Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 May, 2022 11:20 AM IST
Fertilizer application in agriculture

সাৰৰ কথা আলোচনা কৰোঁতে আমি ইউৰিয়া, এছ এছ পি আৰু এম ও পি সাৰৰ কথাই ভাবো। এই তিনিও বিধ সাৰৰে প্ৰত্যেক বিধৰে নিজা নিজা গুণাগুণ মাটি আৰু খেতি কৰিবলৈ লোৱা শস্যৰ বৃদ্ধি তথা ফলনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু সেই অনুপাতে উৎপাদনত অৰিহণা যোগায়।

ইউৰিয়া সাৰ: এই বিধ সাৰে নাইট্ৰোজেন যোগান ধৰি গছৰ কোষ বিভাজন ক্ৰিয়াত অংশ গ্ৰহণ কৰে। সেই কাৰণে শিপাৰ পৰা আৰম্ভ কৰি কাণ্ড আৰু ডালপাতৰ বৃদ্ধি কাৰ্য কৰে। ইউৰিয়া সাৰ মাটিত প্ৰয়োগ কৰিলে বিক্ৰিয়া ঘটে আৰু এমোনিয়া তথা নাইট্ৰেট ৰূপলৈ পৰিৱৰ্তন হয়। এই নাইট্ৰেট ৰূপত গছে শিপাৰে গ্ৰহণ কৰে।

নাইট্ৰেটৰ কিছু পৰিমাণ মাটিৰ পৰা বায়ুলৈ গুছি যায়। আনফালে এমোনিয়া ভাগৰ কিছু অংশ নাইট্ৰেটলৈ পৰিবৰ্তন হোৱাৰ আগতে পানীৰ লগত মিহলি হৈ মাটিৰ তললৈ গুছি যায়। কেতিয়াবা, এখন পথাৰৰ পৰা আন এখন পথাৰলৈ পানী বৈ গ'লে, পানীৰ লগত এমোনিয়াও গুছি যায়।

বায়ুমণ্ডললৈ গুছি যোৱা বা পানীৰ লগত গুছি যোৱাৰ ফলত গছে কম পৰিমাণে গ্ৰহণ কৰিবলৈ পায় আৰু সেইবাবে সাৰ নষ্ট হোৱাৰ পৰিমাণ হ্ৰাস বা কম কৰিবলৈ " ইউৰিয়া "সাৰ ভাগে ভাগে দুবাৰ বা তিনিবাৰত প্ৰয়োগ কৰিব লাগে। বিশেষকৈ ধান, মাকৈ আৰু মৰাপাটৰ কৃষি পদ্ধতিত ইউৰিয়া সাৰ ভাগে ভাগে(Split dose) ত প্ৰয়োগ কৰাটো একান্তই আৱশ্যক। ঠিক তেনেকৈ কলৰ খেতিতো প্ৰয়োগ কৰা হয়।

এছ এছ পি সাৰ: ছিংগল ছুপাৰ ফচফেট সাৰ

এই বিধ সাৰ গোটেই গছ জোপাৰ জীৱন কালত বৃদ্ধিৰ আৰু গঠনৰ কাৰ্য্য সম্পন্ন কৰে। শিপাৰ গঠন আৰু কাৰ্য্যৰ কাৰণে এই বিধ সাৰ অপৰিহাৰ্য। আৰু মাটিত প্ৰয়োগ কৰাৰ পিচত এই সাৰ বিধ মাটিতে ৰৈ থাকে, পানী বা বায়ুত গুছি নাযায়। সেই কাৰণে এছ এছ পি শস্য বা পুলি ৰোৱাৰ আগত পথাৰত হালবাওঁতে বা গাতত পুলি ৰুৱাৰ আগেয়ে দিয়া হয়।

পটাচ সাৰ বা এম ও পি সাৰ:

এই বিধ সাৰৰ প্ৰয়োগে-

  1. শস্যৰ শিপাৰ পৰা আৰম্ভ কৰি কাণ্ড গাগছ, পাত আৰু ফলৰ বৃদ্ধি কৰে।

  2. গছ এজোপাক শক্তি যোগায় আৰু কীটপতঙ্গ বা ৰোগ বেমাৰৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা ক্ষমতা দিয়ে।

  3. এই বিধ সাৰে গছৰ শক্তি বৃদ্ধি কৰাৰ ফলত, ধান, মাকৈ আৰু ম'ৰাপাট আদিৰ গছবোৰক বতাহ বৰষুণত হালি নোযোৱা কৈ ৰাখে। অৱশ্যে অতিপাত বতাহ বৰষুণৰ প্ৰভাৱত হালি পৰিব পাৰে।

