Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 7 October, 2023 6:10 PM IST
Kazi Nemu Promotion in Maharashtra By Assam horticulture department

জি আই টেগ বিশিষ্ট অসমৰ কাজি নেমু টেঙাৰ বহিঃ ৰাজ্যত বাণিজ্যিক প্ৰচাৰ কাৰ্যসূচী হাতত লৈছে ৰাজ্যৰ উদ্যান শস্য সঞ্চালকালয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সমাদৰ লাভ কৰা অসমৰ কাজি নেমু বহিঃৰাজ্যৰ বজাৰত বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে দেশৰ আগশাৰীৰ মহানগৰসমূহত উদ্যান শস্য সঞ্চালকালয়ৰ উদ্যোগত এলানি বিশেষ বাণিজ্যিক প্ৰচাৰ কাৰ্যসূচী।

৫ অক্টোবৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাই আৰু পুণে চহৰকে ধৰি ১০০ টা স্থানত কাজি নেমুৰ প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰশিক্ষণপ্ৰাপ্ত ৪০গৰাকী Marketing Expert এ। ৮ অক্টোবৰলৈ অব্যাহত থাকিব এই বিশেষ কাৰ্যসূচী।

Kazi Nemu Promotion in Maharashtra

মহাৰাষ্ট্ৰৰ পাছতে দেশৰ আগশাৰী নগৰ-মহানগৰসমূহত কাজি নেমুৰ বাণিজ্যিক প্ৰচাৰ চলাব অসম চৰকাৰে। ইয়াৰ বাবে হিন্দী, ইংৰাজীৰ লগতে স্থানীয় অন্যান্য ভাষাতো প্ৰচাৰ পত্ৰিকা তৈয়াৰ কৰিছে বুলি জানিবলৈ দিছে কৃষি মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক- 

কাঠফুলা খেতিৰে উজ্বলিছে ডিব্ৰুগড় বিনয়গুটীয়াৰ উদ্যমী মহিলা জ্যোৎস্না গগৈ

Kazi Nemu Promotion in Mumbai

সম্প্ৰতি ৰাজ্যৰ বহু কৃষকে নেমু খেতি কৰে যদিও নেমুৰ উপযুক্ত বজাৰ এখন অসমত গঢ়লৈ উঠা নাই। ফলত কম দামত, কেতবোৰ অঞ্চলত বহু সময়ত নেমু পেলাই দিবলৈয়ো বাধ্য হয় অসমৰ কৃষকসকলে। যদি ৰাজ্যৰ উদ্যান শস্য সঞ্চালকালয় বিভাগৰ এই প্ৰচেষ্টা সফল হয়। তেতিয়া নি:সন্দেহে ৰাজ্যৰ নেমু খেতিয়কসকলৰ বাবে ই আশাৰ খবৰ হৈ পৰিব।

লগতে পঢ়ক-

New Methods: কল আৰু অমিতা গছত লাইশাক আৰু ওলকবি খেতি কৰা পদ্ধতি

 

English Summary: Kazi Nemu Promotion in Maharashtra By Assam horticulture department
Published on: 07 October 2023, 06:10 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now