1. এগ্ৰিপেডিয়া

Soil Testing: পৰীক্ষাৰ বাবে কেনেধৰণৰ নমুনা সংগ্ৰহ কৰিব ?

KJ Staff
KJ Staff

শস্যৰ ভাল উৎপাদনত মাটিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো মাটিত পোৱা বেক্টেৰিয়া আৰু পুষ্টিয়ে উদ্ভিদবোৰক সঠিক পৰিমাণৰ নাইট্ৰজেন প্ৰদান কৰে । গতিকে পথাৰত শস্যৰ খেতি আৰম্ভ কৰাৰ আগতে খেতি মাটি পৰীক্ষা কৰাতো অতি প্ৰয়োজন ।

আপুনি যদি  সময়ে সময়ে মাটি পৰীক্ষা কৰি থাকে তেতিয়া আপোনাৰ শস্যৰ উৎপাদনো লাভজনক অৱস্থাত থাকিব । পিছে আপুনি মাটিৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰোতে কিন্তু কেইটামান কথা অতি গুৰুত্ব দিব লাগিব ।

পৰীক্ষাৰ বাবে কেনেধৰণৰ নমুনা সংগ্ৰহ কৰিবঃ

  • আপুনি এডোখৰ কোমল মাটিৰ পৰা হে পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিব আৰু শস্য ৰোপণ কৰাৰ প্ৰায় এমাহৰ পূৰ্বে মাটিৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিব আৰু মাটি পৰীক্ষা কৰিব ।
  • এটা মন কৰিবলগীয়া কথা হৈছে, আপুনি নমুনা সংগ্ৰহ কৰা ঠাইত কোনো প্ৰকাৰৰ ঘাঁহ-বন আদি থাকিব নালাগে । তদুপৰি আপুনি নমুনা প্ৰায় ১৫ চে.মি গভীৰতাৰ পৰা হে সংগ্ৰহ কৰিব ।
  • ইয়াৰ পাছতে মাটিৰ নমুনাবোৰৰ চেপাল প্ৰস্তুত কৰাৰ লগতে নমুনাবোৰৰ মিশ্ৰণ প্ৰস্তুত কৰিব । পৰৱৰ্তী সময়ত ইয়াৰ ৪ টা ভাগত বিভক্ত কৰিব লাগিব ।
  • বিভক্ত কৰা চাৰিটা অংশৰ ২ টা আঁতৰাই ৰাখক, বাকী অংশটো পুনৰ মিহলি কৰক আৰু আকৌ ৪ টা অংশ লওক আৰু ২ টা অংশ পেলাই দিয়ক ।
  • আপোনাৰ ৫০০ গ্ৰাম মাটি বাকী নোহোৱালৈকে এই ধৰণৰ প্ৰক্ৰিয়াটো অতুত ৰাখিব । মনত ৰাখিব নমুনাএটা পৰিষ্কাৰ মোনাত হে ৰাখৰ ব্যৱস্থা কৰিব ।

মাটি পৰীক্ষাৰ পূৰ্বে মন কৰিবলগীয়া কেইটামান তথ্যঃ

উচ্চ আৰু নিম্ন পথাৰৰ পৃষ্ঠৰ পৰা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিব নালাগে । ইয়াৰ বাহিৰেও পানীৰ নলা আৰু পচন সাৰৰ স্তূপৰ ওচৰৰ স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিব নলাগে । ইয়াৰ লগতে গছৰ  শিপা থকাৰ ঠাইৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰিব নালাগে ।

মাটিৰ পৰীক্ষাৰ বাবে লোৱা ঠাইডোখৰ সাধাৰণতে পৰিষ্কাৰ হ'ব লাগে লগতে নমুনা এক পৰিষ্কাৰ ঠাইত থ'ব লাগে । ইয়াৰ বাহিৰেও  থিয় হৈ থকা শস্যৰ পৰা নমুনা সংগ্ৰহ নকৰিব । নমুনা সংগ্ৰহ কৰাৰ সময়ত আপুনি কেতিয়া সাৰৰ মোনা ব্যৱহাৰ নকৰিব ।

লগতে পঢ়কঃ Azolla Benefits:উৎপাদন বৃদ্ধিৰ বাবে মাটি চহোৱাৰ সময়ৰ পৰাই কৰক আজোলা খেতি

English Summary: how to collect sample for soil testing

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.