Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 January, 2021 4:11 PM IST
Health Benefits of Broccoli

বহু ঔষধি গুণবিশিষ্ট তথা ৰোগ প্ৰতিৰোধী উপাদানেৰে ভৰা ব্ৰ’ক’লি এবিধ ফুলকবি জাতীয় সেউজীয়া পাচলি। ইয়াৰ একাধিক প্ৰজাতি আছে। এইবিধ পাচলি তুলনামূলকভাৱে আমাৰ গাঁও অঞ্চলৰ বাবে নতুন।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘ব্ৰেচিকো ওলেৰাছিয়া’(Brassico Oleracea)। এইবিধ পাচলিৰ উৎপত্তিস্থল হৈছে ইটালী।

ইয়াক দেখিবলৈ ফুলকবিৰ দৰে। ইয়াৰ ৰং সাধাৰণতে সেউজীয়া যদিও বগা আৰু বেঙুনীয়া ৰঙৰো ব্ৰ’ক’লি পোৱা যায়।

ব্ৰ’ক’লি এবিধ অত্যন্ত পুষ্টিকাৰক পাচলি। এইবিধ পাচলিত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ এ, চি, কে, ই আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ-

*খাদ্যপ্ৰাণ,

*প্ৰ’টিন,

*কেলচিয়াম,

*কাৰ্ব’হাইড্ৰেট,

*পটাছিয়াম,

*মেগনেছিয়াম,

*জিংক,

*ফছফৰাছ,

*ছডিয়াম,

*ফলেট,

*ক্ৰমিয়াম আদি বিভিন্ন খনিজ মৌল পোৱা যায়।

ব্ৰ’ক’লিৰ বাহিৰে ইমান পৌষ্টিক উপাদান একত্ৰে অইন পাচলিত পোৱা নাযায়। এইবিধ পাচলিত ‘গ্লুক’ছিন’লেটছ’ আৰু ‘ছালফ’ৰাফেন’ নামৰ একাধিক গুৰুত্বপূৰ্ণ উপাদান থাকে, যিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি পৰীক্ষাত প্ৰমাণিত হৈছে।

কুমলীয়া অৱস্থাৰ ব্ৰ’ক’লিত এই ‘ছালফ’ৰাফেন’ নামৰ উপাদানবিধ যথেষ্ট পৰিমাণে পোৱা যায়।

অন্যান্য পাচলিৰ তুলনাত ব্ৰ’ক’লিৰ কৰ্কট প্ৰতিৰোধী গুণ বহুগুণে বেছি বেছি বুলি আজি সমগ্ৰ বিশ্বতে ইয়াৰ আদৰ আৰু জনপ্ৰিয়তা বাঢ়িছে।

ব্ৰ’ক’লিত পোৱা কিছুমান উপাদানে শৰীৰৰ বাবে উপকাৰী এনজাইমৰ পৰিমাণ বৃদ্ধি কৰি কৰ্কট সৃষ্টিকাৰী উপাদানসমূহ ধ্বংস কৰি শৰীৰৰ বিভিন্ন অংগ, যেনে-

*হাঁওফাঁও,

*বৃহদন্ত্ৰ,

*স্তন,

*প্ৰষ্টেট গ্ৰন্থি,

*খাদ্যনলী,

*মূত্ৰনলী আদিৰ কৰ্কট ৰোগৰ আশংকা বহু পৰিমাণে কমাব বা প্ৰতিৰোধ কৰিব পাৰে বুলি বিজ্ঞানীসকলে সহমত প্ৰকাশ কৰিছে।

ব্ৰ’ক’লিত থকা ছালফ’ৰাফেন নামৰ উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰাৰ দৰে এইবিধ পাচলিত পোৱা অইন কিছুমান উপাদানে যন্ত্ৰণাদায়ক সন্ধি বাত ৰোগৰ যন্ত্ৰণা প্ৰশমিত কৰিব পাৰে।এইবিধ পাচলিত পোৱা কেলচিয়াম, মেগনেছিয়াম আদি উপাদানে হাড়ৰ শক্তি বৃদ্ধি কৰি বয়োবৃদ্ধ লোকৰ সচৰাচৰ হোৱা অষ্টিঅ’পৰ’ছিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। 

ব্ৰ’ক’লিত পোৱা আঁহ, কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ওমেগা-৩, ফেটী এচিড আদিয়ে ক’লেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ ৰক্তচাপো নিয়ন্ত্ৰণ কৰি দেহ সুস্থ-সবল কৰি ৰখাত যথেষ্ট অৰিহণা যোগাব পাৰে।

স্নায়ু সবলীকৰণ:

ব্ৰ’ক’লিত থকা পটাছিয়াম স্নায়ুতন্ত্ৰ সবল কৰি দেহৰ সুস্থতা অটুট ৰখাত অৰিহণা যোগায়।

ছাল আৰু চুলিৰ সৌন্দৰ্যবৰ্দ্ধন”:

ব্ৰ’ক’লিত ছাল আৰু চুলিৰ বাবে উপকাৰী উপাদান যথেষ্ট পৰিমাণে থাকে বাবে ই ছাল আৰু চুলিৰ স্বাস্থ্য অটুট ৰাখি ছালৰ উজ্জ্বলতা বঢ়ায় আৰু চুলিৰ গুৰি শক্তিশালী কৰি চুলি সৰা বন্ধ কৰে।

ব্ৰ’ক’লিত পোৱা খাদ্যপ্ৰাণ ‘ক’ৰ প্ৰাচুৰ্যই দৃষ্টিশক্তি অক্ষুণ্ণ ৰাখে আৰু চকুত ছানি পৰা ৰোগ প্ৰতিৰোধ কৰে।

গৰ্ভৱতী মাতৃৰ বাবেও উপকাৰী:

ব্ৰ’ক’লিত পোৱা বিভিন্ন প্ৰকাৰৰ পোষক দ্ৰব্যই গৰ্ভৱতী মাতৃৰ স্বাস্থ্য সুস্থ-সবল কৰি মাতৃত্ব নিৰাপদ কৰি তোলে।

হতাশা দূৰীকৰণ:

ব্ৰ’ক’লিত নিহিত ভিটামিন ‘বি’ আৰু ফোলেটে হতাশা দূৰ কৰি সকলো সময়তে ‘মুড’ ভালে ৰখাত সহায় কৰে।ব্ৰ’ক’লিত এনেকুৱা কিছুমান দেহৰ বাবে আৱশ্যকীয় উপাদান থাকে, যিবোৰ দেহৰপৰা দুষিত পদাৰ্থসমূহ দূৰ কৰি দেহ সুস্থ আৰু সবল কৰি ৰাখে। বতৰৰ এইবিধ পাচলি খাদ্য হিচাপে গ্ৰহণ কৰি নিঃসন্দেহে ইয়াৰ উপকাৰী তথা ঔষধি গুণসমূহৰদ্বাৰা আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

English Summary: Health Benefits of Eating Broccoli
Published on: 24 January 2019, 06:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now