  4. শস্যৰ বীজ বা গছৰ ফলৰ গঠন আৰু পৰিপক্ক হোৱাত যথেষ্ট অৰিহণা যোগায়।

এই বিধ সাৰো পানীত মিহলি হৈ বৈ নাযায় বা বায়ু মণ্ডলত গেছ হৈ উৰি নাযায়। সেই বাবে শস্য ৰোৱাৰ সময়ত প্ৰয়োগ কৰা হয়। আৰু যিহেতু ফুল আৰু ফলৰ বৃদ্ধি বা গঠনত যথেষ্ট সহায় কৰে বাবে টপ ড্ৰেছিং হিচাপে ব্যৱহাৰ কৰিলে উৎপাদন বৃদ্ধি পায়।

ইয়াৰ ওপৰিও তিনিও বিধ সাৰেই গছে গ্ৰহণ কৰাৰ সময়ত ইটোৰ লগত সিটো অত:প্ৰত: ভাবে জড়িত হৈ থাকে বাবে তিনিও বিধ সাৰ শস্যত সুষম হাৰত প্ৰয়োগ কৰিব লাগে।

আমাৰ বিভিন্ন অঞ্চলত ডিলাৰ সকলোৰ ওচৰত সাৰ কিনিবলৈ কৃষক সকল আগবাঢ়ি আহে আৰু সেই সময়ত সাৰ ব্যৱহাৰৰ ওপৰত এই বিষয় বস্তু খিনি আলোচনা কৰিলে, কৃষক ৰাইজৰ যথেষ্ট পৰিমাণে উপকাৰত লাগিব।

প্ৰশ্ন:  ম'ৰাপাটৰ এক বিঘা খেতিত কিমান পৰিমাণৰ ইউৰিয়া, এছ এছ পি, এম ও পি প্ৰয়োগ কৰিব লাগে?

উত্তৰ: সাধাৰণতে দুই ধৰণৰ ম'ৰাপাটৰ খেতি কৰা হয় যেনে-

  1. তিতা ম'ৰা (Capsularis)
  2. মিঠা ম'ৰা (Olitorius)

আৰু দুয়োবিধৰে সাৰৰ পৰিমাণ বেলেগ বেলেগ হয়।

1.তিতা ম'ৰাত এক বিঘা খেতিত সাৰৰ পৰিমাণ:

A.মাটি প্ৰস্তুত কৰাৰ সময়ত (Basal dose):

(ক) ইউৰিয়া = 4 কেজি

(খ) এছ এছ পি = 20 কেজি

(গ) এম ও পি = 7 কেজি

B] প্ৰথম টপ ড্ৰেছ

ইউৰিয়া = 4 কেজি

বীজ সিঁচাৰ 4-6 সপ্তাহত।

C]  দ্বিতীয় টপ ড্ৰেছ

 ইউৰিয়া = 4 কেজি

 বীজ সিঁচাৰ 6-8 সপ্তাহত।

প্ৰয়োজন সাপেক্ষে দ্বিতীয়বাৰৰ টপ ড্ৰেছিংৰ সময়ত এম ও পি = 1 কেজি,  ইউৰিয়া সাৰৰ লগত প্ৰয়োগ কৰিব পাৰি।

2.মিঠা ম'ৰা [Olitorius] ৰ ক্ষেত্ৰত প্ৰতি বিঘা মাটিত সাৰ প্ৰয়োগৰ পৰিমাণ:

(ক) মাটি প্ৰস্তুত কৰাৰ সময়ত [Basal dose]

(a) ইউৰিয়া = 3 কেজি

(b) এছ এছ পি = 20 কেজি

(c) এম ও পি = 6 কেজি

(খ) প্ৰথম টপ ড্ৰেছিং

 ইউৰিয়া = 3 কেজি

 বীজ সিঁচাৰ 4-6 সপ্তাহত

(গ) দ্বিতীয় টপ ড্ৰেছিং

 ইউৰিয়া = 3 কেজি

 বীজ সিঁচাৰ 6-8 সপ্তাহত।

বি­:দ্ৰ: মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ইউৰিয়া সাৰ মাটি প্ৰস্তুতিৰ সময়ত প্ৰয়োগ নকৰি পিছত দুবাৰ টপ ড্ৰেছিং হিচাপে প্ৰয়োগ কৰিব পাৰি।

নিৰ্ম্মল চন্দ্ৰ ঘোষ

এছ ডি এ ও, ধুবুৰী

লগতে পঢ়ক-বানপীড়িত অঞ্চলৰ বাবে উৎকৃষ্ট ধানৰ জাতঃ ৰনজীৎ, বাহাদুৰ, স্বৰ্ণ আৰু বীনা

English Summary: Fertilizer application in agriculture depending on the quality of the soil
Published on: 18 May 2022, 11:13 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now