৱিক সামগ্ৰীৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । সেয়েহে এই প্ৰৱন্ধটিত জৈৱিক কৃষি পদ্ধটিৰ ব্যৱহৃত পচন সাৰ আৰু কেঁচুমতাসাৰ সম্বন্ধে কিছু কথা আলোচনা কৰিম-

পচন সাৰ

পচন সাৰ বুলিলে সাধাৰণতে উদ্ভিদ আৰু প্রানীজগতৰ বিভিন্ন উপাদানেৰে তৈয়াৰী হোৱা সাৰকে বুজায় । পচন সাৰত ব্যৱহত হোৱা উপাদানৰ ভিতৰত দৈনন্দিন জীৱনত অনায়াসে পাই থকা ঘৰচীয়া জীৱ জন্ত্তৰ মল মূত্র, গোহালীৰ জাবৰ-জোথৰ বা খেৰ, বাৰীখনত থকা বন-বাত, সহজে পচন ঘটা বিভিন্ন গছৰ পাত, শাক-পাচলি বা ফল-মূলৰ অলাগতীয়াল অংশ, মেটেকা ইত্যাদি।

পচনসাৰ পাতৰ বাবে গোহালিৰ কাষত পানী জমা নোহোৱা ওখ ঠাই নির্ব্বাচন কৰিব লাগে । পচন সাৰ প্রস্তুত কৰিবলৈ ১০ ফুট দীঘল ,৫ফুট বহল আৰু ৩ ফুট দ' গাঁত খান্দিব লাগে। পচাব লগীয়া সামগ্রীবোৰ প্রথমতে কাটি সৰু সৰু টুকুৰা কৰি লব লাগে।

ইয়াৰ পিচত এই জাবৰবোৰৰ লগত ফছফবেক্টেৰিয়া জীৱানুসাৰ ২৫০ গ্রাম প্রতি ১০০ কেজি জাবৰ হিচাপত পানীৰ লগত মিহলাব লাগে। তাৰ পিচত ১০ কেজি মান সাৰুৱা মাটিৰ লগত ২০ কেজি ৰক ফছফেট আৰু ৪-৫ কেজি ইউৰিয়া সাৰ পচাব লগীয়া সামগ্রীৰ লগত ভালকৈ মিহলাব লাগে । লক্ষ্য ৰাখিব লাগে যাতে পচন সাৰৰ পাতত জলীয় বাষ্পৰ পৰিমাণ শতকৰা ৬০-৭০ ভাপ হয়। জাবৰবোৰ ১৫ দিনৰ অন্তৰে অন্তৰে লৰাই দিব লাগে। ২য় বাৰ লৰোৱাৰ সময়ত এজটবেক্টাৰ জীৱাণুসাৰ ১০ কেজি দুই বাল্টিমান পানীৰ লগত মিহলি কৰি গাতত ভালকৈ চটিয়াই দিব লাগে। এনেকুৱা উন্নত মানৰ পচন সাৰ ৩-৪ মাহতে প্রস্তুত কৰিব পাৰি।

কেঁচুমতাসাৰ

কেচুঁমতাসাৰ

জৈৱিক সাৰৰ ভিতৰত কেচুঁমতা সাৰৰ স্থান অন্যতম। এইবিধ সাৰ কেঁচুৰ বিস্ঠা মাথো । সাধাৰণ মাটিতকৈ কেচুঁমতা সাৰত ৫ গুণ বেছি নাইট্রজেন, ৭ গুণ বেছি ফছফৰাছ, ১১ গুণ বেছি পটাচৰ উপৰিও ২ গুণ বেছি মেগনেছিয়াম আৰু কেলচিয়াম থাকে। ইয়াত মূল্যৱান ভিটামিন, এনজাইম আৰু হৰমন থাকে।

কেঁচু উত্পাদনৰ কাৰণে উত্তম প্রজাতিৰ কেঁচুৰ ভিতৰত আইছানিয় ফটিদা, ইউদ্রীলাছ ইউঘিনি ইত্যাদি সহজলভ্য। কেঁচুমতাসাৰ প্রস্তুত কৰাৰ কাৰণে ১০ ফুট দীঘল, ৫-৬ ফুট বহল আৰু ২.৫-৩ ফুট দৰ টেংক বনাব লাগে। টেংকৰ তলীত অতিৰিক্ত পানী ওলাই যাবপৰাকৈ কেইটামান সৰু (২ ইঞ্চিমান ব্যসৰ ) বিন্ধা কৰিব লাগে। টেংকৰ তলীত ১-২ ইঞ্চিৰ বালি নাইবা মাটিৰ প্রলেপ দিব লাগে। ইয়াৰ পিচত টেংকত আধাপচা গোবৰ আৰু পচনৰ উত্স (অলাগতীয়াল কৃষিজাত বস্তু) ২-৩ অনুপাতৰ মিশ্রণ কৰি ২ ফুট ডাঠকৈ প্রয়োগ কৰিব লাগে।

আৰু তাৰপিচত প্রতি বর্গফুটত ১০০ টা কেঁচু প্রয়োগ কৰিব লাগে। কৃষিজাত সামগ্রীবোৰ টেংকত প্রয়োগ কৰাৰ আগতে সৰু সৰুকৈ টুকুৰা কৰি দুসপ্তাহৰ বাবে পচাব লাগে। টেংকত দিনত ২-৩ বাৰকৈ পানী প্রয়োগ কৰিব লাগে যাতে টেংকত জলীয় বাষ্পৰ পৰিমাণ শতকৰা ৫০ ভাগ সকলো সময়তে থাকে। লগতে টেংকত বৰষুণ নপৰিবলৈ ওপৰত খেৰৰ চালৰ ব্যৱস্থা কৰিব লাগে। পচন ক্রিয়া সম্পূর্ণ হওতে প্রায় ৫-৮ সপ্তাহ মান লাগে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-কিয় আমি জৈৱিক কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব দিব লাগে?

English Summary: Pachan and earthworm fertilizer preparation system
Published on: 02 May 2022, 10:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now