Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 March, 2021 11:43 AM IST
Magur Fish

    মীন পালনৰ প্ৰধান উপাদান হ’ল উন্নতমানৰ মীন পোনা। শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন জিলাত মীন পোনা উৎপাদনৰ দিশত এক জাগৰণ আহিছে যদিও উপযুক্ত সময়ত সঠিক আকাৰৰ মীন পোনাৰ অভাৱে ৰাজ্যখনৰ মীনপালকৰ বাবে প্ৰধান অন্তৰায় হিচাপে দেখা দিছে। ৰাজ্যখনত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত প্ৰায় ৩০০টা ইক’হেচ্চাৰী আছে আৰু হাপা ব্ৰিডিং তথা এই ইক’হেচ্চাৰীবোৰৰ জৰিয়তে ৰজ্যখনত বছৰি প্ৰায় ৩০০ কোটি ফ্ৰাই মীন পোনা উৎপাদন হয়। কিন্তু একো একোটা ইক’হেচ্ছাৰীৰ নিৰ্মাণ ব্যয় কেইবালাখ টকা হয় আৰু ইয়াৰ বাবে যথেষ্ট ভূমিৰো প্ৰয়োজন হয়।

   শেহতীয়াকৈ ভুবনেশ্বৰস্থিত কেন্দ্ৰীয় অলৱণীয় জলসংবৰ্ধন প্ৰতিষ্ঠানে কাৰ্পজাতীয় মাছ আৰু মাগুৰ মাছৰ পোনা উৎপাদনৰ বাবে নিৰ্মাণ কৰি উলিওৱা এফ আৰ পি কাৰ্প হেচ্ছাৰী সমগ্ৰ দেশজুৰি যথেষ্ট জনপ্ৰিয় হৈ উঠিছে। এফ আৰ পি হেচ্ছাৰী হ’ল Fibreglass Reinforced Plastic নামৰ পদাৰ্থৰে নিৰ্মিত এবিধ হেচ্ছাৰী।

এই হেচ্ছাৰীৰ সুবিধাসমূহ হ’ল-

প্ৰয়োজন অনুসাৰে এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা যায়।

অতি কম ঠাইতে হেচ্ছাৰীটো স্থাপন কৰিব পাৰি।

প্ৰয়োজন অনুসাৰে সহজে মেৰামতি কৰিব পাৰি আৰু ১০-১৫ বছৰলৈকে কাৰ্যক্ষম হৈ থাকে।

দুই-আঢ়ৈ লাখ টকাৰ ভিতৰতে হেচ্ছাৰীটো স্থাপন কৰিব পাৰি।

এফ আৰ পি কাৰ্প হেচ্ছাৰীৰ অংশসমূহ হ’ল-

ব্ৰিডিং পুলঃ

ব্ৰিডিং পুল ২.১৫ মিটাৰ ব্যাস, ০.৯ মিটাৰ উচ্চতা আৰু ৩,৫০০ লিটাৰ পানী ধাৰণ ক্ষমতাসম্পদ। এনে ব্ৰিডিং পুলত ১০-১২ কিলোগ্ৰাম প্ৰজনন কৰাব পাৰি।

হেচ্ছিং/ইনকুবেচন পুলঃ

১.৪ মিটাৰ ব্যাসৰ, ০.৯৮ মিটাৰ উচ্চতাৰ এই হেচ্ছিং/ইনকুবেচন পুলৰ হাঁহৰ ঠোঁটৰ নিচিনা নলীৰ দ্বাৰা পানী আগমন হৈ পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থাকে। প্ৰায় ১ মিলিয়ন কণী ফুটাব পৰাৰ ব্যৱস্থা থকা এনে একোটা হেচ্ছিং পুলত ৮০-৯০ শতাংশ পোনা পাব পাৰি।

কণী/স্প’ন সংগ্ৰহ পুলঃ

সাধাৰণতে ১.০ মিটাৰ × ০.৫ মিটাৰ × ০.৫ মিটাৰ জোখৰ এনে পুলৰ ধাৰণ ক্ষমতা ২৫০ লিটাৰ।

পানী ধাৰকঃ

প্ৰায় ২,০০০ লিটাৰ পানী ধাৰক এটাত ৫ অশ্বক্ষমতা পাম্পৰ জৰিয়তে পানী উঠাই থকাৰ ব্যৱস্থা কৰিব লাগে। এফ আৰ পি কাৰ্প হেচ্ছাৰীৰ ১ মিলিয়ন স্প’ন উৎপাদন ক্ষমতা মানে এটা ব্ৰিডিং পুল আৰু হেচ্ছিং পুল। দুই মিলিয়ন স্প’ন উৎপাদন ক্ষমতা মানে এটা ব্ৰিডিং পুল আৰু দুটা হেচ্ছিং পুল।

এফ আৰু পি কাৰ্প হেচ্ছাৰীৰ লগতে মাগুৰ এফ আৰ পি হেচ্ছাৰীৰ জৰিয়তে বহু মীন পোনা উৎপাদনকাৰীয়ে স্থানীয় মাগুৰ মাছৰ পোনা উৎপাদনত সফলতা লাভ কৰিছে। যিহেতু গুণগত মানৰ মীন পোনাৰ ৰাজ্যখনত যথেষ্ট জনপ্ৰিয়তা আছে।

আৰু পঢ়ক- বাৰিষা কালত তিঁতা কেৰেলাৰ কৃষি প্রণালী জানো আহক (Bitter gourd Farming in Summer)

লিখকঃ ড০ সঞ্জয় শৰ্মা, অসমীয়া খবৰ

English Summary: Fish generation in low cost know details inside
Published on: 30 March 2021, 11:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now