1. এগ্ৰিপেডিয়া

সেউজ গৃহ নিৰ্মাণত মন কৰিবলগীয়া কথা

KJ Staff
KJ Staff
সেউজ গৃহ
সেউজ গৃহ

সেউজ গৃহ অথবা পলিহাউচ কি? এইটো প্ৰকৃততে এক প্ৰকাৰৰ ঘৰ য'ত এটা পলিথিন শ্বীট টেণ্ট থাকে। যাৰ জৰিয়তে উদ্ভিদৰ শৰীৰক সূৰ্যৰ কোনো পোনপটীয়া অতিবেঙুনীয়া ৰশ্মিৰ প্ৰয়োজন নহয়। কৃষকসকলে ইয়াত খেতি কৰি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। পলিহাউচৰ ভূমি ওখ হোৱাৰ লগতে ইয়াত খেতি কৰাৰ ক্ষেত্ৰত, নিষ্কাশন প্ৰণালীৰ প্ৰতি সদায় মনোযোগ দিব লাগে-

সেউজ গৃহ নিৰ্মাণত মন কৰিবলগীয়া কথাঃ

  • সেউজ গৃহবোৰ সদায় ওখ আৰু ৰ’দ ঘাই ঠাইতহে বনাব লাগে। দ ঠাইত বনালে ঘৰটোৰ ঘৰটোৰ ভিতৰত পানী সোমাব পাৰে।

  • ঘৰবোৰ সদায় উত্তৰা-দক্ষিণাকৈ হ’ব লাগে যাতে দিনটোৰ সৰহখিনি সময় ভিতৰত ৰ’দ পৰি থাকে।

  • ঘৰটোলৈ অহা-যোৱাৰ সুবিধা থকা বিধৰ হ’ব লাগে। আৱশ্যখ’লে সৰু বাট এটাও কৰি ল’ব পাৰি।

  • ঘৰটোৰ ওচৰত অন্ততঃ দহ মিটাৰমানলৈ কোনো ডাঙৰ গছ-গছনি বা ওখ গছ আদি থাকিব নালাগে।

  • একো একোটা সেউজ গৃহৰ উচ্চতা ৫-৭ মিটাৰতকৈ বেছি হ’ব নালাগে। উচ্চতা বেছি হ’লে বতাহ-ধুমুহাই ঘৰটো ক্ষতিসাধন কৰিব পাৰে। আনহাতে, উচ্চতা কম হ’লে ঘৰটোৰ তাপমাত্ৰা বাঢ়ি যাব পাৰে

  • পানী যোগানৰ ব্যৱস্থা ঘৰটোৰ ওচৰতে থাকিলে সুবিধা হয়।

  • ঘৰটোৰ ওপৰৰ প্লাষ্টিকখন ফাটি গ’লে তাক লগে লগে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে, নহ’লে ফাটবোৰ অতি সোনকালে ডাঙৰ হৈ পৰাৰ সম্ভাৱনা থাকে

  • প্লাষ্টিকখনত ধূলি-বালি পৰি চামনি বান্ধিলে তাৰ মাজেৰে পোহৰ সোমোৱাত বাধা আহি পৰে। সেয়েহে প্লাষ্টিকখন মাজে মাজে চাৰ্ফ পানীৰে ধুব লাগে।

  • বাঁহ বা কাঠেৰ খুঁটাবোৰ যাতে উঁই আদিয়ে নষ্ট নকৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা ল’ব লাগে। তদুপৰি বাঁহৰ খুঁটাৰ মাটিত লাগি থকা অংশটো যাতে পচি নাযায় তাৰ বাবেও সাৱধানতা ল’ব লাগে।

  • ঘৰৰ ফ্ৰেমটোত জাঙা ধাৰ থকা একো অংশ ওলাই থাকিব নালাগে। অন্যথা পলিথিনখন ফাটি যাব পাৰে।

  • পলিথিনখন চালত ভালদৰে টানকৈ বান্ধিব লাগে। পলিথিনখন বতাহত ঢৌ খেলি থাকিলে ঘঁহনি খাই নষ্ট হৈ যাব পাৰে।

উৎসঃ উদ্যান শস্য আৰু খাদ্য স্ংসাধন সঞ্চালকালয়, অসম (সংগৃহীত)

লগতে পঢ়কঃকম খৰচতে অতি লাভজনক সেউজগৃহ কেনেদৰে নিৰ্মাণ কৰিব ?

English Summary: How to build green houses or Polihouse

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.