Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 July, 2021 7:30 PM IST
Prepare feeds naturally for fish (photo credit: Google)

আজি আপোনালোকৰ খৰচ আৰু অধিক উৎপাদনৰ উদ্দেশ্য আগত ৰাখি কম্পেনীৰ দানাৰ পৰিবৰ্তে পানীত কেনেদৰে প্ৰাকৃতিকভাৱে খাদ্য তৈয়াৰ কৰিব পৰা যায়, তাৰ বিষয়ে আলোচনা কৰিম। মনত ৰাখিব যে প্ৰাকৃতিক খাদ্য অৰ্থাৎ পুখুৰীত প্লেংকটন বা প্লাবক ৰ উপস্থিতিয়ে হে মীন পালনৰ সফল বা বিফল হোৱাৰ বাট নিৰ্ধাৰণ কৰে।

প্লাৱক হৈছে পুখুৰীত সৃষ্টি হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীত ভাঁহি ফুৰা জীৱ। প্লাৱক দুই ধৰণৰ:

উদ্ভিদ প্লাৱক (Phyto plankton)

প্ৰাণী প্লাৱক (Zoo plankton)

আৰু পঢ়ক- গাহৰি পালকৰ বাবে সুখৱৰ! মুকলিৰ বাবে সাজু উত্তৰ-পূৱৰ সর্ববৃহৎ পিগ শ্লটাৰ হাউছ। বিক্রী কৰা হব দৈনিক 4000 KG গাহৰি মাংস

পুখুৰীত পানী সাৰুৱা হব লাগিব, তাত শেলাই জাতীয় উদ্ভিদ সৃষ্টি হয় আৰু সেইবোৰক আহাৰ হিচাপে লৈ প্ৰাণী প্লাৱক সৃষ্টি হয়। বিভিন্ন প্ৰ'ট'জোৱা, ক্লেদিচেৰা, কপ পোদা, ৰটিফেৰা আদি প্ৰাণী প্লাৱক আনকি যথেষ্ট পৰিমাণত থাকিব লাগিব।

কিনা দানাত প্ৰটিন থাকে 25-40 % আৰু স্নেহ 4-5%, কিন্তু এনে প্লাৱক বোৰত 40-50% লৈকে প্ৰটিন আৰু 10% লৈকে স্নেহ পদাৰ্থ থাকে। মাছৰ পৰম খাদ্য হল এইবোৰ প্লাৱক, ছুপাৰ ফুড।

আমাৰ কাৰ্প মাছ পালনত প্লেংকটনৰ উপস্থিতি অপৰিহাৰ্য্য। প্লেংকটন ভৰ্তি পুখুৰী এটাৰ পানী গ্লাছ এটাত লৈ লক্ষ্য কৰিলে কিছুমান ক্ষুদ্ৰ কণিকা লৰচৰ কৰি থকা দেখা পাব, সেয়াই zoo plankton.

কেনেকৈ তৈয়াৰ কৰিব: কিম্বন বা fermentation পদ্ধতি:

200 লিটাৰ ড্ৰাম

কেঁচা গোবৰ 10 কেজি

খলিহৈ 25 কেজি

ইউৰিয়া 300 গ্ৰাম

গুৰ 500 গ্ৰাম

ইষ্ট 250 গ্ৰাম

পলিছ তুহ গুৰি 10 কেজি

প্ৰবায়টিক 250 গ্ৰাম 

আৰু পঢ়ক- 10 আটাইতকৈ লাভজনক পশুপালন ব্যৱসায় ধাৰণা (10 Most Profitable Livestock Farming Business Ideas)

50-60 লিটাৰ পানী দি মিশ্ৰণ টো ভালদৰে লৰাই দিব। তাৰ পিছত ঢাকনি ৰে বতাহ সোমাব নোৱাৰাকৈ পলিঠিন দি বান্ধি থব। 32-35 ডিগ্ৰী উষ্ণতা থাকিলে চাৰিদিন এনেদৰে ৰাখিব লাগে। Temperature কম থাকিলে 6-7 দিন ৰাখিব।

ড্ৰাম ৰ ভিতৰত ইষ্টৰ বিক্ৰিয়া হৈ জৈৱিক পদাৰ্থক কিম্বন প্ৰক্ৰিয়া বা মদ বনোৱা প্ৰক্ৰিয়াৰে এক মিশ্ৰিত পৰিপুষ্টিকৰ দ্ৰব্যলৈ পৰিবৰ্তন কৰে। ঢাকনি খুলি সম্পূৰ্ণ পানী দি সেই পানী পুখুৰীৰ ভিতৰত সম ভাবে চতিয়াই দিব।

20 দিনৰ মূৰে মূৰে এনেদৰে কৰিব। এই দ্ৰব্য খিনিত পোক সৃষ্টি হব আৰু ই নিজেই শেলাই সৃষ্টি কৰিব। শেলাই সৃষ্টি হলে প্ৰাণী প্লাৱক ৰ বৃদ্ধি খৰতকীয়া হব।খলিহৈ বা কিনি অনা দানাৰ পৰিমাণ আগত দিয়াতকৈ 20% কম কৈ দিব।

ওপৰৰ হিচাবটো তিনি বিঘা মানে এক একৰৰ বাবে কোৱা হৈছে। নিজৰ পুখুৰীৰ পানীকালি ৰ মতে হৰণ বা পূৰণ কৰিব। প্লেংকটন থকা পুখুৰীৰ মাছ সোৱাদযুক্ত। দেখিবলৈ ধুনীয়া, তেজাল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। আৰু plankton বা প্লাৱক IMC বা ৰৌ বাহু আৰু মিৰিকা আদি কাৰ্প মাছৰ বাবে অপৰিহাৰ্য্য।

এনেদৰে মাছৰ বাবে খাদ্য প্রস্তুত কৰিলে দানাৰ পৰিমাণ 80% ৰাহি হব। খৰচ কমিব আৰু লাভ বেছি হব।

অনুপ শৰ্মা, সঞ্চালক

মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেড

আৰু পঢ়ক- অসমৰ খাল-বিলত পৰি থকা 'মখনা'ৰ চোৰাং বেহা, আন্ত:ৰাষ্ট্রীয় বজাৰত ইয়াৰ প্রতি কেজি ৫০০০ টকাত বিক্রী কৰা হয়
English Summary: Easy way to make fish foods naturally
Published on: 06 July 2021, 10:29 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now