1. News

কাঠফুলা খেতিৰে উজ্বলিছে ডিব্ৰুগড় বিনয়গুটীয়াৰ উদ্যমী মহিলা জ্যোৎস্না গগৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Jyotsna Gogoi shines in Mushroom Farming
Jyotsna Gogoi shines in Mushroom Farming

কাঠফুলা খেতিৰে উজ্বলিছে ডিব্ৰুগড় জিলাৰ বিনয়গুটীয়াৰ উদ্যমী মহিলা জ্যোৎস্না গগৈ। কাঠফুলাৰ খেতি কৰাৰ লগতে মহিলাগৰাকীয়ে কাঠফুলাৰপৰা প্ৰস্তুত কৰে শুকান কাঠফুলা, বিস্কুট, আচাৰ, মিঠাই, প্ৰ'টিন পাউডাৰ ইত্যাদি। প্ৰস্তুত কৰা সামগ্ৰীসমূহ দৃষ্টি ফাউণ্ডেশ্যনৰ জৰিয়তে ডিব্ৰুগড়, গুৱাহাটী আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ বজাৰলৈ ৰপ্তানি কৰে জ্যোৎস্না গগৈয়ে।

তেওঁ জানিবলৈ দিয়া মতে, এই কাঠফুলা ব্যৱসায়ৰ পৰাই বছৰি ৬-১০ লাখ টকা উপাৰ্জন কৰে। ইফালে, কাঠফুলা উৎপাদন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে কেইবাগৰাকী ব্যক্তিক ব্যৱসায়ৰ জৰিয়তে কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে জ্যোৎস্না গগৈ।

কাঠফুলা খেতি আৰু ইয়াৰ ব্যৱসায়েৰে সফলতা লাভ বাবে বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে উদ্যমী মহিলা জ্যোৎস্না গগৈ আৰু বিভিন্নজনৰ বাবে হৈ পৰিছে আদৰ্শৰ প্ৰতীক।

উল্লেখ্য যে সম্প্ৰতি কাঠফুলা কাঠফুলা খেতি এক লাভজনক খেতিলৈ পৰিণত হৈছে। গাঁৱে-ভূঞে থকা গৃহিনীসকলে ঘৰতে থাকি কাঠফুলাৰ খেতি কৰিব পাৰে। কাঠফুলা খেতিত বৰ বেছি খৰচো নহয়, তদুপৰি শাৰীৰিক কষ্টও নহয়। অৱশ্যে এই খেতি আৰম্ভ কৰাৰ পূৰ্বে প্ৰশিক্ষণ ল’লে অধিক উপাৰ্জন কৰিব পাৰিব মহিলাসকলে।

লগতে পঢ়ক- 

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী কেইগৰাকীমান মহিলা

English Summary: Jyotsna Gogoi shines in Mushroom Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.