Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 6 November, 2018 12:21 PM IST

আমাৰ প্ৰিয় খাদ্য আলু- ই আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত পৰে। সকলো পাচলিৰ লগত আলু মিহলাই খালে আমি তৃপ্তি পাওঁ। শৰীৰৰ উপকাৰী আলুত কাৰ্বহাইড্ৰেট, কিছু পৰিমাণৰ চৰ্বি, ভিটামিন ‘এ’, ফলিক এচিড, লৌহ পদাৰ্থ আদি থাকে। ইয়াত পোৱা প্ৰোটিজ ইনহিবিটৰ নামৰ ৰাসায়নিক পদাৰ্থই বৃক্কৰ কৰ্কট ৰোগক বাধা প্ৰদান কৰে। বজাৰত কিনিবলৈ যোৱা আলুৰ বাকলিৰ কিছু অংশ কেতিয়াবা সেউজীয়া দেখা যায়। এই সেউজীয়া অংশত পত্ৰহৰিৎৰ লগতে ছ’লানাইন তৈয়াৰ হয়। এই ছ’লানাইন এটা বিষাক্ত গ্লাইক’ এলকালয়ড। ই ৰংহীন আৰু আলু গছৰ পাতত আৰু ডালত থাকে। খুব কম পৰিমাণে আলুতো থাকে। এই ছ’লানাইনৰ ওপৰত পোহৰ পৰিলে আৰু এই পোহৰৰ প্ৰাবল্য বেছি হ’লে ইয়াৰ গাঢ়তা বাঢ়ে।

অনুকূল অৱস্থাত আলুৰ গজালি মেলে আৰু ক্ৰমান্বয়ে আলু গছ বাঢ়ি যায়। গজালি মেলা অংশ স্বাভাৱিকতে সুৰক্ষিত অৱস্থাত থাকিবলৈ বিচাৰে। আনহাতে, আহাৰ বিচাৰি অহা নিগনি, কেৰ্কেটুৱা (কুটি খোৱা প্ৰাণী) আদিয়ে মাটি খান্দি আলু বাহিৰ কৰে আৰু ই মাটিৰ ওপৰলৈ অহাৰ বাবে পোহৰৰ সংস্পৰ্শত পত্ৰহৰিতৰ লগতে ছ’লানাইন তৈয়াৰ কৰে। এই ছ’লানাইনে কুটি খোৱা প্ৰাণীৰ লগতে কীট-পতংগৰ আক্ৰমণ আৰু ভেঁকুৰজাতীয় জীৱাণুৰ পৰা আলুক ৰক্ষা কৰে। আলু পূৰঠ হ’লে ইয়াক চপোৱাৰ সময়ত খেতিয়কসকলে খেতিৰ মাটিতে দ’মাই থয় আৰু সূৰ্যৰ পোহৰৰ সংস্পৰ্শত আলুৰ উপৰিভাগ ক্ল’ৰ’ফিলৰ লগতে ছ’লা নাইন তৈয়াৰ কৰি সেউজীয়া হৈ পৰে।

এই ছ’লাইন এলকালয়ডৰ বিষক্ৰিয়াৰ কুফলৰ বিষয়ে চিকিৎসা বিজ্ঞানৰ আলোচনীত নিবন্ধ ওলোৱা দেখা যায়। ইয়াৰ অতি মাৰাত্মক দিশটো হৈছে এচিটাইলক’লাইন ষ্টিৰেছি হ্ৰাস পোৱা। এই হ্ৰাসৰ পৰিণতিত আমাৰ স্নায়ুৰ স্পৰ্শকাতৰতা বৃদ্ধি, মাংসপেশী কোঁচ খোৱা আৰু সিৰ কোঁচ খাই ভৰি ঠেৰেঙা লাগে। গৰ্ভধাৰণ কৰাৰ আগেয়ে মাক বা দেউতাকে এই গ্লাইক’এলকালয়ড গ্ৰহণ কৰিলে জন্ম হোৱা সতি-সন্ততি বিকলাংগ হোৱাৰ সম্ভাৱনা থাকে। ছ’লানাইনৰ বিষক্ৰিয়াৰ ফলত বমি, হাগনিও হ’ব পাৰে। খাওঁতে তিতা লগাৰ বাবে মানুহে সাধাৰণতে এনে সেউজীয়া আলু বৰকৈ নাখায়।

ঘৰত আলু সিজাবৰ বাবে কাটোতে ছ’লানাইনৰ গাঢ়তা কমাবলৈ বাকলি ডাঠকৈ গুচাব লাগে। প্ৰায় ১৭০ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত তেলত ভাজিলেও ফল পোৱা যায়, কাৰণ ছ’লানাইন তেললৈ নিগৰি যায় আৰু ইয়াৰ বিষাক্ততা কৰে।

আলুগুটি ৰাখিবলৈ হ’লে প্লাষ্টিকৰ মোনাতকৈ কাগজৰ মোনা ব্যৱহাৰ কৰিব লাগে। আন্ধাৰৰ শীতল ঠাইত ৰখা ভাল। এই ব্যৱস্থাই ছ’লানাইনৰ গাঢ়তা বাঢ়িবলৈ নিদিয়ে। গজালি মেলা আলুত ছ’লাইতৰ গাঢ়তা বেছি থকা বাবে এনে আলু বজাৰৰপৰা কিনা উচিত নহয়।

English Summary: Green potatoes and its health effects
Published on: 06 November 2018, 12:20 IST