Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 August, 2022 4:41 PM IST
মাটিমাহ

আগষ্ট-ছেপ্তম্বৰ মাহৰ ভিতৰত অসমৰ কৃষকে কৰিব পৰা এবিধ লাভদায়ক খেতি হ’ল মাটিমাহ। বিজ্ঞানসন্মত পদ্ধতিৰে এই খেতি কৰি যথেষ্ট লাভাৱান্বিত হব পাৰিব গ্ৰাম্য কৃষকসকল। বানে মৰা পথাৰখনত, আগতীয়া ধান অৰ্থাৎ আহিনীয়া ধান চপোৱা পথাৰখনত এই খেতি কৰিব পাৰিব কৃষকসকলে। অসমত মাটিমাহৰ এখন ভাল বজাৰ আছে। এই বজাৰখনৰ সুবিধা গ্ৰহণ কৰি মাটিমাহ খেতিত মনোনিৱেশ কৰি লাভাৱান্বিত হ’ব পাৰে অসমৰ কৃষকসকল। এই আলোচনাত বিজ্ঞানসন্মত পদ্ধতিৰে মাটিমাহ খেতি কৰিব বিচৰা খেতিয়কসকলৰ সুবিধাৰ্থে প্ৰাথমিক পৰ্যায়ৰ দুটামান কথা উল্লেখ কৰিলোঁ-

মাটিমাহৰ জাঁত

টি-৯

টি-২৭

পন্ট ইউ ১৯

টি-১২২

এই  জাঁতৰ বীজসমূহ শাৰী শাৰীকৈ সিঁচিলে বিঘাই প্ৰতি ৩-৩.৩ কিলোগ্ৰাম বীজ লাগিব। অৱশ্যে এনেই সিঁচিলে বীজৰ পৰিমাণ হ’ব বিঘাই প্ৰতি ৩.৭ কিলোগ্ৰাম প্ৰয়োজন হ’। উল্লেখ্য যে কৃষি বিশেষজ্ঞসকলৰ মতে ওপৰোক্ত বীজসমূহ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চলৰ বাবে অনুমোদিত।

বীজ সিঁচা সময়:

আগষ্ট মাহৰ মাজভাগৰ পৰা চেপ্তেম্বৰ মাহৰ মাজভাগলৈকে এই সময়খিনি এই বীজসমূহ সিঁচাৰ উপযুক্ত সময়।

মাটি:

বালিচহীয়া পলসুৱা মাটিত ইয়াৰ খেতি ভাল হয়।

মাটি প্ৰস্তুতি:

মাটিডৰা ২-৩ বাৰ হালবাই মৈ দি সমান কৰি ল’ব লাগে আৰু বন-বাত আঁতৰাই লব লাগে। সুবিধা অনুযায়ী অতিৰিক্ত পানী সোনকালে ওলাই যাবৰ বাবে নলা কাটি দিব লাগে।

চূণ প্ৰয়োগ:

মাটিডৰা পৰীক্ষা কৰি মাটিৰ অম্লতা ৬/০ লৈ আনিবলৈ প্ৰয়োজন অনুযায়ী চূণ প্ৰয়োগ কৰিব লাগে। (কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব)

জৈৱসাৰ প্ৰয়োগঃ

মাটিত জৈৱসাৰ প্ৰয়োগ কৰিব পাৰিলে মাটিৰ উৰ্বৰতা আৰু গুণাগুণ বৃদ্ধি পায়। সেয়ে মাটিত যথেষ্ট পৰিমাণে জৈৱসাৰ প্ৰয়োগ কৰিব লাগে। মগু আৰু মাটিমাহৰ বাবে বিঘাই প্ৰতি ১.৩ কুইণ্টল জৈৱসাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল হয়।

ৰাসায়নিক সাৰ প্ৰয়োগঃ

মাটিত অকল জৈৱিক সাৰ বা বীজৰ লগত জীৱাণুসাৰ দিলেই দাইলজাতীয় শস্যৰ উৎপাদন বৃদ্ধি নহয়। তাৰ বাবে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগে। যদিহে আমাৰ কৃষকে জীৱাণুসাৰ প্ৰয়োগ কৰে তেন্তে বিঘাই প্ৰতি ৩ কিলোগ্ৰাম ইউৰিয়া আৰু ৩০ কিলোগ্ৰাম ছিংগল ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে। গোটেইখিনি সাৰ মাটি শেষবাৰ চহোৱাৰ আগে আগে প্ৰয়োগ কৰা দৰকাৰ। কোনো কৃষকে যদি ডি এ পি সাৰ ব্যৱহাৰ কৰিব ইচ্ছা কৰে তেনেহ’লে জীৱাণুসাৰ প্ৰয়োগ নকৰি বিঘাই প্ৰতি ১০ কিলোগ্ৰাম ডি এ পি সাৰ প্ৰয়োগ কৰিব পাৰে। এনেক্ষেত্ৰত ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট সাৰ দিব নালাগে।

ওপৰত উল্লেখ কৰা সাৰৰ বাদেও মাটিমাহৰ ক্ষেত্ৰত গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, দৰং, শোণিতপুৰ, উত্তৰ লক্ষীমপুৰ, ধেমাজি আৰু বৰাক উপত্যকাত ২.২ কিলোগ্ৰাম পটাছ সাৰ বিঘাই প্ৰতি ব্যৱসাৰ কৰিব পাৰে। অৱশ্যে এইক্ষেত্ৰত ৰাইজবিয়াম ব্যৱসাৰ কৰিব নালাগে। ইয়াৰ উপৰি মৰিগাঁও আৰু নগাঁও জিলাতো ৩.৩ কিলোগ্ৰাম পটাছ সাৰ ব্যৱহাৰ কৰিব পাৰে। মগুমাহৰ ক্ষেত্ৰতো ৰাইজবিয়াম নিদিয়াকৈ খেতি কৰিলে দৰং, শোণিতপুৰ, উত্তৰ লক্ষীমপুৰ, ধেমাজি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু নামনি অসমত ২.২ কিলোগ্ৰাম পটাছ সাৰ দিব লাগে। মৰিগাওঁ আৰু নগাঁৱৰ বাবে ৩.৩ কিলোগ্ৰাম পটাছ সাৰ ব্যৱহাৰ কৰিব পাৰে।

পৰিচৰ্যাঃ

মগু আৰু মাটিমাহত এবাৰ অপতৃণ নিৰ্মূল কৰাৰ বাদে বিশেষ আৰু পৰিচৰ্যা কৰিব লগা নহয়। অৱশ্যে ৰোগ পোকৰ আক্ৰমণ হ’লে তাৰ প্ৰতিকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখ্য যে এবাৰ মাটিমাহ খেতি কৰাৰ পাছত সেই মাটিত অন্য খেতি যথেষ্ট ভাল হয়।

লগতে পঢ়ক- কঠিয়ানী তলী আৰু খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিডৰাত কেৰেলাৰ খেতি কৰক

English Summary: Cultivation that can be done between August-September
Published on: 25 July 2022, 04:58 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now